খেল ( প্ৰদ্যুতজ্যোতি শইকীয়া )

খেল

প্ৰদ্যুতজ্যোতি শইকীয়া

 

লোকপ্ৰিয় গোপীনাথ বৰদলৈ ষ্টেডিয়াম | লোকে লোকাৰণ্য | ফাইনেল খেলা | অসম বনাম ত্ৰিপুৰা | চু…..ই…..ট | অসমৰ ডিফেণ্সাৰ ৰবেন্দ্ৰ মুছাহাৰীৰ এটা সুতীব্ৰ শ্বট | গলকীপাৰৰ ওচৰৰ পৰা মিডফিল্ড পাৰ হৈ ষ্ট্ৰাইকাৰ নগেনৰ ভৰিত লাগিলগৈ বলটো | নগেনে ত্ৰিপুৰাৰ ডিফেণ্ডাৰৰ লগত অলপ চাতুৰী খেলিছে | আমাৰ ভাষাত নচুৱাইছে | গলকীপাৰৰ পৰা মাত্ৰ কেইফুটমান আগলৈকে আগুৱাই গ’ল নগেন | অপ্ৰতিৰোধ্য হৈ উঠিছে নগেন আজি | তিনিজন ডিফেন্সাৰক নচুৱাই এটা সুতীব্ৰ শ্বট ল’লে নগেনে | লক্ষ্য ত্ৰিপুৰাৰ গল পোষ্টৰ সোঁ কোনা | এক শ্বাসৰূদ্ধকাৰী পৰিৱেশ | দৰ্শকে চিঞৰি উঠিল “উফফফ” | বলে নেট টাচ্ছ কৰিবলৈ নেপালে | বান্দৰৰ দৰে জপটিয়াই ধৰি পেলালে ত্ৰিপুৰাৰ গলকীপাৰ থাং চুঙে | হতাশ মনেৰে মাটিত এটা প্ৰচণ্ড গোৰ সোধালে নগেনে |আকাশলৈ এবাৰ চাই আকৌ নিজৰ পজিচনৰ ফালে দৌৰ দিলে নগেনে |
চুমি থিয় হৈ থাকিব পৰা নাই তল পেটৰ বিষত | প্ৰচণ্ড বিষ | ইকাতি সিকাতি | যেন এখন যুঁজ | বিষত তত নাপাই চীত্
কাৰ কৰি উঠিছে তাই | নাৰ্চবোৰে লৰা ধপৰা কৰিছে | স্ত্ৰী আৰু প্ৰসূতি ৱাৰ্ডৰ গাতে লাগি থকা প্ৰসৱ কোঠা সাজু কৰা হৈছে | চুমিৰ দেউতাকে বাহিৰত পাইচাৰী কৰিছে |প্ৰসূতি বিশেষজ্ঞ ডাঃ বি. বৰুৱাৰ অলপ চিন্তাই হৈছে | তথাপিও ৯ বছৰীয়া ডাক্তৰী জ্ঞানৰ ফালৰ পৰা নিজকে প্ৰবোধ দিছে | হ’ব | পাৰিব তাই | “আই ঐ, মা মৰিলো ঔ ” — চুমিৰ এটা এটা প্ৰকাণ্ড চীত্
কাৰত কঁপি উঠে সৰু চহৰ খনৰ একমাত্ৰ ব্যক্তিগত চিকিত্
সালয়খন | নাৰ্ছৰ ডাঃ বৰুৱাক উদ্দেশ্যি বাক্য ” ছাৰ , এভ্ৰিথিং ইজ ৰেদি ” |ডাঃ বৰুৱাই খপজপকৈ নাৰ্ছক উদ্দেশ্যি কৈ উঠে “চিফট হাৰ “| যেন এখন খেলৰ বাবেহে প্ৰস্তুতি চলিছে |
কোনেও গল কৰিব পৰা নাই মেচখনত |দৰ্শক বাৰে বাৰে উত্তেজিত হৈ উঠিছে | সুদক্ষ ষ্ট্ৰাইকাৰ নগেনে ইতিমধ্যে তিনিটা ভাল শ্বট লৈছে | তাৰে দুটা লুজ শ্বট | এটা নিশ্চিত স্কৰ কৰিব পৰা শ্বট বাৰৰ ওপৰেৰে মাৰি পঠিয়াইছে |অধিনায়ক কৌশিকে মৃদুভাৱে নগেনক ধমকিয়াই উঠিছে “কুল কুল কুল নগ্গু কুল” | বল আকৌ এবাৰ মিডফিল্ডাৰ বিৰাজ বল্লভৰ হাতত | বাওঁফালৰ মিডফিল্ডাৰ নিশান্তৰ চিঞৰ বিৰাজক উদ্দেশ্যি — “পাছ পাছ পাছ বি.বি পাছ দে “| ত্ৰিপুৰাৰ ডিফেন্সাৰ দুজন অলপ আগবাঢ়ি আহি বিৰাজক আগুৰি ধৰিছে | নিশান্তলৈ বল পাছ নিদি সোঁফালে থকা নগেনলৈ এটা আকাশী শ্বটৰ যোগেদি পাছ দি পঠালে বিৰাজে | নগেনে বল লোৱাৰ লগে লগেই ৰেফাৰীৰ হুইচেল বাজি উঠিল |”হু…..ই……ট.| অফচাইদ |
চুমিক পৰীক্ষা কৰি চাবলৈ ডাঃ বৰুৱাই এপ্ৰন এটা পিন্ধি ল’লে | নাৰ্ছে এজোৰ গ্লভছ আগবঢ়াই দিলে | ডাঃ বৰুৱাক দেখি আকৌ চীত্
কাৰ কৰি উঠিল চুমিয়ে | ছাৰ হেল্প মি | হোৱেৰ ইজ মাই হাজবেণ্ড ? আই টল্ড হিম ন’ট টু গ’ টুদে | ডাঃ বৰুৱাই পৰীক্ষা কৰিলে | চুমিক উদ্দেশ্যি ক’লে — “ইউ হেভ ন’ট এনাফ টাইম টু ৰেফাৰছ’ | প্লিজ ডণ্ট ৱৰী | এভ্ৰিথিং ইজ অলৰাইট ” |

” নাৰ্ছ, ষ্টেৰিলাইজ দা ইনষ্ট্ৰুমেন্টছ | এষ্টিমেটেদ টাইম ৱান আৱাৰ | কীপ হাৰ আন্দাৰ ইষ্ট্ৰিক্ট অৱজাৰ্ৱেচন ” — নাৰ্ছক উদ্দেশ্যি কৈ উঠিল |
চুমিয়ে বুজিলেও নুবুজিলেও | আকৌ হঠাত্‍ বিষটোৱে পকাই ধৰিলে | “মা…….ঐ ” |চুমিৰ মুখৰ ফৰফৰাই থকা ইংৰাজী বিষ আহিলেই বিশুদ্ধ অসমীয়ালৈ ৰূপান্তৰিত হয় | নাৰ্ছে ইনষ্ট্ৰুমেন্টবোৰ ষ্টেৰিলাইজাৰত দি বৰ্ডৰ চুইচটো অন কৰি দিলে | চুমিয়েও আকৌ এবাৰ চিঞৰি উঠিল ” পা…পা….”
মিডফিল্ডাৰ বিৰাজ আৰু ষ্ট্ৰাইকাৰ নগেন দুৰন্ত হৈ উঠিছে হাফ টাইমৰ পাছত | যেন একো একোটা ক্ষুধাতুৰ বাঘহে | গলকীপাৰ ফেদ্ৰিক দৈমাৰীয়ে দিয়া চৰ্ট শ্বটতো ৰিচিভ কৰি বিৰাজ আকৌ চেণ্টাৰৰ পৰা ত্ৰিপুৰাৰ গলপোষ্ট অভীমুখে আগবাঢ়িব ধৰিলে | মাজতে ভেটি ধৰিলে ত্ৰিপুৰাৰ মিডফিল্ডাৰ চাঞ্চুমাই | নিশান্তলৈ এটা দীঘলীয়া পাছ | নিশান্ত
ই ত্ৰিপুৰাৰ ডিফেন্সাৰ দুটাক পাছ পেলাই আগবাঢ়িব ধৰোঁতেই হামখুৰি খাই পৰিল | নিশান্ত
ই চিঞৰি উঠিল “ফা…..উউউ…..ল” | ৰেফাৰীয়ে গুৰুত্ব নিদিলে | ত্ৰিপুৰাও কোনো গুনে কম নহয় | আকৌ এবাৰ জোৰ দি চাব খুজিলে | ত্ৰিপুৰাৰ ষ্ট্ৰাইকাৰ মিথিলেশে ফাউল হোৱা ঠাইৰ পৰাই বল আগুৱাই লৈ গ’ল | মিডফিল্ডাৰ বিৰাজক চাতুৰালিৰে ঠগি বল লৈ গ’ল | আৰু দুজনক ঠগী দুৰন্ত গতিত আগবাঢ়িল মিথিলেশ | অসমৰ দুৰ্ধৰ্ষ ডিফেন্সাৰ ৰবেন্দ্ৰ মুছাহাৰীয়ে তলকিব
ই নোৱাৰিলে কেতিয়া বল ভৰিৰ তলেৰে বল লৈ গ’ল মিথিলেশে | দৰ্শকৰ সমবেত চিঞৰ | অ….উ……উ….উ….| চলন্ত অৱস্থাতে মিথিলেশৰ ঘণ্টাত ১৩৮ কিমি গতিৰ শ্বট |বহি পৰিল মিথিলেশ | বাওঁ পোষ্টত লাগি উফৰি কৰ্নাৰ ফাললৈ বলটোগুচি গ’ল | মিথিলেশে গম পালে অসমে আৰু এনেকোৱা সুযোগ কেতিয়াও নিদিয়ে |
চুমিৰ বিষ বাঢ়ি আহিছে | নাৰ্ছে এটা চেলাইন সংযোগ কৰিছে | মাকক অনুমতি দিয়া হৈছে কাষত থাকিবলৈ | চুমিয়ে মাজে মাজে চিঞৰি আছে |নাৰ্ছগৰাকীয়ে ষ্টেৰিলাইজাৰটোৰ পৰা ইনষ্ট্ৰুমেন্টবোৰ এটা এটাকৈ উলিয়াইছে | ট্ৰেত ধালিছে |ঠং ঠং শব্দ | বাহিৰত উদ্বিগ্ন ভাৱে চুমিৰ দেউতাকৰ খোজ | ডাঃ বৰুৱা আকৌ সোমাই আহিল | এপ্ৰণ গাত আছেই | নাৰ্ছে বৰুৱাৰ ফালে চালে |মাক্স লগোৱা মুখেৰে বৰুৱাই কৈ উঠিল “ফুল ডাইলেট | এদ হাফ এম্পোল অক্সিট’চিন ইন দা আই ভি দ্ৰিপ” |পিন্ধি থকা গ্লভছজোৰৰ ওপৰত আৰু এযোৰ গ্লভছ লগাই ল’লে বৰুৱাই |চুমিৰ আকৌ মৰনকাতৰ চিঞৰ “মা…অ …উ ” |বৰুৱাই ইতিমধ্যে অন্যান্য আনুষাংগিক কামবোৰ আৰম্ভ কৰি দিছিল |
অসমৰ কাৰণে এটা কৰ্নাৰ কিক | শ্বট লব বিৰাজে | ইতিমধ্যে যোৱা দুখন খেলত কৰ্নাৰ কিকেৰে গ’ল কৰি অসমক জয়ৰ মুখ দেখোৱাইছে বিৰাজে |এটা দীঘলীয়া শ্বট | দেহৰ সৰ্বশক্তিৰে জাপ দিলে ত্ৰিপুৰাৰ ডিফেন্সাৰজনৰ লগত নিশান্ত আৰু নগেনে | নিশান্তৰ মুৰত লগি বলটো নেটৰ ফাললৈ আগুৱাবলৈ লওঁতেই ত্ৰিপুৰাৰ ডিফেন্সাৰ এজনে বেক ভলী মাৰি বলটো চেণ্টাৰত পোৱাই দিলে |টৰ্জেনে বলটো সুন্দৰ ৰিচিভ কৰিলে | ত্ৰিপুৰাৰ মিডফিল্ডাৰ টৰ্জেনৰ আগত সুযোগ |খুব সাৱধানে বল আগুৱাই লৈ গ’ল অসমৰ গল পোষ্ট অভীমুখে |ৰবেন্দ্ৰ মুছাহাৰী আকৌ আগুৱাই আহিল | ৰবীন্দ্ৰ
ই ঢুকি পোৱাৰ আগতেই শ্বট ল’লে টৰ্জেনে |চিধাই বল গৈ অসমৰ গলকীপাৰ নবেন্দুৰ হাতত | মুখেৰে ভোৰ ভোৰাই উভতি আহিল টৰ্জেন বৰ্মন |

ডাঃ বৰুৱা ব্যস্ত হৈ উঠিছে | নাৰ্ছৰ ওপৰত অৰ্ডাৰ ঘনাই পৰিছে | অসম ত্ৰিপুৰাৰ ফাইনেলত এক্সট্ৰা টাইম | বল ৰবেন্দ্ৰ মুছাহাৰীৰ ভৰিত| লাহে লাহে আগুৱাই নিছে মিডফিল্ডলৈ | চুমিৰ দাঁত কামোৰ মাৰি মৰা চিঞৰ ” অ..মা” | মুচাহাৰীৰ পাছ বিৰাজলৈ | বৰুৱাৰ নিৰ্দেশ নাৰ্ছলৈ — ” ইনক্ৰিজ দা আই ভি লাইন ফ্ল’|লেট ফ্ল ইট ফাৰ্ষ্টাৰ |চুমি অলপ জোৰ দিয়া” | বিৰাজক আগুৰি ধৰিছে মিড্ফিল্ডাৰ আৰু ডিফেন্সাৰ এটাই | ডাঃ বৰুৱাৰ মুখৰ ভিতৰত ভোৰভোৰনি — “অৱষ্ট্ৰাকচন ” |বিৰাজে বল ঠেলিলে নগেনলৈ |নগেন আগুৱাব নোৱাৰিলে ডিফেন্সাৰৰ পৰা | নিশান্তলৈ দীঘলীয়া পাছ | চুমিয়ে ঘামি জামি চিঞৰি উঠিল –“আৰু নোৱাৰো ছাৰ | পেটতোকে ফালি পেলাওক”| নগেনৰ ওচৰৰ পৰা আগুৱাই যোৱা ডিফেণ্ডাৰ দুটাক ঠগিবলৈ নিশান্ত পাচ দিলে পুনৰ বিৰাজলৈ | বিৰাজে আকৌ নিশান্তলৈ | ডাঃ বৰুৱাই চিঞৰি উঠিল– “নাৰ্ছ, গিভ আ লাইট ফাণ্ডেল প্ৰেছাৰ |মাইণ্ড ইট ,লাইটলী “| বৰুৱাই চাৰ্জিকেল ট্ৰেখনৰ পৰা ষ্টেৰাইল পেদ এটা ল’লে | নিশান্ত
ই ঠেলিলে ষ্ট্ৰাইকাৰ গোবিন্দলৈ | বিৰাজ সোমাই আহিছে ষ্ট্ৰাইকাৰ পজিছনলৈ |বিৰাজৰ ভৰিত বল |পুনৰ কৰ্নাৰত থকা নগেনলৈ | নাৰ্ছৰ ফাণ্ডেল প্ৰেছাৰ চুমিৰ পেটত | চুমিৰ দাঁত কৰচাৰ শব্দ — “কট কট কট কট” | নগেনৰ পাছ পোষ্টৰ ফ্ৰণ্টত থকা বিৰাজলৈ | বৰুৱাৰ অৰ্ডাৰ নাৰ্ছক — ” চিজাৰ ” | বিৰাজৰ তীব্ৰ শ্বট গল পোষ্টলৈ | চুমিৰ এইবাৰ আগতকৈ ডাঙৰ চিঞৰ– ” ই…ই ….ই ..ই…..মা…..ঔ” | ত্ৰিপুৰাৰ গলকীপাৰৰ জপিয়াই বলত এখন হাতেৰে খুণ্ডা | বৰুৱাৰ চিঞৰ — “পুছ ইট নাৰ্ছ |আই এম গিভিং গাৰ্ড|” শূন্যত বল | ডাঃ বৰুৱাৰ কপালত ঘাম | নগেনৰ শূন্যত এটা দীঘলীয়া দ্ৰাইভ | ডাঃ বৰুৱাৰ স্বৰ্গোক্তি — “হেদ ইজ কামিং ” | এটা নিখুঁত শ্বট নগেনৰ | ডাঃ বৰুৱাৰো অভিজ্ঞ হাতৰ নিখুঁত কেটছ | বল ত্ৰিপুৰাৰ নেটত | দৰ্শকৰ চিঞৰ | বৰুৱাৰ হাতত নৱজাতকটোৰ কান্দোন |ওঁৱা..ওঁৱাও …ওঁৱা |নগেনক ডাঙি ধৰিলে লগৰ মখাই |বৰুৱাইও বেবিটোক ডাঙি পিঠিত দুই ঠাপৰ দি দিলে |অসম জিকিল ১-০ ত | চুমিৰ মুখতো +১ জয়ৰ হাঁহি | ম
ইও লাহেকৈ মনৰ কম্পিউটাৰটো শ্বাট ডাউন কৰিলো | খেলা শেষ |

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!