কোনে জানে !-মনোজ মন কলিতা

কোনে জানে !
-মনোজ মন কলিতা
 
 
কোনে জানে !
ৰঙাকৈ গুটি ফুলৰ গামোছা কালৈ বৈচা !
হাতে হাতে জেতুকা, কঁকালত কলহ
বৰ্হমথুৰিৰে বুলাইছা পিটুকলি ওঁঠ ,
বহাগতে উৰি যাম তোমাৰ কাষলৈ জানোচা !
পানী অনা ঘাটত লগ হোৱাৰ সপোন ৰঁচিচা !
ঐ লাহৰি বুকুৰ মৰম কালৈ সাঁচিচা !
 

বুকুৰে মেথনি টানেকৈ বান্ধিবা,
চেং, কাৱৈ যি পোৱা গোটাবা,
জুহালৰ জুঁইকুৰাত মৰম ঢালি দিবা,
বঙহৰ দেউ আহিব জানি
চেলেং-চুৰীয়া ৰ’দত মেলি দিবা |
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!