গল্পৰ দৰে- : কাজললতা: (- ইন্দ্ৰনীল গায়ন)

গল্পৰ দৰে-
: কাজললতা:
– ইন্দ্ৰনীল গায়ন৷

kajol
খোজ লোৱা বাটটোৰে খোজ লৈছো৷ পোহৰ আন্ধাৰৰ
মাজত এটা ছাঁয়াপথ৷
এখন ৰঙীন চহৰ৷ চহৰখনত শাৰী শাৰী লানি নিছিগা
নক্ষত্ৰখচিত আকাশলংঘী দালান৷ সেই দালানবোৰৰ উচ্চ
শিখৰত বহি নৈশ মানুহবোৰে ৰাতি যাপন কৰে৷
হেং আউট
নে
হেং অভাৰ? ?
জীৱন চাহাৰাত মানুহে ৰং সলনি কৰে৷ উগ্ৰ প্ৰসাধণ৷
আঃ চকু ছাটমৰা৷ শুষ্ক দিবলৈ অহা কাজললতাই এইবোৰ
কথা বাৰুকৈয়ে বুজে৷ কাৰ কিমান ডিমাগ আৰু কাৰ
কিমান ডিমাণ্ড৷ দেখিয়ে কৈ দিব পাৰে কোন কিমান
গভীৰ পানীৰ মাছ৷
এৰা মাছ,
একুৰিয়ামত ছটফটাই থকা মৈথুনৰত মাছ৷ নিৰ্জীৱ৷ অথচ
জীৱন্ত৷ কেতিয়াবা সিঁহতৰ অংকবোৰত আউল লাগে,
খেলিমেলি হয়৷ তথাপি জীৱন চলি যায়৷ চলি যোৱাৰ
বাবে৷
নিশাৰ ইজেলত উশাহৰ ৰুদ্ধশ্বাস৷
জয়, পৰাজয়
সন্তুষ্টি
বেপেৰুৱা দেহজ প্ৰেম৷ চাল্লাঃ
এখনেই খিৰিকী, মুক্তিৰ পথ? ?
কাজলতাই মাজে মাজে দালানত বহি চহৰৰ জোনবাই
চাই আৰু পাগলীৰ দৰে হাঁহে “জোনবাই এ এটি তৰা
দিয়া“
কিমান দিন, মাহ, বছৰ হ’ল? ?
ক’ত মোৰ আপোনবোৰ? ?
সিঁহতৰ বাবেইতো এই নৰক যাত্ৰা৷
মই নিখোজ
কাজলতা
অশ্লীল! !
অভিসাৰী জোনৰ সৈতে নিশা পাৰ হৈ গ’ল৷ কাজলতাই
হেঁপাহ পলুৱাই কান্দিলে৷
তথাপিও? ?
এদিন এজন ছবি অঁকা মানুহ আহিল সিঁহতৰ দালানলৈ৷
কাজললতাৰ সৈতে তেওঁৰ চুক্তি হৈছিল৷
তেওঁ এখন ছবি আঁকিব! !
তোমাৰ নাম?
-কাজললতা
ভাল লগা, ভাল লাগি যোৱা৷
প্ৰথম দৃষ্টিতেই ছবি অঁকা মানুহজনৰ প্ৰতি তাই দূৰ্বল
হৈছিল৷ তেওঁ কোৱাৰ দৰেই তাই উন্মুক্ত হৈছিল বিভিন্ন
মুদ্ৰাৰ ভংগীত৷
ওৰেটো নিশা ছবি অঁকা মানুহজনে কেৱল ছবি আঁকিছিল৷
আৰু কাজললতা তেওঁৰ প্ৰেমত পৰিছিল৷
আঃ
শৈল্পিক প্ৰেম! !
আৰু
শেষ ৰাতি
তেওঁ গুচি গৈছিল
ছবি অঁকা মানুহজন! !
আৰু
কাজললতা? ?
কাজললতা পৰি ৰৈছিল দুৱাৰৰ এটি কোণত! ! তেওঁ
বেপেৰুৱা নাছিল৷ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!