কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতি : সত্যকাম দত্ত

অধ্যায় – ১: আভাষ আৰু বিষয়তালিকা

 

থুলমূল আভাষ:

U.P.S.C বা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষা হৈছে কেৱল ভাৰতৰে নহয় সমগ্ৰ পৃথিৱীৰে ভিতৰতে এটি অন্যতম কঠিন পৰীক্ষা। এই পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ অতি কম। প্ৰায় ৫,০০,০০০ পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাৰ বাবে আবেদন কৰে যদিও কেৱল ১০০০ জনমানেহে সফল ভাৱে উত্তীৰ্ণ হৈ নিযুক্তি লাভ কৰে। এজন পৰীক্ষাৰ্থীৰ বিভিন্ন বিষয়বস্তুৰ ওপৰত থকা জ্ঞানৰ বিশ্লেষণৰ উপৰিও এই পৰীক্ষাই তেঁওৰ ব্যক্তিত্বৰো বিভিন্ন দিশৰ পুংখানুপুংখ আৰু বস্তুনিষ্ট ভাৱে নিৰীক্ষন কৰে। সেয়ে এই পৰীক্ষাটিত উত্তীৰ্ণ হোৱাৰ বাবে কৰা প্ৰস্তুতিৰ সময়ত এজন পৰীক্ষাৰ্থীৰ বাবে তেওঁৰ জ্ঞানৰ তথা ব্যক্তিত্বৰ সৰ্বাঙ্গীন উন্নতি সাধন কৰাটো অন্যতম মূল লক্ষ্য হ’ব লাগিব। এইলানি লেখাৰ মাজেৰে আমি এই পৰীক্ষাৰ লগত জড়িত বিভিন্ন ধৰণৰ কি, কেনেকৈ, ক’ত, কেনেকুৱা আদি প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আমি আশা কৰোঁ যে এনে ধৰণৰ আলোচনাৰ মাজেৰে আমি উঠি অহা যুৱচামৰ মাজত এই অসামৰিক সেৱাৰ পৰীক্ষাৰ বিষয়ে সচেতনতা আনিবলৈ সক্ষম হম। লগতে কামনা কৰিম তেওঁলোকৰ মনত যেন ইয়াৰ প্ৰতি আকৰ্ষনৰ বীজ ৰোপন হয়।
অৰ্হতা:

এই পৰীক্ষাৰ সবাতোকৈ আকৰ্ষণীয় দিশ এয়ে যে যিকোনো এজন স্নাতকে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে।
ইয়াৰ উপৰিও এই পৰীক্ষাৰ বাবে থকা আন অৰ্হতা/নিয়ম সমূহ হৈছে:
১) সাধাৰণ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে বয়সৰ ঊৰ্দ্ধসীমা ৩০ বছৰ আৰু ৪টা সুযোগ
২) অন্যান্য পিছপৰা পৰীক্ষাৰ্থীৰ শ্ৰেণীৰ বাবে বয়সৰ ঊৰ্দ্ধসীমা ৩৩ বছৰ আৰু ৭টা সুযোগ
৩) অনুসুচিত জাতি আৰু জনজাতিৰ পৰীক্ষাৰ্থীৰ বাবে বয়সৰ ঊৰ্দ্ধসীমা ৩৫ বছৰ আৰু সুযোগৰ কোনো ঊৰ্দ্ধসীমা নাই
পৰীক্ষাৰ পৰ্য্যায় সমূহ:

এই পৰীক্ষা তিনিটা পৰ্য্যায়/স্তৰত অনুষ্ঠিত হয় -প্ৰাৰম্ভিক পৰীক্ষা, মূল লিখিত পৰীক্ষা আৰু মৌখিক পৰীক্ষা। ইয়াৰ ম্যাদ তলত দিয়াৰ ধৰণে প্ৰায় এক বছৰমান হয় –
১) প্ৰাৰম্ভিক পৰীক্ষা – অনুষ্ঠিত হয় মে/জুনত
২) প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল – ঘোষণা হয় জুলাইৰ শেষ অথবা আগষ্টৰ আৰম্ভনিত
৩) মূল পৰীক্ষা – অনুষ্ঠিত হয় নৱেম্বৰ/ডিচেম্বৰত
৪) মূল পৰীক্ষাৰ ফলাফল – ঘোষণা হয় ফেব্ৰুৱাৰি/মাৰ্চত
৫) মৌখিক পৰীক্ষা – অনুষ্ঠিত হয় মাৰ্চ/এপ্ৰিলত
৬) মৌখিক পৰীক্ষাৰ ফলাফল – ঘোষণা হয় মে’ত
সেয়ে ক’ব পাৰি যে এই পৰীক্ষাৰ প্ৰস্তুতি পৰ্ব অতি দীৰ্ঘম্যাদী আৰু সেইবাবেই এই প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় ধৈৰ্য্য আন প্ৰতিযোগিতামূলক পৰীক্ষাৰ তুলনাত অধিক।
প্ৰথমেই আমি এই পৰীক্ষাৰ প্ৰাৰম্ভিক স্তৰৰ বিষয়তালিকাখন আগবঢ়াবলৈ যত্ন কৰিছোঁ। মে/জুনত অনুষ্ঠিত হোৱা প্ৰাৰম্ভিক পৰীক্ষাৰ কাকত হৈছে দুখন –
১) কাকত ১ – সাধাৰণ অধ্যয়নৰ পৰীক্ষা (২০০ নম্বৰ)
২) কাকত ২ – অসামৰিক সেৱা দক্ষতা নিৰ্ধাৰক পৰীক্ষা (২০০ নম্বৰ)
মুঠ ৪০০ নম্বৰৰ বাবে হোৱা এই পৰীক্ষাত উত্তীৰ্ণ হ’লেহে পৰীক্ষাৰ্থীয়ে পৰৱৰ্তী পৰ্য্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অৰ্হতা লাভ কৰে। যোৱা দুবছৰৰ ফলাফলৰ পৰ্যালোচনাৰ পৰা দেখা গৈছে যে ৪০০ নম্বৰৰ ভিতৰত ২২০-২৩০ মান নম্বৰ লাভ কৰিলে পৰীক্ষাৰ্থীৰ পৰৱৰ্তী পৰ্য্যায়লৈ উন্নীত হোৱা সম্ভাৱনা অধিক।
কাকত ১ – সাধাৰণ অধ্যয়নৰ পৰীক্ষা (২০০ নম্বৰ)

সাধাৰণ অধ্যয়নৰ পৰীক্ষাৰ বাবে কেন্দ্ৰীয় লোকসেৱা আয়োগে নিৰ্ধাৰণ কৰি দিয়া বিষয়তালিকাখন হৈছে এনেধৰণৰ –
১) সমসাময়িক দেশীয় তথা বিদেশী ঘটনাৰাজি
২) ভাৰতৰ বুৰঞ্জী আৰু স্বাধীনতা আন্দোলন
৩) ভাৰত তথা বিশ্বৰ ভূগোল – ভৌতিক, সামাজিক, অৰ্থনৈতিক
৪) ভাৰতীয় ৰাষ্ট্ৰব্যৱস্থা আৰু শাসনব্যৱস্থা – সংবিধান, ৰাজনৈতিক ব্যৱস্থা, পঞ্চায়তী ৰাজ, জননীতি, অধিকাৰ ব্যৱস্থা ইত্যাদি
৫) অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন – বহনক্ষম উন্নয়ন, দৰিদ্ৰতা, অন্তৰ্ভূক্তিকৰণ, জনসংখ্যা বিজ্ঞান, সামাজিক খণ্ডৰ অধ্যয়ন ইত্যাদি
৬) পৰিবেশ বিজ্ঞান, জৈৱিক বৈচিত্ৰ, জলবায়ু পৰিৱৰ্তন ইত্যাদিৰ সাধাৰণ অধ্যয়ন
৭) সাধাৰণ বিজ্ঞান
কাকত ২ – অসামৰিক সেৱা দক্ষতা নিৰ্ধাৰক পৰীক্ষা (২০০ নম্বৰ)

অসামৰিক সেৱা দক্ষতা নিৰ্ধাৰক পৰীক্ষাৰ বাবে কেন্দ্ৰীয় লোকসেৱা আয়োগে নিৰ্ধাৰণ কৰি দিয়া বিষয়তালিকাখন হৈছে এনেধৰণৰ –
১) ইংৰাজীত লিখা টোকাৰ তলত দিয়া টোকাভিত্তিক প্ৰশ্ন
২) আন্তঃব্যক্তি সম্পৰ্ক তথা সংযোগ সম্পৰ্কৰ কলা
৩) যুক্তিবিজ্ঞান, যুক্তিনিৰ্মাণ, পৰ্য্যবেক্ষন আদিৰ সামৰ্থ্য
৪) সিদ্ধান্ত লোৱা তথা সমস্যা সমাধানৰ পাৰদৰ্শিতা
৫) সাধাৰণ মানসিক ক্ষমতা
৬) সাধাৰণ গণিত (১০ম শ্ৰেনীৰ সমপৰ্য্যায়ৰ)
৭) ইংৰাজী ভাষাৰ জ্ঞান (১০ম শ্ৰেনীৰ সমপৰ্য্যায়ৰ)
যোৱা দুবছৰৰ পৰীক্ষাৰ পৰা দেখা গৈছে যে ২য় কাকতত পৰীক্ষাৰ্থীয়ে ১ম কাকততকৈ অধিক নম্বৰ লাভ কৰে। ইয়াৰ কাৰণ এয়ে যে ২য় কাকতৰ গণিত আৰু ইংৰাজীৰ প্ৰশ্নসমূহ ১০ম শ্ৰেনীৰ সমপৰ্য্যায়ৰ বাবে তুলনামূলকভাৱে ১ম কাকতৰ প্ৰশ্নসমূহতকৈ সহজ। এই পৰীক্ষাৰ ফলাফল সাধাৰণতে দুমাহমানৰ ভিতৰতে ঘোষণা হয়। সেয়ে এই দুমাহ সময়ছোৱা ভালদৰে পঢ়া শুনা কৰি থকাটো অতিকৈ জৰুৰি। প্ৰাৰম্ভিক পৰীক্ষা আৰু মূল লিখিত পৰীক্ষাৰ মাজত প্ৰায় ৫-৬ মাহ মান পোৱা যায়। বহুতে প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল লাভ কৰিহে মূল পৰীক্ষাৰ বাবে পঢ়িম বুলি ভাবি ফলাফলৰ বাবে ৰৈ থাকে আৰু তেনেকৈয়ে ভালেমান বহুমূলীয়া সময় হেৰোৱায় আৰু পাছত অনুশোচনা কৰিব লগীয়া হয়। তেনে ভুল নকৰি প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হৈয়ে লগে লগে মূল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাটো যুগুত।
প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণহৈ পৰীক্ষাৰ্থী মূল পৰীক্ষাত অৱতীৰ্ণ হয়। মূল পৰীক্ষা দুই পৰ্য্যায়ত অনুষ্ঠিত কৰা হয় – লিখিত আৰু মৌখিক। সাধাৰণতে অক্টোবৰ/নৱেম্বৰত অনুষ্ঠিত হোৱা মূল লিখিত পৰীক্ষাৰ কাকত কেইখনৰ বিষয়তালিকা হৈছে –
১) ৰচনা – পৰীক্ষাৰ্থী সকলে কাকতত দিয়া যিকোনো এটা বিষয়ত এখন ৰচনা লিখিব লাগিব (২৫০ নম্বৰ)
২) ইংৰাজী (৩০০ নম্বৰ, কেৱল ন্যুনতম অৰ্হতা নিৰিক্ষণৰ বাবে, প্ৰাপ্ত নম্বৰ ফলাফলৰ বাবে যোগ কৰা নহয়)
৩) সাংবিধানিক মৰ্যদাপ্ৰাপত আন যিকোনো এটি ভাষা (৩০০ নম্বৰ, কেৱল ন্যুনতম অৰ্হতা নিৰিক্ষণৰ বাবে, প্ৰাপ্ত নম্বৰ ফলাফলৰ বাবে যোগ কৰা নহয়)
৪) সাধাৰণ অধ্যয়ন কাকত – ১ – ভাৰতীয় কলা-সংস্কৃতি, বুৰঞ্জী আৰু ভাৰত তথা বিশ্বৰ ভূগোল, ভাৰতীয় সমাজব্যৱস্থা (২৫০ নম্বৰ)
৫) সাধাৰণ অধ্যয়ন কাকত – ২ – ভাৰতীয় সংবিধান, ৰাষ্ট্ৰব্যৱস্থা, সামাজিক ন্যায়ব্যৱস্থা আৰু অন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক (২৫০ নম্বৰ)
৬) সাধাৰণ অধ্যয়ন কাকত – ৩ – বিজ্ঞান, প্ৰযুক্তিবিদ্যা, অৰ্থনৈতিক প্ৰগতি, জৈৱিক বৈচিত্ৰ, ৰক্ষা আৰু দুৰ্যোগ প্ৰবন্ধন
৭) সাধাৰণ অধ্যয়ন কাকত – ৪ – নৈতিকতা, মূল্যবোধ, সিদ্ধান্ত লোৱা তথা সমস্যা সমাধানৰ পাৰদৰ্শিতা (২৫০ নম্বৰ)
৮) ঐচ্চিক কাকত – ১ (২৫০ নম্বৰ) [কেন্দ্ৰীয় লোকসেৱা আয়োগে বিভিন্ন স্নাতক পাঠ্যক্ৰমৰ স্তৰৰ বিষয়ৰ এক তালিকা প্ৰস্তুত কৰি ৰাখিছে। সেই তালিকাৰ পৰা যিকোনো এটি বিষয়ক ঐচ্চিক বিষয় হিচাপে লৈ এই পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। ঐচ্চিক বিষয়ৰ কাকত দুখন আৰু উভয়ৰে নম্বৰ ২৫০ কৈ।]
৯) ঐচ্চিক কাকত – ২ (২৫০ নম্বৰ)
মুঠ লিখিত পৰীক্ষাৰ নম্বৰ হয় – ১৭৫০
মাৰ্চ/এপ্ৰিলত অনুষ্ঠিত হোৱা মৌখিক পৰীক্ষাৰ নম্বৰ হয় ২৭৫।
এতেকে মূল পৰীক্ষাৰ (লিখিত + মৌখিক) সৰ্বমুঠ নম্বৰ হয় – ২০২৫
ওপৰৰ তালিকাৰ নং ১ৰ পৰা ৯লৈকে পৰীক্ষা নৱেম্বৰ/ডিচেম্বৰ মাহত অনুষ্ঠিত কৰা হয়। এই পৰীক্ষাৰ ফলাফলৰ আধাৰত মৌখিক পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থী সকল নিৰ্বাচিত হয়। প্ৰায় ১২৫০০ জন পৰীক্ষাৰ্থী লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰিতে প্ৰায় ২৫০০ জন পৰীক্ষাৰ্থী প্ৰায় ১০০০ পদৰ বিপক্ষে মৌখিক পৰীক্ষাৰ বাবে উত্তীৰ্ণ হয়। এই ২৫০০ জন পৰীক্ষাৰ্থীৰ মূল পৰীক্ষাৰ লিখিত আৰু মৌখিক পৰীক্ষাৰ মুঠ ২০২৫ নম্বৰৰ ভিতৰত লাভ কৰা নম্বৰৰ ভিত্তিত আৰু বিভিন্ন শ্ৰেণীৰ বাবে থকা আৰক্ষণৰ ভিত্তিত চৰকাৰী অধিসূচনামতে নিৰ্ধাৰণ কৰা প্ৰায় ১০০০টা পদৰ বাবে এখন তালিকা প্ৰস্তুত কৰা হয়। এই তালিকাখনেই হৈছে সমগ্ৰ ভাৰতবৰ্ষই অতি উত্কন্ঠাৰে ৰৈ থকা সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ তালিকা।
(অহা অধ্যায়ত: প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰস্তুতি)
(যোৱা কিছুদিন ধৰি সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বিষয়ে বিশদভাৱে লিখিম বুলি মনতে পাঙি আছিলোঁ। আজি বহু সাহস গোটাই আগবাঢ়োঁ বুলি ভাবিছোঁ। অ’ত ত’ত দুই এটা ভুল হ’ব বুলি শংকা আছে যদিও ৰাইজে যেন তাক আওকান কৰি বিষয়বস্তুৰ উপস্থাপনত গুৰুত্ব দিয়ে, তাকে কামনা কৰিলোঁ। বিতংভাৱে লিখিম বুলি লৈছোঁ যেতিয়া অলপ অলপকৈহে আ

 

One thought on “কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতি : সত্যকাম দত্ত

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!