খৰিচা আৰু কঠালগুটিৰ চালাদ – ৰূপলেখা দেৱী

উপকৰণঃ
কঠালগুটি ১২/১৫টা মান
খৰিচা তিনি টেবুল চামুচ
পিয়াঁজ এটা
জলকীয়া তিনি /চাৰিটামান
ধনিয়াপাত অলপ(ঐচ্ছিক)
সৰিয়হৰ তেল সামান্য
নিমখ জোখাৰে

প্ৰণালীঃ
কঠালগুটি কেইটা শুকানে কেৰাহীত ভাজি লব৷ কেৰাহীত দিয়াৰ আগতে গুটি কেইটা কটাৰীৰে অলপ কাটি কাটি লব আৰু জুই কমাই দিব৷ গুটিকেইটা সিজিলে বাকলি গুচাই পিটিকা কৰি ল’ব৷ পিয়াঁজ, জলকীয়া আৰু ধনিয়াপাত মিহিকৈ কুটি ল’ব৷ পাত্ৰ এটাত পিটিকি লোৱা কঠালগুটি, খৰিচা, পিয়াঁজ, জলকীয়া, ধনিয়াপাত, নিমখ, সৰিয়হৰ তেল দি ভালকৈ মিহলাই লৈ ভাতৰ লগত পৰিবেশন কৰক৷ গৰম ভাত বা পইতা ভাতৰ লগত খাবলৈ বৰ ভাল পাব৷ মই ধনীয়া পাত দিয়া নাই

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!