খাৰভাত – মিতালী বৰ্মন

 

চৰ্দি লাগি থাকিলে মুখৰ ৰুচি নাইকিয়া হয়৷ আঞ্জা-ভাতৰ সা-সোৱাদ নোপোৱা হয়৷ তেতিয়া খাৰভাত খালে ভাল লাগে আৰু ৰুচি ঘূৰি আহে৷
খাৰভাতৰ সামগ্ৰীসমূহ:
১/ গৰম ভাত দুই টেবুল চামোচ
২/ মিঠাতেল দুই চাহ চামোচ
৩/ পিঁয়াজ এটা
৪/ জলকীয়া দুটা
৫/ নহৰু ৫-৬ ফোঁটা
৬/ নিমখ (সোৱাদ অনুযায়ী)
৭/ কলাখাৰ এক টেবুল চামোচ

প্ৰণালী:
কেৰাহিত তেল গৰম কৰি মিহিকৈ কটা পিঁয়াজ, নহৰু, জলকীয়াখিনি ভাজি ভাতখিনি দি হেতাৰে মিহলাই দিব৷ জুইকুৰা মধ্যমীয়া কৰি ল’ব৷ দুই মিনিটমান ভজাৰ পাছত নিমখ দি লৰাই দিব আৰু তাৰপাছত খাৰখিনি দি ভালকৈ ভাজিব৷ শুকান শুকান হ’লে এক টেবুল চামোচমান পানী দি কম জুইত এক মিনিটমান লৰাই নমাই থ’ব৷ বেছিকৈ জুতি লগাবলৈ পাত পিঁয়াজৰ পেঁপা মিহিকৈ কাটি দিব পাৰে৷ খাৰভাত হোৱাৰ পাছত গৰমে গৰমে চৰ্দি লগা ব্যক্তিগৰাকীক খাবলৈ দিয়ক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!