কেপ্‌চিকামৰ সৈতে গৰুৰ মাংস (কৌশিক দাস)

কি কি লাগিব?

১. হাড় নোহোৱা গো-মাংস (৩০০ গ্ৰাম) ২. কেপ্‌চিকাম (১৫০ গ্ৰাম), দীঘল দীঘলকৈ কাটি ল’ব। ৩. ডাঙৰ-ডাঙৰ পিঁয়াজ (২০০ গ্ৰাম) ৪. আদা (২ ইঞ্চি) ৫. নহৰু (১৫ ফুটা) ৬. তেজপাত (ডাঙৰ, ৩খন) ৭. জালুক (সৰু চামুচেৰে এচামুচ) ৮. গুড়ি জিৰা (সৰু চামুচেৰে এচামুচ) ৯. গুড়ি ধনীয়া (সৰু চামুচেৰে এচামুচ) ১০. মিঠাতেল (ডাঙৰ চামুচেৰে ২ চামুচ) ১১. নিমখ (আণ্ডাজ মতে) ১২. আলু (ডাঙৰ, ৩টা), ডাঙৰ ডাঙৰকৈ কাটি ল’ব। ১৩. পকা জলকীয়া (২টা) ১৪. ধনীয়া পাত (এমুঠি)

কি কি কৰিব?

১. ৫ লিটাৰৰ কুকাৰত মিঠাতেলখিনি তপতাই, আধাখিনি পিঁয়াজ তাত দি দিয়ক। ২. তেজপাত, জালুক, গুড়ি জিৰা, গুড়ি ধনীয়া আৰু নিমখ যোগ দিয়ক। আদা-নহৰু (বটি থোৱা)-খিনিও দিয়ক। ৩. এবাৰ ভালদৰে লৰাই মাংসখিনি ঢালি দিয়ক। ৫. তাপ কমাই দি ৫ মিনিট লৰাই লৰাই ভাজক। ৬. কুকাৰৰ ঢাকোন মাৰি দিয়ক। ৭. হুইচেল মাৰোঁ মাৰোঁ হওঁতেই, সাৱধানে কুকাৰটো খুলি দিয়ক। ৮. দেখিব, মিশ্ৰণখিনিত অলপ পানী আছে। পানীখিনি কম তাপত শুকুৱাই পেলাওক। ৮. বাকী থকা পিঁয়াজখিনিৰ সৈতে কেপ্‌চিকাম, আলু আৰু পকা জলকীয়া কুকাৰত দিয়ক। ৯. তাপ অলপ বঢ়াই দি ১০মিনিট লৰাই লৰাই ভাজক। ১০. ধনীয়া মুঠি (সৰু কৈ নেকাটিব) যোগ দিয়ক, এবাৰ লৰাই ৩ কাপ উতলা পানী ঢালি দিয়ক (ঠাণ্ডা পানী ভুলতো নিদিব)। ১১. ৫ মিনিট তাপ সম্পূৰ্ণ বঢ়াই দি উতলাওক। ১২. ঢাকোন বন্ধ কৰি তাপ কমাই দিয়ক। ১৩. ২টা হুইচেল মৰাৰ পাছত নমাই আনক।

 

————————————————————-
সাহিত্য.অৰ্গৰ “খাদ্য-বিশেষ” সংখ্যাৰ লগত সংগতি ৰাখি নিজৰ স্বাস্থ্য সুৰক্ষাৰ লগতে তথা দেশৰ আইন-কানুন ভংগ নহ’বলৈ তলৰ কথা কেইষাৰ বিধিসন্মত সতৰ্কীকৰণ হিচাপে অনুগ্ৰহ কৰি মন কৰিব।

ছাগলী কিনোঁতে খাদ্য-পৰিদৰ্শকৰ মোহৰ মৰা আছে নে চাই ল’ব। গাহৰি কিনোঁতেও একেদৰে খাদ্য-পৰিদৰ্শকৰ মোহৰ চোৱাটো আৱশ্যক। লগতে বয়সটোও। লাইচেন্স নথকা দোকানৰপৰা গৰু-গাহৰি-ছাগলী-মূৰ্গী একো নিকিনিব। সুৰা আদি পিবলৈ হ’লে সদায় “ড্ৰিংকিং লাইচেন্স” লগত ৰাখিবলৈ নাপাহৰিব। দোকানৰ পৰা ৰিচিপি ৰান্ধিবলৈ কিনা যিকোনো বস্তুৰ বাবেই কেশ্ব-মেমো বিচাৰিব। ইয়াৰ অন্যথা আপুনি কোনো ৰিচিপিৰ বাবে বস্তু যোগাৰ কৰোঁতেই  বিভিন্ন আইন ভংগ কৰা হয়, সেয়ে সম্পাদকৰ ফালৰপৰা এই বিধিসন্মত সতৰ্কীকৰণ যোগ কৰি দিয়া হ’ল। এই ৰিচিপিবোৰ চেষ্টা কৰিবলৈ গৈ কোনো ব্যক্তি আইনমতে দোষী সাব্যস্ত হ’লে তাৰ বাবে সাহিত্য.অৰ্গক দায়বদ্ধ কৰিব নোৱাৰিব।
—————————————————————

One thought on “কেপ্‌চিকামৰ সৈতে গৰুৰ মাংস (কৌশিক দাস)

  • January 18, 2014 at 12:44 am
    Permalink

    বহু সংকীর্ণতাবাদীৰ কথাত নগৈ সম্পাদকে এই লেখা প্রকাশ কৰাৰ যে সাহসী উদ্যোগ ল’লে তাৰ বাবে ধন্যবাদ!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!