গণতন্ত্ৰত সংবাদ মাধ্যমৰ ভূমিকা (দ্বিজেন্দ্ৰ নাথ শৰ্মা)

গণতন্ত্ৰ চাৰিটা স্তম্ভৰে গঠিত বুলি কোৱা হয়‍: বিধান মণ্ডল( Political System), কাৰ্যপালিকা (Administrators) ন্যায়পালিকা {Law Agencies (courts and police)} আৰু সংবাদ মাধ্যম (Media)। এই চাৰিটা ব্যৱস্থা সুচাৰু ৰূপে পৰিচালিত হৈ থাকিলেহে গণতন্ত্ৰ মজবুত হৈ থাকে। গণতন্ত্ৰত সংবাদ মাধ্যমৰ গুৰুত্ব অপৰিসীম। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৰূপে খ্যাত সংবাদ মাধ্যমৰ মূল কামটোৱে হ’ল শাসন পৰিচালনা ব্যৱস্থাটোৰ লগত সমাজৰ সংযোগ ৰক্ষা কৰা। জনগন আৰু শাসন ব্যৱস্থাৰ মাজত সেঁতুৰ কাম কৰে সংবাদ মাধ্যমে। গণতন্ত্ৰৰ সফলতাৰ মূল চৰ্ত জনগণৰ ৰাজনৈতিক সচেতনতা। ৰাজনৈতিক সচেতনতা গঢ়ি উঠিবলৈ জনসাধাৰণৰ সাম্প্ৰতিক ৰাজনৈতিক ঘটনাক্ৰমৰ লগত পৰিচিতি থাকিব লাগিব। শাসন ব্যৱস্থাৰ লগত জনসাধাৰণৰ প্ৰত্যক্ষ যোগাযোগ প্ৰায় নাথাকেই। শাসন যন্ত্ৰৰ ঘটনাক্ৰমৰ প্ৰকৃত ছবি জনসাধাৰণ আগত দাঙি ধৰি ৰাজনৈতিক আলেখ-লেখ দিয়াৰ লগতে প্ৰতিটো ৰাজনৈতিক ঘটনাক্ৰম নিৰপেক্ষ তথা জনকল্যাণমুখী দৃষ্টিভংগীৰে বিশ্লেষণ কৰি জনসাধাৰণৰ ৰাজনৈতিক চেতনা বৃদ্ধি কৰাৰ লগতে জনসাধাৰণক সঠিক ৰাজনৈতিক সিদ্ধান্ত লোৱাত সহায় কৰাত এক নিৰপেক্ষ আৰু জনকল্যাণকামী সংবাদ মাধ্যমৰ বিশেষ ভূমিকা আছে। এই দিশেৰে চাব গলে যদি কোনো এখন দেশৰ জনসাধাৰণ যদি সঠিক ৰাজনৈতিক সিদ্ধান্ত লোৱাত ব্যৰ্থ হৈছে, তেতিয়াহ’লে আমি ক’ব লাগিব সেই দেশৰ সংবাদ মাধ্যমে তাৰ দায়িত্ব সঠিকভাৱে পালন কৰিব পৰা নাই। গণতন্ত্ৰৰ সফলতাত যিদৰে সংবাদ মাধ্যমৰ অৱদান অনস্বীকাৰ্য, তেনেকৈ এটা কাণ্ডজ্ঞানহীন পক্ষপাত দুষ্ট সংবাদ মাধ্যম গণতন্ত্ৰৰ বাবে ক্ষতিকাৰক। অকল সংবাদ প্ৰেৰণতে সংবাদ মাধ্যমৰ ভূমিকা শেষ নহয়। সংবাদৰ প্ৰভাৱ আৰু প্ৰতিক্ৰিয়া সম্পৰ্কে সংবাদ মাধ্যমৰ সচেতনতাৰ বিশেষ প্ৰয়োজন আছে।

সংবাদ মাধ্যমৰ স্বাধীনতা……
নিৰপেক্ষ ভূমিকা পালন কৰিবলৈ সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰয়োজন। কিন্তু শাসন যন্ত্ৰৰ অহৈতুক ৰাজনৈতিক হস্তক্ষেপে কিদৰে সংবাদ মাধ্যমৰ মত প্ৰকাশৰ স্বাধীনতা খৰ্ব কৰি আহিছে সেই সম্পৰ্কত বিভিন্ন দেশৰ ৰাজনৈতিক ঘটনা প্ৰবাহত নজৰ ৰখা ব্যক্তিমাত্ৰেই অৱগত। ১৯৯০ চনত পেলেষ্টাইনৰ এগৰাকী আগশাৰীৰ সাংবাদিকক ৱেষ্ট ৱেংক জেললৈ প্ৰেৰণ কৰা হৈছিল। অপৰাধ আছিল তেও পেলেষ্টাইন লেজিচলেটিভ কাউঞ্চিলৰ অধিৱেশনৰ সম্প্ৰচাৰ কৰিছিল। প্ৰশ্ন হয়, জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধিয়ে দেশৰ সৰ্বোচ্চ সদনত বহি কি কৰি থাকে তাৰ বিৱৰণ জনসাধাৰণৰ আগত দাঙি ধৰাটো যদি অপৰাধ হয়, তেনেহ’লে সংবাদ মাধ্যমৰ কাম কি‌? আমি ভাৰতবৰ্ষতো বিভিন্ন কেলেংকাৰী উন্মোচনৰ পিছত সংবাদ মাধ্যম ৰাজনৈতিক ভাবুকি বা হেঁচাৰ সন্মুখীন হোৱাৰ খবৰৰ স’তেও অপৰিচিত নহয়। বহুত সময়ত ৰাজনৈতিক হস্তক্ষেপ সংবাদ মাধ্যমৰ সন্মুখত সংবাদ মাধ্যমৰ ভূমিকা পালনৰ অন্তৰায় ৰূপে থিয় দিয়া দেখা যায়। আনকি বহুত পোষ্ট-কমিউনিষ্ট দেশৰ সংবিধানতেই সংবাদ মাধ্যমৰ স্বাধীনতা কৰ্তন কৰি থোৱা আছে। ৰাজনৈতিক হস্তক্ষেপেৰে হেঁচি ৰখা এটা সংবাদ মাধ্যমে কেতিয়াও নিৰপেক্ষভাৱে নিজৰ কৰ্তব্য পালন কৰিব নোৱাৰে।

ৰাজনৈতিক ব্যৱস্থাৰ লগত দৃষ্টিকটু মিতিৰালিও সুস্থ সংবাদ মাধ্যমৰ লক্ষণ নহয়। সুস্থ গণতন্ত্ৰৰ বাবে তথ্যভিত্তিক সংবাদেৰে (informative news) ৰাজনৈতিক ব্যৱস্থাতকৈ সমাজৰ সৈতে হে ওচৰ আৰু সুহৃদ সম্পৰ্ক ৰক্ষা কৰা সংবাদ মাধ্যমে গণতন্ত্ৰ মজবুত কৰাত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। এতিয়া আজি সংবাদ মাধ্যমে কাৰ লগত বেচি ওচৰ সম্পৰ্ক ৰক্ষা কৰে, সেয়া ৰাইজৰ বিচাৰ্য বিষয়। শাসক পক্ষৰ বিভিন্ন কাৰ্যৰ নিৰ্মোহ বিশ্লেষণেৰে সমাজৰ সতে সুস্থ সম্পৰ্ক ৰক্ষা কৰা সংবাদ মাধ্যমেহে বলিষ্ঠ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাত সহায়ক হয়।(Healthy relationship between media and society is the most effective way to strengthen the media’s contribution to democracy.)
শাসকপক্ষৰ শত্ৰুতা কৰাই সংবাদ মাধ্যমৰ কাম নহয় যদিও স্তাৱকৰ ভূমিকা লোৱা সংবাদ মাধ্যম কেতিয়াও সুস্থ গণতন্ত্ৰৰ উপাদান নহয়। প্ৰথমতে, বিভিন্ন চৰকাৰী কামকাজৰ শুদ্ধ তথ্যভিত্তিক সম্প্ৰচাৰৰ নিশ্চিতি, গণতন্ত্ৰৰ সুস্বাস্থ্যৰ প্ৰয়োজনীয় চৰ্ত। ই জনগণৰ ৰাজনৈতিক চেতনা বৰ্ধক হিচাপে কাম কৰে। আনহাতে, পক্ষপাত মুলক সম্প্ৰচাৰ আৰু ভুল তথ্যৰ প্ৰচাৰে জনমানসত বিভ্ৰান্তিৰ সৃষ্টি কৰে, সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা হ্ৰাস কৰে আৰু প্ৰকাৰান্তৰে ই জনসাধাৰণৰ ৰাজনৈতিক উদাসীনতাৰ কাৰক হৈ পৰে। দ্বিতীয়তে, সংবাদ মাধ্যমৰ মূল দায়িত্বটোৱেই হ’ল জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হৈ, জনসেৱাৰ শপত লৈ, শাসকৰ ভূমিকাত অৱতীৰ্ণ হোৱা জনপ্ৰতিনিধি সকল, অৰ্থাৎ চৰকাৰৰ কামকাজত জনসাধাৰণৰ আশা-আকাংক্ষাৰ প্ৰতিফলন ঘটিছে নে নাই তাক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি জনমানসত দাঙি ধৰা। শাসন যন্ত্ৰৰ স্তাৱকৰ ভূমিকা লোৱা সংবাদ মাধ্যম গণতন্ত্ৰত নায়ক নহয় বৰঞ্চ চৰকাৰৰ তোষামোদকাৰীৰ ভূমিকা লোৱা সংবাদ মাধ্যম মজবুত গণতন্ত্ৰ প্ৰতিস্থাৰ অন্তৰায় হৈ পৰে। বিভিন্ন চৰকাৰী কামকাজৰ নিৰ্মোহ বিশ্লেষণ কৰিব যাওঁতে সংবাদ মাধ্যম ৰাজনৈতিক (হেঁচা ) চাপৰ সন্মুখীন হ’বলগীয়া হোৱাটো যিকোনো দেশতে স্বাভাৱিক ঘটনা। কিন্তু ৰাজনৈতিক ব্যৱস্থাটোক সন্তুষ্ট ৰাখি চৰকাৰৰ আশিসধন্য হৈ পক্ষপাত মুলক বা অসম্পূৰ্ণ বা আংশিক বা ভুল বা বিকৃত তথ্যভিত্তিক বাতৰি প্ৰচাৰেৰে গণতান্ত্ৰিক প্ৰমূল্যৰ ওপৰত আঘাত সনা সংবাদ মাধ্যমতকৈ কিছুমান ক্ষেত্ৰত, কিছুমান সমাজত, চৰকাৰৰ লগত বৈৰী মনোভাৱাপন্ন সংবাদ মাধ্যমৰ উপস্থিতিটোকহে দৃঢ় আৰু সুস্থ ভাবে পৰিচালিত হৈ থকা গণতন্ত্ৰৰ পৰিচায়ক বুলি ধৰা হয়। (In some societies, an antagonistic relationship between media and government represents a vital and healthy element of fully functioning democracies.)
(অসম্পূৰ্ণ)
সংবাদ মাধ্যম প্ৰভাৱিত হোৱাৰ কাৰক সমূহ
১) এই সংযোগ মাধ্যমটো মূলতঃ কোনে নিয়ন্ত্ৰণ কৰে
২) সংবাদ সেৱা নে ব্যৱসায়
৩) নিৰপেক্ষ সংবাদ বিনিময়ত সংবাদ মাধ্যমৰ প্ৰত্যাহ্বান সমূহ
৪) সংবাদ মাধ্যমৰ বলিষ্ঠ ভূমিকা নিশ্চিতি কৰণত ৰাষ্ট্ৰৰ দায়িত্ব
গণতন্ত্ৰত সংবাদ মাধ্যমৰ ভূমিকা আলোচনাত এইকেইটা বিষয়ত আলোচনা নকৰিলে আলোচনা অসম্পূৰ্ণ হৈ ৰব। পৰবৰ্তী সময়ত আমি এই বিষয়ৰ কেইটাৰ ওপৰত আলোকপাত কৰিবলৈ চেষ্টা কৰিম।

 

2 thoughts on “গণতন্ত্ৰত সংবাদ মাধ্যমৰ ভূমিকা (দ্বিজেন্দ্ৰ নাথ শৰ্মা)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!