কৰ্কট ৰোগ আৰু ইয়াৰ বিকল্প চিকিত্‍সা (৩) (বৰ্ণালী দেউৰী)

কৰ্কট ৰোগ আৰু ইয়াৰ বিকল্প চিকিত্‍সা (৩)

বৰ্ণালী দেউৰী

কৰ্কটজনক বা কাৰ্চিনো’জেন (carcinogen)  :-  কাৰ্চিন’জেন  হ’ল এনে এবিধ পদাৰ্থ, দীৰ্ঘ দিন ধৰি যাৰ সংস্পৰ্শত থাকিলে কেঞ্চাৰ ৰোগ হ’ব পাৰে , আৰু এই বিলাক পৰিহাৰ কৰিলে কেঞ্চাৰ ৰোগ ৰোধ কৰিব পৰা যায়|তলত কিছু কাৰ্চিনোজেনৰ বিষয়ে আলোচনা কৰা হৈছে…

১) ধুমপান :- বিড়ি বা চিগাৰেট  সেৱনে, ধূমপায়ী সকলৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ সম্ভাৱনা অধূম্ৰপায়ী সকলতকৈ  দহ গুণে বঢ়াই তোলে|অবশ্যে ইয়াৰ লগত প্ৰত্যক্ষভাবে জড়িত আছে- চিগাৰেট সেৱনৰ সংখ্যা, ধূমপান আৰম্ভ কৰা বয়স  আৰু ধূমপানৰ অভ্যাস সমূহ (প্ৰতিটো চিগাৰেটত কিমান হোপা দিয়া হ’য়, ফিল্টাৰ যুক্ত হ’য় নে নহয় ইত্যাদি) অন্ধ্ৰপ্ৰদেশৰ গোদাৱৰী অঞ্চলত পৰুষ আৰু মহিলাই স্থানীয় ভাবে বনোৱা চিগাৰেটৰ (চুট্টা) জ্বলি থকা অংশটো মুখৰ ভিতৰলৈ নি হোপা মাৰে, এই মানুহখিনিৰ কিছুমানৰ মুখৰ কৰ্কট ৰোগ হয়গৈ |ধূম্ৰপায়ী সকলৰ সংস্পৰ্শত থকা মানুহ খিনিৰ ওপৰতো ধোঁৱাৰ প্ৰভাৱ পৰে|বিশেষকৈ শিশু আৰু মহিলাৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে আৰু এই বাতাবৰণত নথকা লোকতকৈ তেওঁলোকৰ সংশয় বেছি হয়গৈ|

২)  আমাৰ দেশৰ মানুহৰ দুটা সাধাৰণ অভ্যাস ধঁপাত সেৱন আৰু পাণ-তামোল চোবোৱাটোৱে মুখৰ ভিতৰৰ কেঞ্চাৰ কৰিব পাৰে|চূনৰ লগত মিহলি হৈ ই মুক্ত অক্সিজেন কণা নিৰ্গত কৰে|

যিহেতু তামোল পান আমাৰ সমাজৰ এক এৰাব নোৱাৰা অঙ্গ , সেয়ে ইয়াৰ কাৰচিনোজেন কেইটা উল্লেখ কৰা হ’ল…….

Table I. Major carcinogenic and genotoxic agents in pan masala and

gutkha

Products Ingredients        Genotoxic agents/carcinogensa

Gutkha Tobacco              NNN, NNK

Areca nut                   arecoline, MNPN

Areca nut + lime             ROS

Catechu + lime               ROS

Pan masala Areca nut       Arecoline, MNPN

Areca nut + lime              ROS

Catechu + lime              ROS

NNN, N¢-nitrosonornicotine; NNK, 4-(methylnitrosamino)-1-(3-pyridyl)-1-

butanone; MNPN, 3-(methylnitrosamino)propionitrile; ROS, reactive oxygen

species, O±´, H2O2, OH´.

Carcinogenic nitrosamines that could be derived from major ingredients of pan masala (areca nut) and gutkha (areca nut and tobacco).  NNN, N¢-nitrosonornicotine, which could also be formed from the minor   tobacco alkaloid nornicotine; NNK, 4-(methylnitrosamino)-1-(3-pyridyl)-1-  butanone; MNPN, 3-(methylnitrosamino)proprionitrile.

৩)এচবেচ্ট্‍চ, ইউৰেনিয়াম, আৰ্চেনিক, আলকাতাৰা আদিত মিহলি হৈ থকা ৰাসায়নিক দ্ৰ্যব সমূহে কেঞ্চাৰ সৄষ্টি কৰে বুলি জনা গৈছে|সেয়ে এই উদ্যোগ সমূহৰ কৰ্মী সকলৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বেছি|

৪) ৰঞ্জন ৰশ্মি বোৰ কৰ্কটজনক আৰু গৰ্ভাৱস্থাত বিশেষকৈ প্ৰথম তিনি মাহত ৰঞ্জন ৰশ্মি পৰিহাৰ কৰাটো একান্তই উচিত  কাৰণ ই ভ্ৰণৰ ক্ষতি সাধিব পাৰে|বহুতো খনিত কেঞ্চাৰ কৰিব পৰা তেজস্ক্ৰিয় পদাৰ্থ পোৱা  যায়| পাৰমানৱিক আৰু হাইড্ৰ’জেন বোমাৰ বিকিৰণে কেঞ্চাৰ কৰে বুলি জনা গৈছে|জাপানত হিৰশ্বিমা আৰু নাগাছাকিৰ বিস্ফোৰণৰ ফলত হাজাৰ হাজাৰ ব্যক্তিৰ কেঞ্চাৰ হৈছে|

পাৰমানবিক  বিজুলি কেন্দ্ৰ আৰু পৰমাণু অস্ত্ৰ-শস্ত্ৰ তৈয়াৰী উদ্যোগৰ ওচৰত থকা ব্যক্তি সকলৰ বেছিকৈ কেঞ্চাৰ বিশেষকৈ লিউকেমিয়া হোৱাৰ কথা প্ৰতিবেদনত প্ৰকাশ পাইছে| অষ্ট্ৰেলিয়া, নিউজিলেন্ড, আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কিছু ঠাইত সৌৰ-বিকিৰণৰ প্ৰভাৱ বেছি, সেয়ে তাৰ বাসিন্দা সকল সৌৰ ৰশ্মিৰ কু-প্ৰভাৱত পৰে আৰু ছালৰ কেঞ্চাৰত ভূগে|

৫)  প্ৰসাধন সামগ্ৰী , জন্ম-নিয়ন্ত্ৰক বড়ি, কীট-পতঙ্গ নাশক দ্ৰব্য,- যেনে ডি,ডি,টি, এলড্ৰিন, ডিয়েলড্ৰিন, পাৰা আদিয়েও কেঞ্চাৰ কৰিব পাৰে|  কেঞ্চাৰৰ এক সুপ্ত কাল থাকে, ই প্ৰাথমিক অৱস্থাৰ  অঙ্কুৰণৰ পৰা সম্পূৰ্ণ প্ৰকাশ হোৱালৈকে প্ৰায় পাঁচৰ পৰা চল্লিশ বছৰ কাল সুপ্ত অৱস্থাত থাকিব পাৰে|

৬) বহুতো অধ্যয়নে দেখুৱাইছে যে বৃহদান্ত্ৰ , স্তন, অগ্নাশয়, আৰু প্ৰষ্টেটৰ কেঞ্চাৰৰ লগতখাদ্যত চৰ্বী, মাংশৰ আধিক্য আৰি আঁহ জাতীয় আৰু ধান জাতীয় শয্যৰ হ্ৰাসৰ সমন্ধ আছে|

সংশয়  কাৰক সমূহ  :

সাধাৰণ জনসমষ্টিৰ সংশয় স্তৰৰ ওপৰত কিছুমান কাৰকে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা  বঢ়ায় , এই বিলাক হৈছে ..

১)জিন : (gene)

জিন বিলাক হৈছে বংশগতিৰ একক  আৰু ইঁহতে অস্বাভাৱিক বিকাশ প্ৰভাৱিত কৰে| কোষৰ ক্ৰমজমত থকা জিন বোৰে বিশেষ  স্থান ল’ব পাৰে. য’ৰ পৰা এই ৰোগ স্থানান্তৰিত হ’ব পাৰে| প্ৰবাদ মতে নেপোলিয়নৰ মৄত্যু হৈছিল পাকস্থলীৰ কৰ্কট ৰোগৰ পৰা| তেওঁৰ ককাক, পিতাক, ভায়েক, ভনীয়েক –আটাইয়েৰে মৄত্যু হৈছিল পাকস্থলীৰ কৰ্কট ৰোগৰ পৰা|

এইদৰে কিছুমান কেঞ্চাৰৰ গোষ্ঠীগত প্ৰবৄত্তি আছে| পাঁচৰ পৰা সাত শতাংশ স্তনৰ কেঞ্চাৰৰ বংশগত প্ৰভাৱ আছে| যেতিয়া এই বংশগত ৰোগৰ লক্ষণ সমূহ চিনাক্ত কৰিব পৰা যায় তেতিয়া ৰোগী আৰু পৰিয়াল  বৰ্গক সতৰ্ক কৰি দিয়া উচিত |

২)হ’ৰমন বা গ্ৰন্থিৰস :

কৰ্কট ৰোগৰ বিকাশত হ’ৰমন বিলাকৰ প্ৰভাৱ আছে|যেনে স্তন কেঞ্চাৰৰ ক্ষেত্ৰত নিম্নোক্ত মহিলা সকলৰ স্তন হোৱাৰ সম্ভাৱনা বে্ছি:

১) অবিবাহিতা মহিলা

২) শিশুক পিয়াহ নুখুওৱা মাতৄ বা ৩০ ব্ছৰৰ পিছত প্ৰথমটো সন্তানৰ জন্ম   দিয়া

৩) দীঘলীয়া ৰজ:জীৱন (সোনকালে ৰজ:আগমন আৰু পলমকৈ অহা ৰজ:অৱসান)

৪) ওজন বেছি থকা তিৰুতা আৰু চিষ্টিক মাষ্টাইটিছ নামৰ স্তন ৰোগেও কেঞ্চাৰৰ সংশয় বৄদ্ধি কৰে|

৩)পুষ্টিকাৰক খাদ্য :

সুখাদ্য স্বাস্থ্যৰ মূল উপাদান| প্ৰটিন , শ্বেতসাৰ, ভিটামিন, খনিজ পদাৰ্থ আৰু পানী থকা সুষম খাদ্যই স্বাস্থ্য ভালে ৰখাত সহায় কৰে|অত্যাধিক চৰ্বি বা তেল যুক্ত আহাৰ ব্যৱহাৰ কৰিলে মেদবহুল লোকৰ শৰীৰৰ কলাত চৰ্বিজাতীয় পদাৰ্থ জমা হ্য় আৰু এওঁলোকৰ জৰায়ু, পিত্তাশয় , বৄহদান্ত্ৰ, অগ্নাশয়, প্ৰষ্টেটৰ  কেঞ্চাৰ হোৱাৰ সংশয় বৄদ্ধি পায়|

৪)সামাজিক , অৰ্থনৈতিক আৰু প্ৰাকৄতিক কাৰণ :

বিভিন্ন কেঞ্চাৰৰ লগত সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ ওত:প্ৰোত সমন্ধ আছে|উদাহৰণ স্বৰূপে উচ্চ বা মধ্যবিত্ত মহিলাৰ ক্ষেত্ৰত স্তন কেঞ্চাৰ আৰু নিম্ন মধ্যবিত্ত মহিলাৰ ক্ষেত্ৰত পাকস্থলী, ছাল, আৰু গৰ্ভাশয় গ্ৰীবাৰ কেঞ্চাৰ বেছিকৈ দেখা যায়|

৫)পাৰিপাৰ্শ্বিকতা :

প্ৰদুষিত বায়ুমন্ডলে মানুহৰ কেঞ্চাৰ ৰোগ বৃদ্ধি কৰাত সহায় কৰিব পাৰে|প্ৰদুষিত

প্ৰদুষিত বায়ু মন্ডলৰ কণিকা লৈ প্ৰাণীৰ ওপৰত চলোৱা পৰীক্ষাই দেখুৱাইছে যে ছালৰ বেনাইন টিউমাৰ মেলিগন্টেট টিউমাৰলৈ পৰিবৰ্তিত হ’ব পাৰে|

কেঞ্চাৰলৈ পৰিবৰ্তন হ’ব পৰা কিছুমান ৰোগ :

কিছুমান সাধাৰণ ৰোগ  কেঞ্চাৰলৈ পৰিবৰ্তন হ’ব পাৰে, যেনে স্তনৰ এবিধ ৰোগ ডিসপ্লাছিয়া, মূখৰ ভিতৰত বগা পৰা ৰোগ,(leukoplakia, submucous fibrosis), পাকস্থলীৰ প্ৰদাহ ৰোগ, থাইৰয়ড গ্ৰন্থিৰ গ্ৰথবুৰ্দ (adenoma), পিত্তাশয়ৰ পূৰণা প্ৰদাহ, বৄহ‍ত্‍অন্ত্ৰৰ পলিপ ,  আদি| এই সকল ৰোগীয়ে নিয়মিত ভাবে পৰীক্ষা কৰাতো প্ৰয়োজনীয় যাতে প্ৰথম অবস্থাতে কেঞ্চাৰ প্ৰতিৰোধ কৰিব পৰা যায়|

বিপদ সঙ্কেত :

আন সকলো ৰোগৰ দৰে কেঞ্চাৰ ৰোগো অতি সোনকালে নিৰ্ণয় কৰি চিকি‌‍ত্সা কৰোৱাটো আৱশ্যকীয়, কাৰণ প্ৰাথমিক পৰ্যায়তে চিনাক্ত হ’লে নিৰাময়ৰ আশাও বাঢ়ি যায়|কেঞ্চাৰে শৰীৰক আক্ৰমণ কৰাৰ ফলত শৰীৰত কিছু বিজুতিয়ে দেখা দিব পাৰে যাক ৰোগীয়ে সূক্ষ্ম পৰ্য্যবেক্ষণৰ দ্বাৰা উপলব্ধি কৰিব পাৰে|নিম্নোক্ত লক্ষণ সমূহ দেখা দিলে ত‌ত্ক্ষনাত চিকিত্‍কৰ কাষ চাপক | যদিও এই লক্ষণ সমূহ কেঞ্চাৰৰ নহবও পাৰে তথাপিও কথিত আছে যে –

“দহোটা মিছা বিপদ সংঙ্কেত -এটা পলমকৈ পোৱা নিৰ্ণয়তকৈ ভাল|” এই চিন আৰু লক্ষণ সমূহক (উপলব্ধি আৰু পৰ্য্যবেক্ষণ কৰা) “বিপদ সংঙ্কেত”বুলি কোৱ হ’য় আৰু এই বিলাক এনেধৰণৰ হ’ব পাৰে…..

১) শৌচ-প্ৰস্ৰাৱৰ প্ৰ্কৄতিৰ পৰিবৰ্ত্তন :

আগৰ স্বাভাৱিক শৌচ হোৱাৰ পৰিবৰ্তে শৌচ কচা বা পনীয়া হ’ব পাৰে|যি বৄহদান্ত্ৰৰ কেঞ্চাৰৰ এক আগতীয়া সূচনা হ’ব পাৰে| মূত্ৰতন্ত্ৰৰ কেঞ্চাৰৰ চিন হিচাবে সঘনাই প্ৰস্বাৱ হোৱা, প্ৰস্বাৱৰ সোঁত কমি যোৱা, প্ৰস্বাব জমাহৈ থ্কা , প্ৰস্বাৱৰ লগত তেজ যোৱা ইত্যাদি প্ৰস্বাৱৰ প্ৰকৄতি সলনি হ’ব পাৰে|

২) নুশুকুৱা ঘা :

উন্নত চিকি‍ত্‍সা সত্বেও শৰীৰৰ যিকোনো অংশৰ নুশুকুৱা ঘা, কেঞ্চাৰৰ পূৰ্বাভাস হ’ব পাৰে|

৩)শৰীৰৰ কোনো অংশৰ পৰা অস্বভাৱিক পৰিমাণৰ তেজ যোৱা:

দেহৰ যিকোনো অংশৰ পৰা অস্বভাৱিক পৰিমাণৰ তেজ বা স্ৰাৱ যোৱা , শৌচ-প্ৰস্ৰাৱ, বমি-কাঁহৰ লগত তেজ গলে তাৰ সঠিক কাৰণ উলিয়াবলৈ সম্পূৰ্ণ আৰু সঠিক পৰীক্ষা কৰোৱা উচিত| তেজৰ পৰিমাণ বা তেজ যোৱাৰ পৌন:পৌনিকতাৰ ওপৰত কেঞ্চাৰ হ্য় নে নহয় সেয়া নিৰ্ভৰ নকৰে|

৪)স্তন বা শৰীৰৰ যি কোনো অংশ ডাঠ হৈ যোৱা বা ফুলি উঠা :

শৰীৰৰ যি কোনো অংশত ডাঠ হৈ যোৱা বা ফুলি উঠা, টেমুনা উঠা, স্তনাগ্ৰৰ পৰা স্ৰাৱ ওলালে বা তাৰ আকৄতিৰ পৰিবৰ্তন ঘটিলে, বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰোৱা উচিত ( সেয়ে, বিশেষকৈ স্ত্ৰীৰ ক্ষেত্ৰত স্তনৰ নিজে কৰা পৰীক্ষা বা self examination of  Breast ত ইমান গুৰুত্ব দিয়া হয় )

৫) বদহজমী হোৱা বা গিলোতে অসুবিধা হোৱা :

বদহজমী হোৱা বা গিলোতে অসুবিধা হোৱা, হজম নোহোৱা, পেটৰ ওপৰ ভাগত বিষ বা অসুবিধা হোৱা ,ভোক নোহোৱা, বমি ভাৱ হোৱা, অন্য কোনো কাৰণ নোহোৱাকৈ এইবোৰ বিশংগতিও কেঞ্চাৰৰ আগতীয়া লক্ষণ হ’ব পাৰে|

৬) আচিনাই বা মাহৰ চকুত পৰা পৰিবৰ্তন :

আমাৰ শৰীৰত থকা আচিনা বা মাহৰ চকুত লগা পৰিবৰ্তন, আকাৰ বৃদ্ধি, বিশেষকৈ চুলি নথকা মাহৰ, ৰঙ বা প্ৰকৄতি সলনি হ’য়, খহটা হৈ যায়, বা তেজ ওলাবলৈ ধৰে, ,তেনেহলে ততালিকে চিকিত্‍সকৰ পৰামৰ্শ লোৱা উচিত|

৭)অস্বস্তিকৰ কাঁহ বা মাত সলনি হোৱা:

দীৰ্ঘদিনিয়া চিকিত্‍সা সত্বেও ভাল নোপোৱ কাঁহ, বা দুসপ্তাহৰ বেছি দিন ধৰি থকা ভগা মাত সযতনে পৰিক্ষা কৰাব লাগে|

কোৱা বাহুল্য যে ওপৰত উল্লেখ কৰা বিপদ সঙ্কেত সমূহৰ এটাও শৰীৰত কেঞ্চাৰ ৰোগ নিৰ্ণয়ৰ বাবে অপৰিহাৰ্য্য নহয়|ই কেৱল এক সচেতনতা জাগ্ৰত কৰাৰ প্ৰচেষ্টা হে যে আমি যথেষ্টা চিকিত্‍সা কৰাৰ পাছতো সুফল নাপালে এজন বিশেষজ্ঞৰ সহায়ত সন্দেহ নিৰ্মূল কৰাৰ প্ৰচেষ্টা কৰা উচিত|ৰোগী আৰু চিকিত্‍কৰ সচেতনতাই সোনকালে এই ৰোগ নিৰ্ণয় কৰিব পাৰিলে ৰোগী এজনে ৭০-৮০%উপশম আশা কৰিব পাৰে|

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!