গাখীৰৰ পৰা ঘিঁ আৰু লাড়ু – বৰ্ণালী শইকীয়া

 

সৰুতে দেউতাই হোটেলৰ পৰা মিঠাই আনিলেই দেউতাক পেৰি পেৰি সোধো মিঠাই কেনেকৈ তৈয়াৰ কৰে বুলি৷ দেউতায়ো অতি চমু উত্তৰ মিঠাই, ঘিঁ, পনীৰ, চিজ আদি গাখীৰৰ পৰা তৈয়াৰ কৰে বুলি সামৰণি মাৰে৷ তেতিয়া খুউব ভাবিছিলো কেনেকৈনো তৈয়াৰ কৰে ইমান ধুনীয়া ধুনীয়া মিঠাইবোৰ৷ কোনোৱে সঠিক উত্তৰ দিব পৰা নাছিল৷ গাখীৰৰ সৰৰ পৰা ৰসগোল্লা তৈয়াৰ কৰিবলৈও চেষ্টা নকৰাকৈ থকা নাছিলো যিটোৰ পৰা ৰসগোল্লা কেতিয়াও তৈয়াৰ কৰিব পৰা নাযায়৷ পিছলৈ গম পালো গাখীৰৰ পৰাই বাটাৰ, ঘি, পনীৰ আৰু কত কি যে তৈয়াৰ কৰে৷ ডাঙৰ হৈহে আচল কথা বিলাক জানিলো৷ গাখীৰৰ পৰা কি কি যে তৈয়াৰ কৰিব নোৱাৰি৷ গাখীৰেই হ’ল মিঠাই তৈয়াৰ কৰাৰ মূল উৎস৷ গাখীৰৰ সৰৰ পৰাই ঘৰতে অতি সহজে ঘি আৰু বাটাৰ তৈয়াৰ কৰিব পাৰি৷ গাখীৰ উতলাই ঠাণ্ডা কৰি সৰখিনি কাঢ়ি গোটাই যাব লাগে কেইদিনমান৷ ১৫ দিন মান গোটাই লৈ সৰখিনি পগাই দিলেই ঘিঁ সাজু৷

আজি ঘি আৰু লাড়ু দুয়োটাই তৈয়াৰ কৰিলো৷ তলত লিখি দিছো-

ঘিঁ পগাবলৈ- গাখীৰ পগাই সৰ গোটাই থব কেইদিনমান (ফ্ৰীজত থব)৷ অলপ সৰহ হলে ভাল৷ পিছত কেৰাহী এখনত সৰখিনি মধ্যমীয়া জুইত উতলাব ২৫ মিনিটমান বা ঘিঁ বিৰিঙি ওপৰলৈ আহিলে চাকনিৰে চাকি দিব৷ পিছত ৰৈ যোৱা গোটা বস্তুখিনিত অলপমান বেচন দি ভালদৰে ভাজি লৈ তাতে পৰিমাণ অনুসৰি চেনি দি মিক্সিত দি গুৰি কৰি লব৷ পিছত মিক্সিৰ পৰা উলিয়াই সামান্য গাখীৰ চটিয়াই দি লাড়ুকেইটা সাজক৷ এইদৰে ঘৰতে ঘিঁও পগাওক আৰু লাড়ুও সাজি জুতি লওক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!