গণিত কি? কিয়? – খনিন্দ্ৰ ভূষণ মহন্ত

বিজ্ঞানৰ ৰাণী গণিত-কিছুমানৰ বাবে দুৰ্বোধ্য আৰু আন কিছমানৰ কাৰণে জীৱন যাত্ৰাৰ পথিকৃৎ৷ স্বকীয়তাৰ বাবে প্ৰাচীন কালৰে পৰা গণিত মানৱ সভ্যতাৰ বাটকটীয়া হিচাপে চিহ্নিত হৈ আহিছে৷ কুলু কুলু সুৰেৰে বৈ যোৱা অসংখ্য জান-জুৰিৰ পৰা নৈ, অসংখ্য নৈ গৈ মহাসাগৰ সৃষ্টি হোৱাৰ দৰে সৰু সৰু শিলগুটি গণনাৰ পৰা আৰম্ভ কৰি সময়ৰ সোঁতত লগ খাই অসংখ্য বিৰল গণিতজ্ঞ আৰু বৈজ্ঞানিক অন্তৰৰ চিন্তাধাৰাৰ পৰা বৈ অহা মূল্যৱান আৰু কালজয়ী সূত্ৰসমূহৰ নৈ বৈ বাস্তৱ জগতখনত বুজাব নোৱাৰাকৈ গণিত মহাসাগৰত পৰিণত কৰিছে৷ আঁৰে আঁৰে থাকি গণিতে নিৰস বাস্তৱ জগতখনক সৰস বিজ্ঞান জগতলৈ ৰূপান্তৰিত কৰি মানৱ জাতিৰ অশেষ উপকাৰ সাধন কৰি আহিছে৷ আমাৰ জীৱনৰ প্ৰতিটো ঘটনা প্ৰৱাহেই গণিতৰে আবৃত হৈ আছে৷ আমাৰ প্ৰতিটো কথাই গণিতৰ সূতা এডালৰে গাঁঠি থোৱা আছে বুলি ক’লে বঢ়াই কোৱা নহ’ব৷ এই সূতাডাল হ’ল যুক্তিৰ সূতা, ই আমাক সভ্যতালৈ নিয়ে৷ গাণিতিক সভ্যতা প্ৰতিষ্ঠাপিত হয় কিছুমান সূক্ষ্ম আৰু শক্তিশালী অথচ যুক্তিৰে ভৰা সূত্ৰৰ দ্বাৰা৷ এইবোৰেই গণিতৰ প্ৰাণ, গণিতৰ ভেঁটি৷ ইয়াত নিহিত আছে এক নান্দনিক বিভূষা৷

গণিতৰ ইংৰাজী প্ৰতিশব্দ “মেথেমেটিক্স (Mathematics)”, গ্ৰীক শব্দ “মেথেমেটা”ৰ পৰা উদ্ভৱ হৈছে৷ যিবোৰৰ বিষয়ে জ্ঞান আহৰণ কৰা হয় তাকেই মেথেমেটা বুলি কোৱা হয়৷ গণিতৰ সংজ্ঞাৰ বিষয়ে বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷ তাৰ ভিতৰত Aristotle আৰু Eugene Winger ৰ সংজ্ঞা উল্লেখয্যোগ্য৷

Aristotle ৰ মতে, “Mathematics is the science of quantity” আৰু Eugene Winger ৰ মতে, ”Mathematics is the science of skilful operations with concepts and rules just for the skilful operations.”

সংখ্যাক আশ্ৰয় কৰি স্বাভাৱিকভাৱে প্ৰয়োজনৰ দাবীত গণিত শাস্ত্ৰ গঢ় লৈছিল যদিও সংখ্যাই গণিতৰ শেষ কথা নহয়৷ কোনো এটা প্ৰস্তাৱনা যুক্তিৰে বিশ্লেষণ কৰি এক সত্য সিদ্ধান্তত উপনীত হোৱাটোৱেই হ’ল গণিতৰ প্ৰধান লক্ষ্য ৷

বহুতেই প্ৰশ্ন কৰে- গণিত কিয় শিকিব লাগে? কি উদ্দেশ্যৰে গণিত শিকিব লাগে? শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ মূল্যনো কিমান? জীৱনত ইয়াৰ কি প্ৰয়োজন আছে ইত্যাদি ইত্যাদি……৷ এই ক্ষেত্ৰত গণিতজ্ঞসকলৰ মত এনেধৰণৰ – “গণিতৰ জ্ঞানে এজন ব্যক্তিক ক’ব নোৱাৰাকৈ জীৱনৰ ওপৰত প্ৰভাৱ পেলায়৷ অগোচৰে মনটো পৰিৱৰ্তিত হয়, যেনে স্ব-নিৰ্ভৰতা, আত্মবিশ্বাসী, যিকোনো কামত একাগ্ৰতা, টান কাম কৰিবলৈ ভাল পোৱা, বুজাই দিব পৰা শক্তি বৃদ্ধি, ভাবৰ উৎকৰ্ষ সাধন, সৃজনী শক্তি বৃদ্ধি, অনুসন্ধিৎসু ভাৱৰ বৃদ্ধি ইত্যাদি।” সেই কাৰণেই ক’ব পাৰি যে গণিত জীৱন-যাত্ৰাৰ আঁৰত তেজ-মঙহৰ সম্বন্ধৰ দৰেই জড়িত হৈ আছে৷ কোনো কোনো গণিতজ্ঞই ইয়াকো ক’ব খোজে যে –“If people do not believe that mathematics is simple, it is only because they do not realize how complicated life is.”

এক, দুই, তিনি……আদি গণিব পৰা অৱস্থাৰ পৰা এতিয়ালৈকে আমি গণিতৰ যি বিস্তাৰ দেখিছোঁ, ই নিঃসন্দেহে অবিশ্বাস্য৷ গণিত এতিয়া কেৱল বিজ্ঞানৰ ৰাণী হৈ থাকা নাই, আন সকলো বিষয়ৰে এক অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ ইয়াৰ প্ৰৱেশ বিজ্ঞানৰ সকলো শাখা, কলাৰ ভিতৰত প্ৰাকৃতিক বিজ্ঞানত, ৰন্ধনীশালত অথবা সাজ-সজ্জাত৷ গণিতৰ বিকাশে জন্ম দিছে ন ন কাৰকৰী বিজ্ঞানৰ৷ ইফালে কাৰকৰী বিজ্ঞানে আমাক দিছে হাজাৰ হাজাৰ উপজাত সামগ্ৰী, যিয়ে আমাক দৈনন্দিন জীৱনলৈ আৰাম, উপভোগ আৰু সৌন্দৰ্য আনিছে৷

বিকাশ অগ্ৰগতিৰ এক অবিশ্ৰান্ত ধাৰা৷ যুগে যুগে বিকশিত হৈ গণিতৰ নিত্য-নতুন চিন্তা-ধাৰাই ইয়াক চিৰ নতুন কৰি ৰাখিছে৷ পাটীগণিতক ঠেলি, সংখ্যাৰ সীমাৱদ্ধতাক নেওচি আহিল বীজগণিতৰ নতুন প্ৰবাহ৷ মহামতি ইউক্লিডৰ জ্যামিতিৰ কান্ধত কান্ধ মিলাই ঠাই ল’লে পাটীগণিত আৰু বীজগণিতৰ মিশ্ৰিত ৰূপ স্থানাংক জ্যামিতিয়ে; যিয়ে সংখ্যাক বিন্দুৰূপে লেখত স্থাপন কৰাৰ কৌশল আনি দিয়ে৷ কুৰি শতিকাৰ মাজভাগৰ পৰা গণিতক দুটা ভাগত বিভক্ত কৰা হয়৷ এটা হ’ল বিশুদ্ধ গণিত (Pure Mathematics) আৰু আনটো ফলিত বা প্ৰায়োগিক গণিত (Applied Mathematics)৷ বিশুদ্ধ গণিতত গণিতৰ তত্ত্ব বিকাশ কৰিবলৈ যত্ন কৰা হৈছে৷ ইয়াত চিন্তা, যুক্তি আৰু স্বত্বঃসিদ্ধতাৰ আধাৰত গাণিতিক সত্য উপস্থাপন কৰা হয়৷ বিজ্ঞানৰ অধিক সংখ্যক আৱিষ্কাৰতে প্ৰায়োগিক গণিত ব্যৱহাৰ কৰিবই লাগিব৷ কৃত্ৰিম উপগ্ৰহ, ৰকেট উৎক্ষেপন, তাপ, পোহৰ, শব্দ আদিৰ পৰিৱৰ্তিত জ্যোতিৰ্বিদ্যা, নৌ বিদ্যা ইত্যাদি সকলোবোৰতে ইয়াৰ প্ৰয়োগ অনস্বীকাৰ্য৷ মুঠৰ ওপৰত কব পাৰি যে জগতখনক বাস্তৱ, বিজ্ঞান জগতলৈ পৰিৱৰ্তন কৰাৰ ই এক মূল আলম৷

আমাৰ সমাজত গণিতৰ প্ৰতি থকা উদাসীন মনোভাব সৰ্বজনবিদিত৷ ইচ্ছাকৃতভাৱে এই ক্ষেত্ৰৰ পৰা আঁতৰি যোৱাত সমাজৰ গৰিষ্ঠসংখ্যক লোকেই ইয়াক নিহিত হৈ থকা অমৃত ৰস পান নকৰাকৈয়ে জীৱন অতিবাহিত কৰে৷ গণিতৰ জ্ঞান বিকশিত হ’বলৈ বা ইয়াক ভাল পাবলৈ গণিতৰ ছাত্ৰ হ’বৈ লাগিব বুলি কোনো ধৰা-বন্ধা নিয়ম নাই৷ প্ৰয়োজন মাথোঁ হেঁপাহ আৰু আকূলতাৰে ভৰা গাণিতিক মানসিকতাৰ৷ ( সহায় লৈ ) ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!