গ’লব্লাডাৰ আৰু গ’লব্লাডাৰ পাথৰ – নৱওজা

ভাৰতবৰ্ষৰ ভিতৰতে অসমত গ’লব্লাডাৰ পাথৰ হোৱা ৰোগীৰ সংখ্যা আটাইতকৈ বেছি৷ এইবাবেই মই ইয়াৰ বিষয়ে কিছু কথা লিখিব উলাইছো৷ মই কোনো ডাক্টৰ নহয়৷ এজন বিজ্ঞানৰ শিক্ষক হিচাপে মানৱ শৰীৰটোৰ বিষয়ে কিছু কথা অধ্যয়ন কৰি যি জানিছো তাকেহে ক’ব বিছাৰিছো৷ কোনেও যাতে কথাবোৰ সমালোচনা নকৰি এক গঠনমূলক আলোচনা হে কৰে যেন আৰু কিবা ভুল তথ্য ডাঙি ধৰিলে আঙুলিয়াই দিব বুলি আশা কৰিছোঁ৷
প্ৰথমতে আমি গলব্লাডাৰটোনো কি জানি লও৷ অসমীয়াত ইয়াক পিত্তথলী বুলি কোৱা হয়, যিটো আমাৰ সকলোৰে পেটত আছে৷ আমি খোৱা খাদ্যৰ পাচন প্ৰক্ৰিয়াৰ বাবে ই অতি দৰকাৰী এটা অংগ৷ খাদ্য পাচনৰ বাবে বিষেশকৈ চৰ্বী জাতীয় খাদ্য পাচন কৰিবলৈ ক্ষাৰকীয় প্ৰকৃতিৰ পিত্তৰসৰ প্ৰয়োজন৷ পিত্তৰসে খাদ্যৰ চৰ্বী অংশৰ ওপৰত ক্ৰিয়া কৰি চৰ্বীৰ বৃহৎ অনুবোৰ ভাঙি সৰু সৰু অংশলৈ বিভক্ত কৰে৷ ফলত অগ্নাশয় গ্ৰন্হিয়ে ক্ষৰণ কৰা চৰ্বী পাচক উতসেচকে চৰ্বী সহজেই পাচন কৰিব পাৰে৷ এই পিওৰসবোৰ তৈয়াৰ হয় আমাৰ যকৃতত (Liver)৷ যকৃতৰ পৰা পিত্তবাহী নলীয়েদি পিত্তৰস ওলাই আহি পিত্তস্থলীত জমা হয়৷ গতীকে পিত্তস্থলী বা Gall bladder হৈছে যকৃতৰ পৰা নিঃসৰিত পিত্তৰস জমা কৰি ৰখা এবিধ মোনাহে৷ পিত্তৰসত 97% পানী বাকী 3% কলেষ্টেৰল খনিজলৱণ, পিত্তৰঞ্জন আৰু পিত্তএচিড আদি থাকে৷
গলব্লাডাৰ পাথৰ উত্পত্তিৰ কাৰণ: –
গলব্লাডাৰ পাথৰ সৃষ্টি হোৱাৰ প্ৰকৃত সকলোবোৰ কাৰণ জনা হোৱা নাই যদিও সাধাৰণতে জনা কিছুমান প্ৰধান কাৰণ হৈছে ——
মেদবহুলতা: -মেদবহুলতা হৈছে দেহত অতিৰিক্ত চৰ্বী
জমা হোৱাৰ ফলত শকত হৈ গৈ থকা অৱস্থা৷ মানুহৰ শৰীৰত চৰ্বীৰ অতিৰিক্ত অংশ কলেষ্টেৰল হিচাপে জমা হৈ থাকে৷ এই চৰ্বী চালৰ তলত, ধমনীবোৰৰ ভিতৰত, হৃদযন্ত্ৰৰ আবৰন আদি বিভিন্ন ঠাইত জমা হয়৷ পিত্তথলীৰ ভিতৰতো এই কলেষ্টেৰলৰ পৰিমান বৃদ্ধি পাব ধৰে৷ ফলত পিত্তথলীত এচিডৰ পৰিমান কমি যায় তেতিয়া কলেষ্টেৰল অদ্ৰৱণীয় অৱস্থালৈ গৈ পাথৰৰ সৃষ্টি কৰে৷
বীজাণুজনিত: – নাক, মুখ আৰু খাদ্যৰ জৰিয়তে আমাৰ দেহত বীজাণুৰ প্ৰবেশ ঘটে৷ সকলো বীজাণু য়ে দেহত বেমাৰৰ সৃষ্টি কৰিব নোৱাৰে যদিও ক্ষতি সাধন কৰে৷ বহুতো বীজাণু তেজত থকা WBC বোৰে মাৰিবলৈ সক্ষম হয়৷ মৃত বীজাণু তেজৰ জৰিয়তে আহি পিত্তস্থলীত জমা হব পাৰে৷ এই বীজাণু বোৰৰ ওপৰত কেলছিয়াম কাৰ্বনেট আৰু কলেষ্টেৰল তৰপে তৰপে জমা হৈ পাথৰৰ সৃষ্টি হব পাৰে৷
পিত্তৰসৰ মন্থৰ গতি: – যদি কোনো কাৰণবশত পিত্তস্থলীৰ পৰা পিত্তৰসৰ গতি সামান্য হ’লেও মন্থৰ হয় তেন্তে পিত্তৰস বেছি সময় পিত্তষ্হলীত জমা হয়৷ ইয়াৰ ফলত পিত্তৰসৰ পানীভাগ শোষণ হয়৷ পৰিণতিত আন উপাদান বোৰ গোট মাৰি কঠিন অৱস্থালৈ যায়৷ এইবোৰেই তৰপে তৰপে জমা হৈ পাথৰ হয়৷ এইবাবেই আমি পানী বেছি খাব লাগে৷ লঘোনে থকা অৱস্থাত বিষেশকৈ পানী খাব লাগে৷
পাথৰৰ কাৰণ বোৰ কেনেকৈ সৃষ্টি হয়: –
—————————————————-
আধুনিক যুগত ব্যক্তিৰ শাৰীৰিক শ্ৰম দিনক দিনে কমিছে মানসিক শ্ৰম বাঢ়িছে৷ বেছিভাগ মানুহেই অফিছত বহি বহি য়েই কাম কৰিব লগা হয়৷ আনকি গৃহিণী সকলৰো আগৰ নিচিনা কাম নোহোৱা হল৷ এল. পি.জি.চিলিণ্ডাৰ, মিক্সাৰ, ৱাচিং মেচিন, ৰানিং ওৱাটাৰ আদিৰ ব্যৱহাৰে শাৰীৰিক শ্ৰম বহুখিনি হ্ৰাস কৰিছে৷ ফলত এনে ব্যক্তিৰ দেহত স্বাভাবিকভাবে কলেষ্টেৰলৰ পৰিমান বৃদ্ধি পাইছে৷ বেছিভাগ পুৰুষৰ এই কলেষ্টৰল জনিত কাৰনতেই গলব্লাডাৰ পাথৰ হয়৷ ৷ এনে ব্যক্তিয়ে নিতৌ খোজ কঢ়া বা ব্যয়াম কৰা অভ্যাস কৰাটো ভাল৷
বেছিভাগ বিবাহিতা মহিলাৰ ক্ষেত্ৰত গলব্লাডাৰ পাথৰ হোৱা দেখা যায়৷ ইয়াৰ কাৰণ কি? মাইকী মানুহৰ দেহত ইষ্ট’জেন নামৰ এবিধ হৰমোন থাকে যিয়ে নাৰী সুলভ চৰিত্ৰ গঠন কৰে৷ গৰ্ভধাৰণ কৰা মহিলাৰ তেজত ইষ্ট’জেন হৰমোন বেছিকৈ নি: সৰিত হয়৷ এই হৰমোনে পিত্তস্থলীৰ সংকোচন প্ৰক্ৰিয়া কমাই দিয়ে৷ ফলত পিত্তৰস পিত্তস্থলীত বেছি সময় জমা হৈ থাকে৷ এই অৱস্থাত পিত্তস্থলীৰ বেৰে পানী ভাগ শোষণ কৰে আৰু বাকী গোটা পদাৰ্থ বোৰ তৰপে তৰপে জমা হৈ পাথৰ হয়৷ গতিকে ঘনাই গৰ্ভধাৰণ কৰা মহিলাৰ গলব্লাডাৰ হোৱাৰ সম্ভাৱনা বেছি৷ আনহাতে গৰ্ভধাৰণ নকৰিবলৈ বেছিভাগ মহিলাই গৰ্ভনিৰোধক টেবলেত খাই৷ এই টেবলেত বোৰত ইষ্ট’জেন আৰু প্ৰজেষ্ট’জেন হৰমোন থাকে৷ অতিৰিক্ত ভাবে খোৱা ইষ্ট’জেন হৰমোন বোৰ দীৰ্ঘকাল ব্যৱহাৰ কৰাৰ ফলত গলব্লাডাৰৰ ভিতৰত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি ঘটি এচিডৰ পৰিমাণ হ্ৰাস পায়৷ ফলত তৰপে তৰপে জমা হৈ পাথৰ সৃষ্টি হয়৷ গতিকে গৰ্ভনিৰোধক টেবলেত বোৰ দীৰ্ঘকাল ব্যৱহাৰ নকৰাই ভাল৷ মই নিজে এজন ডাক্টৰক এই বিষয়ে সুধিছিলো৷ তেখেতে চাৰি মাহৰ ওপৰত ব্যৱহাৰ নকৰাই ভাল বুলি জনাইছিলে৷
এক সমীক্ষা অনুসৰি শকত, বহুবাৰ গৰ্ভধাৰণ কৰা মহিলা আৰু 50 বছৰ ওপৰৰ মহিলাৰ গলব্লাডাৰ হোৱাথ প্ৰবনতা আটাইতকৈ বেছি৷ সেইবুলি ক্ষীণ মানুহৰ বা সৰু সৰু লৰাছোৱালীৰো আন আন কাৰনত গলব্লাডাৰ পাথৰ হব পাৰে৷
ইয়াৰ বাদেও লিভাৰৰ ৰোগ, তেজৰ ৰোগ যেনে এনিমিয়া, মধুমেহ আদি ৰোগৰ বাবেও গলব্লাডাৰ পাথৰ হব পাৰে৷
ৰোগৰ লক্ষণ: – ৰোগীৰ আচম্বিতে পেটৰ বিষ, পিঠিৰ বিষ, বমি হোৱা, খোৱাৰ পাছত পেট ফুলি থকা জ্বৰ আদিয়েই গ’লষ্টোনৰ প্ৰধান লক্ষণ যদিও কিছুমানৰ ক্ষেত্ৰত কোনো অসুবিধা নোহোৱাকৈ সাধাৰন পৰীক্ষাত পাথৰ থকা কথাটো গম পাই৷ (মোৰ মাৰ ভৰিৰ আঁঠুত বিষ আছিল৷ ডাক্তৰে বাতবিষ হব পাৰে বুলি সন্দেহ কৰিছিল৷ কিন্তু আন এগৰাকী ডাক্টৰে আলট্ৰাছ’ন’গ্ৰাফী  কৰিবলৈ দিলে আচৰিত কথা মাৰ পেটত গ’লব্লাডাৰ পাথৰ ওলাল৷ কিন্তু কোনো দিনা মাৰ পেট বা পিঠিৰ বিষ নাছিল )
চিকিত্সা: এজন ডাক্টৰে প্ৰসংগক্ৰমে মোক কৈছিল -“আমি যেতিয়া ডাক্টৰ পঢ়িছিলো তেতিয়া আলট্ৰাছ’ন’গ্ৰাফী আবিষ্কাৰ হোৱা নাছিল৷ গলব্লাডাৰ পাথৰ থকা সন্দেহ হলে অনুমানতে পেট ফলা হৈছিল৷ কিন্তু চিকিত্সা বিজ্ঞানৰ যুগান্তকাৰী আবিষ্কাৰ আলট্ৰাছ’ন’গ্ৰাফী ওলোৱাৰ পাছত পেটৰ ভিতৰখন ভালকৈ চাব পৰা হ’ল৷ “সঁচাই এতিয়া আৰু অনুমানত মিছাকৈ পেট কাটিব নালাগে৷ চিকিত্সকৰ পৰামৰ্শ অনুসৰি আলট্ৰাছ’ন’গ্ৰাফী কৰি পাথৰ থকা গম পালে তাৰ উচিত ব্যৱস্থা লব লাগে৷ মই জনাত অস্ত্ৰোপচাৰ   ইয়াৰ একমাত্ৰ উত্তম চিকিত্সা৷ বাকী ডাক্টৰৰ পৰামৰ্শ অনুসৰি ব্যৱস্থা লোৱা উচিত৷ আজিকালি পেট কাটিবও নালাগে৷ মিনিলেপ অস্ত্ৰোপচাৰ, লেপাৰোস্ক’পিক অস্ত্ৰোপচাৰ আদিৰ দ্বাৰা সহজেই পেট নকটাকৈ  পাথৰ আতৰাব পাৰি৷
গ’লব্লাডাৰ অপাৰেচন কৰোতে পাথৰৰ লগতে গ’লব্লাডাৰ বা পিত্তস্থলীটো ও কাটি পেলোৱা হয়৷ ইয়াৰ বাবে ৰোগীৰ সাধাৰনতে একো অসুবিধা নহয় যদিও চৰ্বী যুক্ত বস্তু খালে হজম নহব পাৰে৷ পাতল পাইখানা হব পাৰে৷ সেয়েহে চৰ্বী যুক্ত বস্তু কমাই খাব লাগে৷ ঘিঁউ,
মাখন, মাংস, তেলত ভজা বস্তু নোখোৱাকৈ থকা ভাল৷
শেষত সকলোকে কও“ দেহা থাকিলেহে বেহা“

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!