খেতে- খেতে-খেট্-খেট্-কুৱাক-কু-উ-ক … – জয়ন্ত আকাশ বৰ্মন

আগষ্ট মাহৰ এক বর্ষাময় দিনত মই এই চাকৰিটোত জইন কৰিছিলোঁ। এহেজাৰতকৈও অধিক কর্মচাৰীৰে এইটো এটা চৰকাৰৰ গুৰুত্বপূর্ণ বিভাগ আছিল। ইয়াৰ আগতে মই এটা বহুজাতিক কর্প’ৰেচনত কাম কৰিছিলোঁ। মই মোৰ এপ’ইণ্টমেণ্ট লেটাৰখনত চহী মাৰি এষ্টাব্লিচমেণ্ট বিভাগৰ কেৰাণীজনৰ হাতত জমা দিছিলোঁ। কেৰাণীজনে ক’পি এটা মোৰ হাতত দি চুপাৰিণ্টণ্ডেণ্টজনৰ ওচৰলৈ মোক লৈ গৈছিল। সিদিনাই চৰকাৰী কর্মচাৰী হিচাপে মোৰ প্রথম দিন আছিল। অফিছৰ মই বহা কোঠাটোৰ এমূৰত ফেক্স মেছিনটো আছিল। আমাৰ অফিছৰ সমস্ত চিঠি পত্রৰ যোগাযোগ সেই ফেক্স মেছিনটোৰ জৰিয়তেই হৈছিল। দিন-ভৰ মেছিনটোৱে মাতি আছিল- খেতে- খেতে-খেট্-খেট্-কুৱাক-কু-উ-ক..

ৰাষ্ট্রীয় মুখ্য কার্যালয়, আটাইবোৰ ৰাজ্যিক অফিছ, আন্তঃৰাষ্ট্রীয় অফিছ- সকলো যোগাযোগ এই ফেক্স মেছিনটোৰ মাধ্যমতেই ঘটিছিল। মেছিনটোৰ ওচৰত বহি আছিল অপাৰেটৰজন, ফেক্সমেছিনটোৰ আজন্ম অভিভাৱক, সঞ্চালক তথা পৰিচালক, মহাদেৱ মালাকৰ। শুকুলা চুলিৰে, ক্ষীপ্র হাতেৰে, নিগাজী ফেক্সমেন মহাদেৱ মালাকৰ। আমি মেছিন আৰু মহাদেৱ মালাকৰক এক স্বয়ং সম্পূর্ণ নিকায় বুলি ধৰিছিলোঁ।

যেতিয়া মালাকৰ শিশু আছিল, তেতিয়া এবাৰ প্রলয়ংকাৰী বান আহিছিল। সেই বানে সিহঁতৰ পৰিয়ালটো থান-বান কৰি পেলাইছিল। কামাখ্যা মন্দিৰৰ আগত ফুল বিক্রী কৰি মহাদেৱে পৰিয়ালটো চলাইছিল। এদিন মন্দিৰটোলৈ এজন ডাঙৰ অফিছাৰ গ’ল। আহোঁতে তেখেতৰ স্কুটাৰখন ষ্টাৰ্ট নোহোৱা হ’ল। মালাকৰে মালা এৰি স্কুটাৰখন ঠেলিলে। স্কুটাৰ ষ্টাৰ্ট হ’ল, মালাকৰ উঠি আহি অফিছাৰৰ ঘৰৰ লগুৱা হ’ল।

মালাকৰ ডাঙৰ হ’ল, দয়ালু অফিছাৰজনে মালাকৰক তেখেতৰ অফিছত পিয়নৰ চাকৰিত সুমুৱাই দিলে। এদিন অফিছলৈ এটা আচৰিত যন্ত্র আহিল। ইয়াত কাগজ এখন সুমুৱাই দিলে “খেতে-খেতে-খেট্-খেট্-কুৱাক-কু-উ-ক..”-আন এঠাইত একেই কাগজ এখন ওলাই যায়। যন্ত্রটো চলাবলৈ অফিছে মালাকৰকেই ঠিক কৰিলে। হে’ড অফিছত গৈ এসপ্তাহৰ ট্রেইনিঙো দি অনা হ’ল মালাকৰক। সিদিনাৰ পৰাই মালাকৰ মানুহজন ওখ হ’ল। খেতে-খেতে-খেট্-খেট্-কুৱাক-কু-উ-ক.. শব্দ কৰি ফেক্স মেছিন চলিল। এপইণ্টমেণ্ট, ট্রান্সফাৰ, প্রম’শ্যন, প্রগ্রাম, চার্কুলাৰ, ন’টিফিকেছন- সকলোৰে সাক্ষী হৈ থাকিল মেছিনটো, লগতে মহাদেৱ মালাকৰৰ অবিৰাম তিনিটা দশক।

মহাদেৱ মালাকৰ নিৰক্ষৰ। তথাপি ভাৰতৰ আটাইবোৰ ফেক্স নাম্বাৰেই তেওঁৰ আঙুলিস্থ। তেওঁক কোনো অফিছৰ ফেক্স নাম্বাৰ সুধিলে ক’ব নোৱাৰে, কিন্তু মেছিনৰ আগত বহুৱাই দিলেই পিট-পিট শব্দ কৰি ডায়েলত তেওঁৰ ক্ষীপ্র আঙুলি চলি যায়, খেতে-খেতে-খেট্-খেট্… লক্ষ্যস্থানৰ অফিছত প্রিণ্ট হৈ যায় ডকুমেণ্টৰ কপি।

আজি দুদিন ধৰি আমাৰ অফিছৰ ফেক্স মেছিনটো কিবা এটা বেয়া হৈ পৰি আছে। লগে-লগেই বন্ধ হৈ পৰিছে সকলো যোগাযোগ। অসুস্থ হৈ পৰিছে দুয়ো-মেছিন আৰু মালাকৰ। দিল্লীৰ ৰাষ্ট্রীয় অফিছলৈ এখন জৰুৰী ফেক্স পঠিয়াব লগা আছিল। মই অফিছটোত ফ’ন কৰিলোঁ। তেওঁলোকে ক’লে – ই মেইল কৰি পঠিয়াই দিয়ক। মই ডকুমেণ্টখন স্কেন কৰি মেইলত এটাচ্ কৰি পঠিয়াই দিলোঁ। ৰাষ্ট্রীয় অফিছৰ পৰা ফ’ন কৰি মোক জনোৱা হ’ল মই যেন আজিৰ পৰা ডকুমেণ্টবোৰ মেইল কৰি পঠিয়াই দিওঁ। মই ভালেই পালোঁ। মই আমাৰ  অফিছত ক’লোঁ- আজিৰ পৰা আমি কমিউনিকেছনবোৰ মেইল যোগেই কৰিম। মালাকৰে সাৰ পালে। মোক সুধিলে- মেইল কৰি মানে? মই ক’লোঁ- এই চিঠি-পত্রবোৰ এতিয়াৰ পৰা আৰু ফেক্স কৰা বন্ধ হ’ব। কম্পিউটাৰৰ দ্বাৰা কৰা হ’ব। এই মেছিনটোৱে বহুত জলাইছে আমাক। হেড অফিছেও তাকেই কৰিব কৈছে।

…. জকি উঠিল মালাকৰ। থিয় হৈ উঠিল। চকু দুটা ৰঙা হৈ উঠিল, যেন জুইহে ওলাইছে। “আপুনি কি কৈছে? ফেক্স মেছিন বন্ধ হ’ব? সেই চেপেটা কম্পিউটাৰকেটাই পাৰিব এই ডকুমেণ্ট পঠাব?”- জ্বলি উঠিল মালাকৰ। মোৰ ফালে চোঁচা লৈ আহিল। আপুনি সিদিনা এই অফিছত জইন কৰি কি ভাবিছে? কাৰো দ’ম নাই ফেক্স মেছিন বন্ধ কৰে।” – মালাকৰৰ কপালেৰে ঘাম বৈ আহিল। “মনত ৰাখিব, এই ফেক্স মেছিন আৰু এই মালাকৰ – এই অফিছত এদিন নাথাকিলেই সব বন্ধ হৈ যায়! আপুনি কৈছে ফেক্স মেছিন বন্ধ হ’ব!” মালাকৰক শান্ত কৰা কঠিন হৈ আহিল। পৰিস্থিতি শান্ত কৰিবলৈ মোক বছে আনটো ৰূমলৈ পঠিয়াই দিলে। মই মোৰ ফাইলত মন দিলোঁ।

ইতিমধ্যে চাৰে সাত বাজি গ’ল। আটাইবোৰে অফিছ এৰিলে। মই এটা ফাইলৰ গতি লগাই থাকোঁতে দেৰি হৈ গ’ল। পিয়নজনে ক’লে – চাৰ নাযায়? বাকীবোৰ গৈ চাগে’ ভাত খাই শুলে।
পি. চি. চাট ডাউন কৰি মই নামি আহিলোঁ। অক্টোবৰ মাহৰ শেষার্ধৰ সময়। জাৰ আহি মন্দিৰৰ চূড়াবোৰত থূপ খাইছে। মই পাৰ্কিং প্লেচলৈ নামি গ’লোঁ। তাত কোনো নাছিল তেতিয়ালৈ। মোৰ বাইকখনে অকলে মোৰ বাবে অপেক্ষা কৰি আছিল। হেলমেটটো পিন্ধি মই বাইকৰ চেল্ফ টিপিলোঁ। এনেতে খৰধৰকৈ ছাঁ এটা মোৰ ফালে আগুৱাই আহিল। মোৰ পিঠিত হাত দিলে; কঁপি থকা হাত এখন। মই হেলমেটটো খুলি ল’লোঁ। “বর্মন বাবু, সঁচাকৈয়ে ফেক্স বন্ধ হৈ যাব নেকি!” সেয়া কঁপি কঁপি দুৰ্বল কণ্ঠেৰে মহাদেৱ মালাকৰ! দুচকুত শতাব্দীৰ কৰুণ বিননি…! প্রাক্ শীতৰ বতাহে উৰুৱাই অনা অজান গছৰ সৰাপাত এটা মোৰ বুকুত আহি লাগি ধৰিল…

                                                            *****************

One thought on “খেতে- খেতে-খেট্-খেট্-কুৱাক-কু-উ-ক … – জয়ন্ত আকাশ বৰ্মন

  • August 7, 2016 at 8:14 pm
    Permalink

    অত্যন্ত ভাল গল্প.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!