“খালী ঠাই” মূল: অমৃতা প্ৰীতমৰ কবিতা “খালী জগহ” ভাৱানুবাদ: গীতিকা শইকীয়া

কেৱল মাত্ৰ দুখন ঠায়েই আছিল
এখনে মোক আৰু আনখনে তেওঁক খেদি পঠিয়াইছিল
আৰু আনসকলোকে আমি দুয়োয়েই ত্যাগ কৰি দিছিলোঁ।

নগ্ন আকাশৰ তলত
মই কিমান পৰ যে
দেহৰ মোহত তিতি গৈ থাকিলোঁ,
তেৱোঁ কিমান পৰলৈকে
দেহৰ মোহত গলি গলি গৈ থাকিল।

পুনৰবাৰ বহু বছৰৰ সেই মোহমায়াক
বিহৰ দৰে পান কৰি কৰি
তেওঁ কঁপা কঁপা হাতেৰে মোৰ হাতখন খামুচি ধৰিছিল
ব’লা, আমাৰ হেৰাই যোৱা সময়বোৰৰ ওপৰত এখন ছাদ সাজোঁ
তাত চোৱাচোন! তাতেই পৰি আছে, সেয়া
সঁচা আৰু মিছাৰ মাজত অলপমান খালী ঠাই পৰি আছে।


টোকা: ভাৰতীয় সাহিত্য জগতৰ মহান সাধক অমৃতা প্ৰীতমৰ যোৱা ৩১ আগষ্টত জন্ম শতবাৰ্ষিকী হৈ গ’ল। এই মহান সাহিত্যিকগৰাকীৰ প্ৰতি সন্মান জনাই যোৱা ৩১ আগষ্টৰ দিনটো গুগলৰ হোম পেজটোত অমৃতা প্ৰীতমৰ নামত গুগুল ডোডল ৰখা হৈছিল।

সম-সাময়িক সমাজ ব্যৱস্থাৰ প্ৰতি যথেষ্ট প্ৰতিবাদী সাহিত্যিকৰূপে প্ৰসিদ্ধ অমৃতা প্ৰীতমৰ জ্ঞানপীঠ বঁটাপ্ৰাপ্ত “কাগজ অউৰ কেনভাছ” শীৰ্ষক কবিতাৰ গ্ৰন্থখনৰ কবিতাবোৰত প্ৰেম আৰু যৌৱনৰ দিনবোৰত হোৱা অতৃপ্তিৰ বৰ্ণনাই গুৰুত্ব লাভ কৰিছিল। এই কবিতাবোৰত প্ৰকাশ হোৱা অমৃতা প্ৰীতমৰ অন্তৰৰ উন্মুক্ত প্ৰকাশ কেৱল তেওঁৰ অন্তৰৰ গাঁথা হৈ নাথাকি সমগ্ৰ পাঠকৰে অন্তৰৰ অপ্ৰকাশিত বেদনাক প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। সেইবাবেই অমৃতা প্ৰীতমৰ এই কবিতাৰাজী পাঠকৰ মাজত সদায়েই সমাদৃত হৈ আহিছে। দেশ বিভাজনৰ কদৰ্যময় পৰিস্থিতিৰ সাক্ষী অমৃতা প্ৰীতমৰ লিখনিত সাধাৰণ মানুহৰ দুখ-কষ্ট তথা নাৰীৰ প্ৰতি হোৱা অবৰ্ণনীয় অত্যাচাৰৰ বৰ্ণনাই পাঠকৰ হৃদয় জোকাৰি যায়।
এই কবিতা গ্ৰন্থখনৰে “খালী জগহ” নামৰ কবিতাটিৰ ভাৱানুবাদ কৰিবলৈ প্ৰয়াস কৰিলোঁ।


Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!