গণতন্ত্ৰ দিৱসৰ স্নেপশ্বটঃ (ৰক্তিম শৰ্মা)


পতাকাক্ষেত্ৰত সমাগত জনতা ৷ বাহিৰত বিলাসী গাড়ীৰ দীঘলীয়া শাৰী ৷ পুলিচৰ পেঁ পেঁ ৷ কেইজনমানৰ মূৰত গান্ধী টুপী , খদ্দৰৰ চোলা ৷ উগ্ৰ প্ৰসাধন কৰা মহিলা সকলৰ লিপষ্টিকৰ তিৰবিৰণিত যেন জিলিকি উঠিছে বিকাশমান ৰাষ্ট্ৰ ৷ আম জনতাৰ মূৰত গণতন্ত্ৰৰ টুপী ৷ মাথাত মাঘৰ ৰ’দ ৷

মহান গণতন্ত্ৰৰ ভাষণ দি মুখেৰে লেলাৱতী ওলাই যোৱা ব্লেকলিষ্টেড ঠিকাদাৰ মন্ত্ৰীৰ দ্বাৰা পতাকা উত্তোলন , ৰ’দত লেবেজান গণতন্ত্ৰপ্ৰেমী জনতা ৷ সদায় ভুল জৰি ডালকে টানি পোৱা গণতন্ত্ৰৰ গাঁঠি লগোৱা নেতাৰ শেষ বিজয় ৷
ভাৰত মাতা কি জয় ৷


চেলেপু নেতাৰ ষ্টাইলিচ ঘৈণীসকলৰ বেসুৰা ৰাষ্ট্ৰীয় সংগীত , নিজে নিজেগৈ মঞ্চত উঠি আসনখন লোৱাৰ ধান্দা কৰা তেলুৱা নেতাগণৰ উথপথপ ৷ ৰ’দত পোৰা আম আদমিৰ গাৰ গোন্ধ ৷

জনসমাগমলৈ দলিয়াই দিয়া মহান গণতন্ত্ৰৰ মুঠিয়ে মুঠিয়ে পঞ্চাশ পইচাৰ চকলেট , চকলেট বুটলিবলৈ হেতা-ওপৰা লগোৱা আম জনতাৰ খাবলৈ নোপোৱা লেৰেলা চেপেটা পোৱালিৰ জাক ৷ পুলিচৰ লাঠি , হুইচেলৰ পেঁ পেঁ ৷

মঞ্চত চেলেপু নেতা , তেলুৱা নেতা , ঠিকাদাৰ মন্ত্ৰীৰ হাতত পেকেট লাঞ্চ , ডাবৰ পানী ৷ লিপষ্টিকৰ ৰং নাযাবলৈ খাটি চানাৰ মিঠাইত লাহেকৈ কামোৰ দিয়া বাইদেউসকল ৷

নেতাৰ বাবে ডাব কাটিবলৈ কটাৰী বিচাৰি হাবাথুৰি খোৱা চক্ৰ বিষয়াৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হৰকান্ত কাই ৷ যেন ডাব খাব নাপালে নেতাসবৰ জিউ যায়েই আৰু ৷

পুৱাৰ পৰা বাটকুৰি বাই গণতন্ত্ৰ দিৱস চাবলৈ অহা মেংগ’ পিপুলৰ পেটৰ চমচম চকুৰ ধোঁৱা-কোঁৱা ৷ নেতাৰ প্ৰতিশ্ৰুতিৰ বৰঢোলৰ কোব শুনি তাঁৰ ছিঙি যোৱা দুটামানৰ চিধাই চুলাই ঘাটিলৈ গৈ তাঁৰ জোৰা লগোৱাৰ পৰিকল্পনা ৷

চহৰৰ ঘৰে ঘৰে গণতন্ত্ৰ দিৱসত শ্বহীদ হোৱা মুৰ্গী ৷ ৱাইন শ্বপত গণতন্ত্ৰপ্ৰেমীৰ দীঘলীয়া শাৰী ৷ চাবধান ৷ বিশ্ৰাম ৷

সন্ধিয়া হৰকান্ত কাই ডিঙিলৈকে চুলাই গিলি পতাকা খুলিবলৈ আহি কৰা অদ্ভুত চিঞৰ –
ব্ৰন্দে মাত্ৰম ! ভ্ৰত মাতা কি জয় ৷

Top of Form

Bottom of Form

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!