ক্ষুধাতুৰ হোৱা, অবোধ হোৱা (দীপাংকৰ মল্ল বৰুৱা)

বিশ্বত কম্পিউটাৰ জগতত এটা অতি পৰিচিত নাম হ’ল এপল (Apple)৷ কম্পিউটাৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰীৰ উত্পাদন আৰু বিপণনত বিশ্বৰ বজাৰত এপলৰ এক বিশিষ্ট স্থান আছে৷ ষ্টিভ জবছ নামৰ ব্যক্তিজনে মাত্ৰ এজন সহযোগীৰ সহায়ত কুৰি বছৰ বয়সতে গেৰেজ এটাত এই কোম্পানীটো আৰম্ভ কৰিছিল৷ অতি সাধাৰণ পৰিয়ালৰ পৰা অহা, আৰ্থিক অৱস্থাৰ বাবে কলেজীয়া শিক্ষা আধৰুৱাকৈ এৰিব লগীয়া হোৱা ষ্টিভ জবছে পাছলৈ কেইবাটাও বিশ্ব বিখ্যাত কোম্পানী গঢ়ি তুলিবলৈ সক্ষম হৈছিল৷ জীৱনজোৰা সংগ্ৰাম আৰু অধ্যৱসায়ৰ জ্বলন্ত উদাহৰণ আছিল ষ্টিভ৷ নিজৰ অফুৰন্ত কৰ্মোদ্যম আৰু মানসিক শক্তিৰে এসময়ৰ সৰ্বহাৰা ষ্টিভ জবছ পিছলৈ বিশ্বৰ কম্পিউটাৰ সাম্ৰাজ্যৰ মুকুটবিহীন সম্ৰাটস্বৰূপ হৈ পৰিছিল৷ ষ্টিভ জবছৰ জীৱন কাহিনীও ৰূপকথাৰ দৰে আকৰ্ষণীয়৷ সকলো হেৰুৱাই সৰ্বশ্ৰান্ত হোৱাৰ পৰা দোপত দোপে আগুৱাই গৈ নিজকে বিশ্ব শ্ৰেষ্ঠ ৰূপত প্ৰতিষ্ঠা কৰাৰ এক আশ্চৰ্যকৰ, অবিস্মৰণীয় কাহিনী৷

২০০৫ চনত ষ্টিভ জবছক বিখ্যাত ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ত ডিগ্ৰী প্ৰদান সমাৰোহত মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছিল৷ সেই সভাতেই তৰুণ প্ৰজন্মক উদ্দেশ্যি ষ্টিভে দিয়া ভাষণটোৱে বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছিল৷ এই ভাষণটো সৰ্বকালৰ শ্ৰেষ্ঠ ‘মটিভেচনেল স্পিচ’ বা উদ্দীপক ভাষণসমূহৰ অন্যতম হিচাপে অভিহিত হৈছে৷ এই ভাষণটোৰে পূৰ্ণ পাঠৰ অসমীয়া ৰূপান্তৰ তলত আগবঢ়োৱা হ’ল৷ ষ্টিভে ছাত্ৰ ছাত্ৰী সকলক সম্বোধি দিয়া এই ভাষণটোৱে বহুতকে নিশ্চয়কৈ জীৱনৰ কেইটামান গভীৰ সত্যৰ লগত পৰিচিত কৰিব৷

ষ্টিভ জবছে কৈছিল –

আজি বিশ্বৰ এখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ত তোমালোকৰ সান্নিধ্য লাভ কৰিবলৈ পাই মই অতি সুখী হৈছোঁ৷ মই কেতিয়াও কোনো বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা নাছিলো৷ ডিগ্ৰী প্ৰদান অনুষ্ঠানৰো কোনো অভিজ্ঞতা মোৰ নাই৷ সত্য কথা ক’বলৈ গ’লে, বিশ্ববিদ্যালয়ৰ ডিগ্ৰী প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব পৰাটোৱেই মোৰ বাবে পৰম সৌভাগ্যৰ কথা৷ মই আজি তোমালোকক মোৰ জীৱনৰ মাত্ৰ তিনিটা কাহিনী ক’ম৷ বেছি দীঘলীয়া নকৰোঁ, মাথোন তিনিটা কাহিনী ক’ম৷

প্ৰথম কাহিনীটো হ’ল বিন্দু কিছুমান সংযোজিত কৰাৰ কাহিনী৷ মই ৰীড কলেজত অধ্যয়ন কৰিছিলোঁ৷ কিন্তু মাত্ৰ ছমাহ অধ্যয়ন কৰাৰ পিছতে মই নিয়মিত শ্ৰেণী সমূহত উপস্থিত থাকিবলৈ এৰি দিছিলো৷ তেনেকৈয়ে আৰু ১৮ মাহ কলেজত কটোৱাৰ পিছত মই মোৰ পঢ়া শুনাৰ সামৰণি মাৰিছিলো৷ তোমালোকৰ মনত চাগে প্ৰশ্ন উঠিছে, মই কিয় পঢ়া শুনা বাদ দিছিলো?

এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিবলৈ হ’লে মোৰ জন্মৰ সময়লৈকে যাব লাগিব৷ মোৰ জন্মদাত্ৰী মা আছিল এগৰাকী অবিবাহিতা মহিলা৷ তেওঁ আছিল শিক্ষিতা, কলেজ উত্তীৰ্ণ৷ মোৰ জন্মৰ পিছত তেখেতৰ মোক প্ৰতিপালন কৰাৰ সামৰ্থ নাছিল৷ সেয়েহে তেওঁ মোক তুলি ল’ব বিচৰা পিতৃ মাতৃ বিচাৰি এনে ব্যৱস্থা কৰি দিয়া সংস্থা এটাত আবেদন কৰিছিল৷ তেওঁৰ মাত্ৰ এটাই চৰ্ত আছিল যে মোক তুলি ল’ব বিচৰা মানুহহাল শিক্ষিত আৰু কলেজৰ ডিগ্ৰীধাৰী হ’ব লাগিব৷ তেওঁৰ এই চৰ্ত পূৰণ কৰি প্ৰথমতে এক আইনজীৱি দম্পতীয়ে মোক তুলি ল’বলৈ আগবাঢ়ি আহিছিল৷ কিন্তু শেষ মুহূৰ্তত মোৰ সলনি তেওঁলোকে ছোৱালী এজনী তুলি ল’বলৈ ঠিক কৰিলে৷ সেয়েহে সংস্থাটোৱে ততাতৈয়াকৈ অপেক্ষাৰ শাৰীত থকা আন এক দম্পতীক মাতি পঠিয়ালে৷ এই দম্পতীয়ে মোক তুলি ল’বলৈ আগ্ৰহ প্ৰকাশ কৰিলে৷ কিন্তু মোৰ জন্মদাত্ৰী মাতৃয়ে যেতিয়া জানিব পাৰিলে যে এই দম্পতীৰ এজনো কলেজৰ ডিগ্ৰীধাৰী নহয়, তেওঁ চুক্তিপত্ৰত চহী কৰিবলৈ অস্বীকাৰ কৰিলে৷ কিন্তু তেখেতসকলে তেওঁক এইবুলি কৈ তেওঁক সৈমান কৰিলে যে, তেওঁলোকে মোক পঢ়িবলৈ কলেজলৈ পঠিয়াব৷

১৭ বছৰ পিছত মই সঁচাকৈয়ে কলেজত পঢ়িবলৈ পালো৷ কিন্তু মই যিখন কলেজত নাম লগালো সেইখন অতি ব্যয়বহুল কলেজ আছিল৷ ছমাহ পঢ়াৰ পিছতে মই অনুভৱ কৰিলো যে মোক পালন কৰি ডাঙৰ দীঘল কৰা পিতৃ মাতৃৰ জীৱনৰ সমস্ত সঞ্চয়ৰ এক বৃহৎ অংশ মোৰ পঢ়া শুনাৰ বাবে খৰচ হ’বলৈ লৈছে৷ মই বুজিব পাৰিলো যে এইদৰে খৰচ হৈ থাকিলে সোনকালেই মোৰ পিতৃ মাতৃ সৰ্বশ্ৰান্ত হ’ব লাগিব৷ সেই সময়ত মই মোৰ জীৱনৰ লক্ষ্য থিৰাং কৰিব পৰা নাছিলো৷ কলেজৰ পঢ়া শুনাই মোৰ জীৱনৰ লক্ষ্য নিৰ্ধাৰণত কেনেদৰে সহায় কৰিব এই বিষয়েও মোৰ কোনো ধাৰণা নাছিল৷ তেতিয়াই মই সিদ্ধান্ত ল’লো যে মই কলেজৰ পঢ়া শুনা বাদ দিম আৰু নিজৰ জীৱনৰ পথ নিজেই নিৰ্ণয় কৰিম৷ সেই সিদ্ধান্ত মোৰ বাবে সহজ নাছিল, এক অনিশ্চিত ভৱিষ্যতৰ কথা ভাবি মই শংকিত হৈছিলো৷ কিন্তু আজি ইমান বছৰ পিছত মই যদি মোৰ জীৱনটোলৈ উভতি চাওঁ, মই অনুভৱ কৰো যে কলেজ এৰাটো মোৰ জীৱনৰ এটা সঠিক সিদ্ধান্ত আছিল৷
কলেজ একেবাৰে বাদ দিয়াৰ আগতে মই বেয়া পোৱা বিষয়বোৰৰ ক্লাছ কৰিবলৈ বাদ দি মই ভাল পোৱা বিষয়বোৰৰ ক্লাছত উপস্থিত থাকিবলৈ ল’লো৷ তেতিয়ালৈ মোৰ জীৱনযাপন সহজ হৈ থকা নাছিল৷ নিয়মিত শ্ৰেণী সমূহত উপস্থিত নথকাৰ বাবে মই ছাত্ৰাবাসত থকাৰ যোগ্যতা হেৰুৱাইছিলো৷ মই মোৰ বন্ধুবোৰৰ কোঠাৰ মজিয়াত শুইছিলো৷ নিজৰ খৰচ উলিয়াবলৈ আনে খোৱা ক’কৰ বটল সংগ্ৰহ কৰি ওভতাই দিয়া কাম কৰিছিলো৷ বটলে প্ৰতি পাঁচ চেণ্টকৈ পাইছিলো আৰু সেই পইছাৰে মই কোনোমতে নাখাই নমৰাকৈ জীয়াই আছিলো৷ প্ৰতি দেওবাৰে ৰাতি সাত মাইল বাট খোজকাঢ়ি হৰে-কৃষ্ণ মন্দিৰলৈ গৈছিলো আৰু সেই মন্দিৰত সপ্তাহত এদিন বিনামূলীয়াকৈ বিতৰণ কৰা আহাৰ পেট ভৰাই খাইছিলো৷ মোৰ বাবে সেই দিনটো আটাইতকৈ আনন্দৰ দিন আছিল৷ জীৱনৰ এই কষ্টৰ দিন কেইটাত মই কিছুমান মূল্যবাদ সম্পদ আহৰণ কৰিছিলো, যিবোৰ পিছৰ জীৱনত মোৰ বাবে অতি আপুৰুগীয়া বুলি প্ৰমাণিত হৈছিল৷ মই এটা উদাহৰণ দিব বিচাৰিছো৷

ৰীড কলেজত সেই সময়ত ধুনীয়াকৈ হাতৰ আখৰ লিখাৰ (Calligraphy) প্ৰশিক্ষণ দিয়া হৈছিল৷ কলেজৰ নিয়মিত শ্ৰেণীবোৰ বাদ দিয়াৰ পিচত মোৰ হাতত আছিল অফুৰন্ত সময়৷ সেয়েহে মই হাতৰ আখৰ লিখাৰ প্ৰশিক্ষণটোত যোগদান কৰিলো৷ আখৰ লিখাৰ বিভিন্ন প্ৰকাৰ, প্ৰতিটো আখৰৰ মাজত থাকিবলগীয়া ব্যৱধান, টাইপ কৰা আখৰ ধুনীয়া দেখিবলৈ হ’লে কেনে হোৱা উচিত আদি অগতানুগতিক কথাবোৰ শিকিছিলো, যিবোৰৰ সেই সময়ত মোৰ জীৱনত কোনো ব্যৱহাৰিক প্ৰয়োগ নাছিল৷ কিন্তু দহ বছৰ পিছত মই যেতিয়া মেকিনটছ (Macintosh) কম্পিউটাৰ নিৰ্মাণ কৰি আছিলো, আখৰৰ এই জ্ঞানেই মোৰ বাবে বৰদান স্বৰূপ হৈ পৰিল৷ মেকিনটছৰ বাবে মই টাইপ কৰিলে দেখিবলৈ ধুনীয়া হোৱা ইংৰাজী বৰ্ণমালাৰ নতুন প্ৰকাৰৰ আখৰৰ (font) উদ্ভাৱন কৰিলো, যিটোৱে মেকিনটছ কম্পিউটাৰক বিশেষত্ব প্ৰদান কৰিছিল৷ পিছত ৱিনণ্ডোজে (Windows) মেকিনটছৰ পৰা এই আখৰ (font) নকল কৰিলে৷ মোৰ সেই আখৰ লিখাৰ প্ৰশিক্ষণটো নোহোৱা হ’লে হয়তো কম্পিউটাৰত ধুনীয়া আখৰ লিখাৰ উপায় উলিয়াবলৈ বহুত সময় লাগিলহেঁতেন৷

পিছৰ জীৱনত মই উপলব্ধি কৰিছিলো যে মোৰ জীৱনত আগতে ঘটা ঘটনা কিছুমান সংযোজিত হ’বলৈ লৈছিল৷ জীৱনত বিন্দু কিছুমান সংযোজিত হৈ আহিছিল৷ এই বিন্দুবোৰৰ সংযোজনৰ কথা আগতিয়াকৈ গম পোৱাটো অসম্ভৱ৷ কিন্তু মই মোৰ অভিজ্ঞতাৰ পৰা কৈছো, তোমালোকে মনত বিশ্বাস ৰাখিবা যে এই বিন্দুবোৰ এদিন নহয় এদিন সংযোজিত হ’বই৷ আমি আমাৰ জীৱনত কৰা প্ৰতিটো কাৰ্যই আমাৰ ভৱিষ্যত নিৰ্মাণ কৰে৷ ইয়াক তোমালোকে ভাগ্য বুলিব পাৰা, বা কৰ্মফল বুলিব পাৰা৷ জীৱনৰ প্ৰতি মোৰ এই দৃষ্টিভংগীয়ে মোক সদায় সহায় কৰিছে৷ তোমালোককো কৰিব৷

মোৰ জীৱনৰ দ্বিতীয় কাহিনীটো হৈছে প্ৰেম আৰু বিষাদৰ কাহিনী৷

মই কিছুমান ক্ষেত্ৰত খুব ভাগ্যশালী আছিলো৷ জীৱনত মই কি কৰি ভাল পাওঁ সেই কথা মই কম বয়সতে জানিব পাৰিছিলো৷ মই এপল কম্পিউটাৰ আৰম্ভ কৰিছিলোঁ মোৰ পিতৃ মাতৃৰ গেৰেজত৷ তেতিয়া মোৰ বয়স আছিল মুঠেই কুৰি বছৰ৷ মাত্ৰ দুজন মানুহেৰে আৰম্ভ কৰা এপল দহ বছৰত এটা ২ নিযুত ডলাৰ মূল্যৰ আৰু ৪০০০ কৰ্মচাৰীয়ে কাম কৰা কোম্পানী হৈ পৰিছিল৷ মোৰ বয়স ৩০ বছৰ হোৱাৰ আগে আগে আমি এপলত মেকিনটছ কম্পিউটাৰ নিৰ্মাণ কৰি উলিয়াইছিলো৷ যিটো সেই সময়ত সৰ্বোকৃষ্ট কম্পিউটাৰ আছিল৷ কিন্তু দুখৰ কথা যে মেকিনটছ নিৰ্মাণ কৰি উলিওৱাৰ এবছৰ পিছতে মোক এপল কোম্পানীৰ পৰা উলিয়াই দিয়া হৈছিল৷

তোমালোক চাগে আচৰিত হ’বা, মই নিজে আৰম্ভ কৰা কোম্পানীটোৰ পৰা মোক কেনেকৈ উলিয়াই দিব পাৰে৷ বৰ্তমানৰ কৰ্প’ৰেট বিশ্বত সকলো সম্ভৱ৷ আমি এপলত এজন অতি প্ৰতিভাশালী ব্যক্তিক নিয়োগ কৰিছিলোঁ যিজনৰ সহায়ত মই কোম্পানীটো চলোৱাত সুবিধা হ’ব বুলি ভাবিছিলো৷ প্ৰথমতে সকলো ঠিকেই আছিল৷ কিন্তু পিছলৈ আমাৰ মাজত মতানৈক্যই দেখা দিলে৷ এপলৰ ভৱিষ্যতৰ পৰিকল্পনাত তেওঁৰ আৰু মোৰ মতৰ পাৰ্থক্য হ’ল আৰু অতি পৰিতাপৰ কথা যে আমাৰ বোৰ্ড অৱ ডাইৰেক্টৰে সেইজন ব্যক্তিৰ পক্ষ ল’লে৷ মই এপল এৰিবলৈ বাধ্য হ’লো৷ মোৰ সমগ্ৰ যৌৱনৰ আপুৰুগীয়া সময় যিটো কোম্পানী তিল তিলকৈ গঢ়িবলৈ মই ব্যৱহাৰ কৰিছিলো, যিটো কোম্পানীৰ সৌধ মই এপদ এপদকৈ আশাশুধীয়া চেষ্টাৰে গঢ়িছিলো, সেই কোম্পানীটোৰ পৰাই মোক উলিয়াই দিয়া হ’ল৷ ইয়াতকৈ দুৰ্ভাগ্যৰ কথা আৰু কি হ’ব পৰে? মই সম্পূৰ্ণ ভাৱে বিধ্বস্ত হৈ পৰিছিলো৷

কেইটামান মাহ মোৰ বাবে অতি দুৰ্যোগপূৰ্ণ আছিল৷ মই কি কৰিম নিজেই জনা নাছিলো৷ মই প্ৰতাৰিত, বঞ্চিত অনুভৱ কৰিছিলো৷ মোক মানুহে ৰাজহুৱা ভাৱে হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছিল৷ মই বিফলতাৰ এক জীৱন্ত উদাহৰণ হৈ পৰিছিলো৷ সকলো পিনে আন্ধাৰ দেখিছিলো৷ মাজে মাজে ক’ৰবালৈ পলাই যাবলৈও মন গৈছিল৷ গভীৰ হতাশা আৰু বিষাদে মোক উন্মাদপ্ৰায় কৰি পেলাইছিল৷ সেই দুৰ্যোগপূৰ্ণ অৱস্থাত এদিন মই আৱিষ্কাৰ কৰিলো যে বাহিৰৰ পৰিস্থিতিয়ে মোৰ ভিতৰৰ মানুহজনক অলপো সলনি কৰিব পৰা নাই৷ মই এপলত থাকোতে যিবোৰ কাম কৰি আনন্দ পাইছিলো, সন্তোষ পাইছিলো, সেইবোৰ কামৰ প্ৰতি  মোৰ ভালপোৱা তেতিয়াও অটুত আছিল৷ মই জীৱনত বহুতো কিবাকিবি হেৰুৱাইছিলো৷ কিন্তু মই কৰি ভাল পোৱা কামৰ প্ৰতি থকা প্ৰেম একেই আছিল৷ মোৰ কামৰ প্ৰতি থকা এই ভালপোৱাই মোৰ আত্মবিশ্বাস ঘূৰাই আনিছিল৷ মই তেতিয়াই মন বান্ধি লৈছিলো যে মই আকৌ এবাৰ প্ৰথমৰ পৰা আৰম্ভ কৰিম৷

বহু বছৰৰ পিছত মই উপলব্ধি কৰিছিলো যে এপলৰ পৰা অপসাৰিত হোৱাটো মোৰ জীৱনৰ বাবে এক পৰম সৌভাগ্যৰ কথা আছিল৷ এপলৰ সাফল্যই মনলৈ অনা অহংকাৰ আঁতৰি গৈছিল৷ মনলৈ আহিছিল এজন নতুনকৈ আৰম্ভ কৰা তৰুণৰ প্ৰাণ চাঞ্চল্য৷ আকৌ জীৱনলৈ আহিছিল অনিশ্চয়তাৰে ভৰা দিন৷ কিন্তুু সেই গভীৰ অনিশ্চয়তাই মোক অতিশয় সৃষ্টিশীল কৰি তুলিছিল৷ সেই সময়চোৱাই মোৰ সমগ্ৰ জীৱনৰ আটাইতকৈ অধিক সৃষ্টিশীলতাৰে ভৰা সময় আছিল৷

মোৰ সৃষ্টিশীলতাই অনা নতুন উদ্যমে মোক পিছৰ পাঁচ বছৰত নেক্সট (NeXT) আৰু পিক্সাৰ (Pixar) নামৰ দুটা নতুন কোম্পানী আৰম্ভ কৰিবলৈ সক্ষম কৰি তুলিলে৷ সেই সময়তে মই এগৰাকী অতি মনোমোহা নাৰী ল’ৰিণৰ প্ৰেমত পৰিছিলো৷ ল’ৰিণ পিছলৈ মোৰ সহধৰ্মিনী হৈছিল৷ মই স্থাপন কৰা ‘পিক্সাৰ’ নামৰ কোম্পানীটোৱে ‘টয় ষ্ট’ৰী’ নামৰ বিশ্বৰ প্ৰথমখন এনিমেশ্যন চিনেমা নিৰ্মাণ কৰি উলিওৱাৰ গৌৰৱ লাভ কৰিছিল৷ এতিয়া বিশ্বৰ সকলোতকৈ সফল এনিমেশ্যন ষ্টুডিঅ’ৰ গৰাকী হ’ল এই পিক্সাৰ৷ আচৰিত হ’ব লগীয়া কথা হৈছে, পিক্সাৰৰ সাফল্য দেখি এপল কোম্পানীয়ে পিক্সাৰ কোম্পানী কিনি ল’লে৷ মই আকৌ মই নিজ হাতেৰে গঢ়া এপল কোম্পানীলৈ উভতি যোৱাৰ সুযোগ পালোঁ৷ নেক্সট আৰু পিক্সাৰ কোম্পানীত উদ্ভাৱন আৰু বিকশিত কৰা প্ৰযুক্তিয়ে এপলক নতুন ৰূপত প্ৰতিস্থিত কৰিলে৷ এপলৰ সাফল্যই মোক সদায় আনন্দ দিয়ে৷ এই আনন্দৰেই মই আৰু ল’ৰিণেও এতিয়ালৈ এটা সুখী দাম্পত্য জীৱন যাপন কৰি আছোঁ৷

এতিয়া মই এটা কথাত নিশ্চিত যে মোৰ জীৱনৰ এনে সাফল্য সম্ভৱ নহ’লহেঁতেন যদি মই এপলৰ পৰা অপসাৰিত নহ’লোঁতেতেন৷ সেই সময়ত এপলৰ পৰা অপসাৰিত হোৱাটোৱে মোৰ জীৱন বিষময় কৰি তুলিছিল, মোক অকল্পনীয় যন্ত্ৰণা দিছিল৷ কিন্তু এতিয়া অনুভৱ হৈছে মোৰ জীৱনৰ সাফল্যৰ বাবে সেই তিতা দৰৱ খোৱাৰ অভিজ্ঞতা প্ৰয়োজনীয় আছিল৷ কেতিয়াবা জীৱনে অপ্ৰত্যাশিতভাৱে আমাৰ মূৰত ৰামটাঙোন মাৰে৷ তোমালোকে তেনে পৰিস্থিতিৰ সমুখীন হ’লেও কেতিয়াও নিজৰ ওপৰত বিশ্বাস নেহেৰুৱাবা৷ মই বিশ্বাস কৰো যে সেই বিষময় পৰিস্থিতিতো যিটো বস্তুৱে মোক ভাঙি পৰাৰ পৰা ৰক্ষা কৰিছিল, সেইটো হৈছে মোৰ কামৰ প্ৰতি থকা মোৰ প্ৰেম৷ তোমালোকেও জীৱনত কি কাম কৰি অতিশয় আনন্দিত হোৱা, সেই কাম বিচাৰি উলিয়াব লাগিব৷ ভাল পোৱা জীৱনসংগী বিচৰাৰ দৰে ভাল পোৱা কাম এটা বিচাৰি উলিওৱাটো সমানেই গুৰুত্বপূৰ্ণ৷ তোমালোকে নিশ্চয় জানা যে তোমালোকে জীৱনৰ বেছিভাগ সময় কাম কৰিয়েই কটাব লাগিব৷ সেয়েহে তোমালোকে কৰা কামটো তোমালোকেভাল পোৱাটো খুব প্ৰয়োজনীয়৷ তেনে এটা কাম কৰিলেহে তোমালোকৰ জীৱনলৈ সন্তুষ্টি আহিব৷ তোমলোকে যদি ভালপোৱা কামটো এতিয়ালৈ বিচাৰি পোৱা নাই, আশা এৰি নিদিবা আৰু যেতিয়ালৈকে বিচাৰি নোপোৱা জিৰণি নল’বা৷ যেতিয়াই সেই কামটো বিচাৰি পাবা তোমাৰ হৃদয় আলোড়িত হ’ব, হৃদয়ে তোমাক জনাই দিব৷ যিকোনো সুন্দৰ সম্পৰ্কৰ দৰে এই সম্পৰ্কটোও দিন যোৱাৰ লগে লগে গাঢ় হৈ পৰিব আৰু তোমালোকৰ মনত বিমল আনন্দ দিব৷ সেয়েহে মই পুনৰ কৈছো জিৰণি নল’বা, আশা নেহেৰুৱাবা, কৰি ভাল পোৱা কামৰ সন্ধানত ব্ৰতী হৈ থাকিবা৷

মোৰ তৃতীয় কাহিনীটো হ’ল মৃত্যুৰ বিষয়ে৷

মোৰ যেতিয়া ১৭ বছৰ বয়স আছিল, তেতিয়া মই ক’ৰবাত এটা বাক্য পঢ়িছিলো, “যদি তুমি জীৱনৰ প্ৰতিটো দিনেই জীৱনৰ শেষ দিন বুলি গণ্য কৰি জীৱন যাপন কৰা, এদিন নহয় এদিন সেয়া সত্য হ’বই”৷ এই কথাটোৱে মোৰ জীৱনক ভীষণ ভাৱে প্ৰভাৱিত কৰি আহিছে৷ যোৱা ৩৩ বছৰে প্ৰতিদিনেই ৰাতিপুৱা মই আইনাৰ সন্মুখত ঠিয় হৈ নিজকে প্ৰশ্ন কৰো, “আজিৰ দিনটো যদি জীৱনৰ শেষ দিনটো হয়, মই যিবোৰ কাম আজি কৰিবলৈ ওলাইছোঁ, সেইবোৰ কাম কৰা উচিত হ’বনে”? যেতিয়া এই প্ৰশ্নটোৰ উত্তৰ একেৰাহে কেইবাদিনো ধৰি “নহয়” হয়, মই বুজি পাওঁ যে মই মোৰ জীৱনটোত কিবা সলনি কৰাৰ প্ৰয়োজন হৈছে৷

মই সদায় মনত ৰাখো যে সোনকালেই মোৰ মৃত্যু হ’ব৷ এই ভাবনাটো মনত অনবৰতে পোষণ কৰি ৰাখো কাৰণেই মই জীৱনত কিছুমান ডাঙৰ সিদ্ধান্ত বিনাদ্বিধাই ল’ব পাৰিছো৷ কাৰণ আমি জীৱনত লাভ কৰা সকলো সাফল্য, গৌৰৱ, অহংকাৰ, আশা, প্ৰত্যাশা, পৰাজয়ৰ পৰা পোৱা লাজ, অপমান সকলো মৃত্যুৰ সন্মুখত ধূলিস্যাৎ হৈ যায়৷ মই সদায় মনত ৰাখো যে সোনকালেই মোৰ মৃত্যু হ’ব, সেয়ে মই কেতিয়াও একো হেৰুৱাবলৈ ভয় নকৰো৷ মৃত্যুৰ হাতত এনেয়ো এদিন সকলো হেৰুৱাবই লাগিব৷ মৃত্যুৰ হাতত আমি সকলো নিস্বঃ , নিঃকিন, নগ্ন৷ সেয়েহে তোমালোকে নিজৰ হৃদয়ৰ কথা মতে কাম কৰিবলৈ কেতিয়াও সংকোচ নকৰিবা৷

এবছৰ মান আগতে মোৰ শৰীৰত কৰ্কট ৰোগ ধৰা পৰিছিল৷ এদিন ৰাতিপুৱাই ডাক্তৰে এটা স্কেন কৰি মোক জনাইছিল যে মোৰ যকৃতত এটা টিউমাৰ হৈছে৷ সেই সময়ত মই যকৃতৰ কাম কি সেই কথাটোকেই ভালদৰে নাজানিছিলো৷ ডাক্তৰে মোক দুখমনেৰে জনাইছিল যে মোৰ শৰীৰত দেখা দিয়া টিউমাৰটো দুৰাৰোগ্য প্ৰকৃতিৰ আৰু মই তিনিৰ পৰা ছমাহতকৈ বেছি দিন বাচি নাথাকিম৷ ডাক্তৰে মোক ঘৰলৈ যাবলৈ কৈছিল আৰু ঘৰৰ থানথিত লগাবলৈ কৈছিল৷ ডাক্তৰৰ কথাৰ অৰ্থ আছিল যে মই মৃত্যুৰ বাবে সাজু হ’ব লাগে৷ হঠাতে যিবোৰ কাম মই অহা দহ বছৰত কৰিম বুলি ভাবিছিলো, ল’ৰা ছোৱালীহঁতক অহা দহ বছৰত যিকেইটা কথা ক’ম বুলি ভাবিছিলোঁ, সেইবোৰ কাম কৰাৰ বাবে বা সেই কেইটা কথা কোৱাৰ বাবে মোৰ হাতত মাত্ৰ কেইটামান মাহ বাকী আছিল৷ মোৰ পৰিয়ালটোৰ বাবে মই নথকা সময়খিনি যাতে সুকলমে পাৰ হয়, তাৰ বাবে যথাসম্ভৱ ব্যৱস্থা কৰিবলৈ মই তত্পৰ হৈ পৰিছিলোঁ৷ মই মৃত্যুৰ বাবে আৰু সকলোকে বিদায় সম্ভাষণ জনাবলৈ নিজকে সাজু কৰিবলৈ লৈছিলো৷

ডাক্তৰে দিয়া সিদ্ধান্তটোকে বিশ্বাস কৰি কেইদিনমান কটোৱাৰ পিছত এদিন সন্ধিয়া মোৰ বায়’পছি (biopsy) কৰা হৈছিল৷ মোক অজ্ঞান কৰি মুখেৰে পাইপ সুমুৱাই মোৰ পাকস্থলীৰে পাৰ কৰি যকৃতৰ টিউমাৰটোৰ পৰা কিছুমান কোষ সংগ্ৰহ কৰা হৈছিল৷ পিছত মোৰ পত্নীয়ে কৈছিল যে সেই কোষবোৰ মাইক্ৰ’স্ক’পৰ জৰিয়তে পৰীক্ষা কৰি থাকোঁতে ডাক্তৰজনে আনন্দত চিঞৰি উঠিছিল৷ মোৰ টিউমাৰটো অস্ত্ৰোপচাৰৰ দ্বাৰা আৰোগ্য কৰিব পৰা বিধৰ টিউমাৰ বুলি প্ৰমাণ পোৱা গৈছিল৷ সোনকালেই মোৰ টিউমাৰটোৰ অস্ত্ৰোপচাৰ হৈছিল আৰু লাহে লাহে মই আৰোগ্য হৈছিলো৷

এই ঘটনাটোৰ দ্বাৰা মই জীৱনত মৃত্যুক অতি ওচৰৰ পৰা লগ পাইছিলো৷ মই আশা কৰিছো আৰু অন্তত: কেইটামান বছৰলৈ মই মৃত্যুৰ সন্মুখীন নোহোৱাকৈ থাকিব পাৰিম৷ মৃত্যুৰ নিকট সান্নিধ্যত কটোৱা মুহূৰ্ত কেইটাৰ অভিজ্ঞতাৰ পৰা মই এই কথা দৃঢ়তাৰে ক’ব পাৰোঁ যে মৃত্যু মানুহৰ বাবে এক উপযোগী ধাৰণা৷

এই পৃথিৱীত কোনো মানুহেই মৃত্যু নিবিচাৰে৷ আনকি যিবিলাক মানুহে স্বৰ্গলৈ যাব বিচাৰে, তেওঁলোকেও মৃত্যু নিবিচাৰে৷ কিন্তু এই কথা ধ্ৰুৱ সত্য যে মৃত্যু আমাৰ সকলোৰে অন্তিম পৰিণতি৷ কোনেও মৃত্যুৰ পৰা পৰিত্ৰাণ পোৱা নাই৷ মোৰ মতে মৃত্যু হ’ল মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰ৷ মৃত্যু হ’ল জীৱনক সলনি কৰাৰ একমাত্ৰ উপায়৷ মৃত্যুৱে পুৰণিক বিদায় দি নতুনৰ বাবে বাট উলিয়াই দিয়ে৷ আজি তোমালোক নতুন, কিন্তু আৰু কেইবছৰমান পিছত তোমালোকো পুৰণি হ’বা আৰু তোমালোকেও নতুনৰ বাবে বাট উলিয়াই দিব লাগিব৷ এয়া নাটকীয় তথা অপ্ৰিয় হ’লেও সত্য৷

মনত ৰাখিবা, এই পৃথিৱীত তোমাৰ হাতত থকা সময় সীমিত৷ সেয়েহে অবাবতে সময় নষ্ট নকৰিবা৷ আনক সন্তুষ্ট কৰিবলৈ তোমাৰ স্বকীয়তা কেতিয়াও বিসৰ্জন নিদিবা৷ নিজতকৈ সম্পূৰ্ণ পৃথক এটা পৰিচয় লৈ জীৱন অতিবাহিত নকৰিবা৷ আনে তোমাৰ বিষয়ে কি ভাবে সেই কথা চিন্তা কৰি নিজকে সংকুচিত কৰি নাৰাখিবা৷ আনৰ কথা শুনি তোমাৰ অন্তৰৰ পৰা অহা আহ্বানক অৱদমিত নকৰিবা৷ সকলোতকৈ প্ৰয়োজনীয় কথা হ’ল, হৃদয়ে যি বিচাৰে তাকে পাবলৈ নিজকে সাহসী কৰি তুলিবা৷ নিজৰ অন্তৰৰ কথা মানি চলিবলৈ অহোপুৰুষাৰ্থ কৰিবা৷ বিশ্বাস কৰিবা যে তোমাৰ হৃদয় আৰু অন্তৰে তুমি কি বিচৰা সেই কথা ভালদৰে জানে আৰু তোমাক সদায় শুদ্ধ পথ দেখুৱায়৷ বাকী কোনো কথাই এই কথাটোৰ সমান গুৰুত্বপূৰ্ণ নহয়৷

মই যেতিয়া কম বয়সৰ আছিলো, তেতিয়া তথ্য জনাৰ বাবে গুগল নাছিল৷ সেই সময়ৰ ষ্টিৱাৰ্ড বেণ্ড নামৰ এজন ব্যক্তিয়ে ‘দ্য হোল আৰ্থ কেটালগ’ (The Whole Earth Catalog) নামৰ এলানি কিতাপ লিখি উলিয়াইছিল, য’ত বহুতো লাগতিয়াল তথ্য সন্নিৱিষ্ট কৰা হৈছিল৷ ১৯৬০ চন মানৰ পৰা ১৯৭০ চনৰ মধ্য ভাগলৈ এইলানি কিতাপ প্ৰকাশিত হৈছিল আৰু খুব জনপ্ৰিয় হৈছিল৷ তেওঁলোকৰ শেষ কিতাপখনৰ পিছপিনৰ বেটুপাতত এখন গাৱঁৰ ৰাতিপুৱাৰ ৰাষ্টা এটাৰ ছবি এখন ছপা কৰিছিল৷ সেই ছবিখনৰ তলত লিখা আছিল, “ক্ষুধাতুৰ হোৱা, অবোধ হোৱা”৷ (Stay Hungry, Stay Foolish)৷ এয়া আছিল কিতাপ খনৰ প্ৰকাশকৰ শেষ বাণী৷

এই বাক্যটো মই এতিয়াও মনত ৰাখিছো, কাৰণ মই মোৰ জীৱন সদায় এনেকৈয়ে কটাইছো৷ ক্ষুধাতুৰ ব্যক্তিৰ দৰে হৃদয়ে বিচৰা খিনিৰ বাবে ঢপলিয়াই ফুৰিছোঁ, অবোধৰ দৰে জীৱনক সহজ সৰল ভাৱে গ্ৰহণ কৰিছোঁ৷ মনত ৰাখিবা, ক্ষুধাতুৰ ব্যক্তি এজনে কেতিয়াও আত্ম-সন্তুষ্টিত নহি নাথাকে৷ সেইদৰে অবোধ ব্যক্তি এজন জীৱনৰ ঘাত প্ৰতিঘাত বোৰৰ সন্মুখত কেতিয়াও বিচলিত নহয়৷

আজি এই বক্তৃতাৰ সামৰণিত মই তোমালোকলৈ সেই একেটা বাণী দিব বিচাৰিছো৷

“ক্ষুধাতুৰ হোৱা, অবোধ হোৱা”৷ (Stay Hungry, Stay Foolish)

-ষ্টিভ জবছ
##

☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!