খৰিচাৰে কলমৌ শাক ভাজি – ৰূপলেখা দেৱী

বাৰিষাৰ দিনকেইটিত কলমৌ শাক অপৰ্যাপ্ত পৰিমাণে পোৱা যায়৷ এই শাক বিধ জেঠ মাহ মানৰ পৰা ভাদ মাহলৈ খোৱা হয়৷ কথিত আছে যে ভাদ মাহত ভগৱান শ্ৰী কৃষ্ণই হেনো কলমৌ পাতত জন্ম লাভ কৰিছিল৷ গতিকে জন্মাষ্টমীৰ পিচত আৰু এই শাকবিধ খাব নাপায়৷ তলত ইয়াৰ এটা অতি সাধাৰণ মচলাবিহীন সহজ ৰন্ধন প্ৰণালী দিয়া হ’ল৷

কোমল কলমৌ লাক দুমুঠি
খৰিচা দুই টেবুল চামুচ
নিমখ হালধি আৰু জলকীয়া নিজৰ জোখমতে
পাচফুৰণ আধাচামুচ
মিঠাতেল জোখমতে

প্ৰণালীঃ–
শাকখিনি ভালদৰে ধুই মিহিকৈ কাটি লব৷ কেৰাহী গৰম হ’লে মিঠাতেল দি তেল পকিলে পাচফুৰণ ফুটাই শাকখিনি দি নিমখ হালধি দিব৷ কিছু সময় ভাজি ঢাকোন দি জুই কমাই দিব৷ মাজে মিজে লৰাই থাকিব৷ শাকখিনি সিজিলে খৰিচাখিনি দি পুনৰ ভালকৈ লৰাই পাচমিনিট মান ৰাখি ভাজিখন নমাই থৈ ভাতৰ লগত পৰিবেশন কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!