গাঁৱলৈ আহিবা এদিন (ৰূপম সাউদ)

গাঁৱলৈ আহিবা এদিন
কৃত্ৰিমতাৰে ভৰা মহানগৰীৰ জঞ্জালতাক এৰি
উপভোগ কৰিবা
নৈসৰ্গিক জীৱনৰ এটি মধুময় মুহূৰ্ত্ত
ৰৈ থাকিম তোমালৈ বুলি
 
গাঁও মানেই
মানৱতাৰ আৰু পৰম্পৰাৰ ঢল
বুঢ়ী আয়ে
মচি-কাচি থোৱা
চোতালৰ দৰেই
য’ত শুনিবা কোলাহল এৰি
হেঁপাহৰ মৌনতাৰ গান
 
কাহিলীপুৱাতে যৌৱনৰ ৰ’দালী পুৱাত
বিহংগিনীৰ মন মতলীয়া কৰা
সুৰৰ কঁপনিত
চিনাকী হ’বা
পূৰ্ব দিশৰ গেৰুৱা বসন পিন্ধা বেলিটিৰে
সিক্ত সন্ধিয়া পৰত
উপভোগ কৰিবা
স্নিগ্ধ জোনাকৰ মাদকতা
 
মই লৈ যাম তোমাক
আঘোনৰ পকা ধাননিৰ সগৰ্ভা
সোণোৱালী পথাৰলৈ
তাত বুটলিম আমি লেছেৰি
দুপৰীয়া ৰ’দৰ জালত
পথাৰৰ ঢাপত বহি
মজা ল’ম ৰসাল ৰবাবৰ
 
আবেলি পৰত
শুভ্ৰ কঁহুৱাবোৰৰ মাজে মাজে
নিয়ৰত সেমেকা ধূলিবোৰ গচকি
যাম আমি
ওচৰৰে নৈখনলৈ বুলি
 
দিনান্তত
তোমাৰ ক্লান্তি দূৰ কৰিবলৈ
ভাগ ল’বা ভকতি নামত
য’ত জুৰ পৰিব
নিৰাশাময় জীৱন
 
গাঁৱলৈ আহিবা এদিন
ৰৈ থাকিম তোমালৈ বুলি …
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!