গাহৰিৰ আঞ্জা (নগা পদ্ধতিত) (অংকুৰ দত্ত)

(মন কৰিব, এইটো প্ৰণালীত আপোনাক পিয়াঁজ, হালধি আৰু তেলৰ প্ৰয়োজন নহয়)

কি কি লাগিব-
১) গাহৰি মঙহ ৫০০ গ্ৰা:, ডাঠ চৰ্বী থকা(বুকুৰ অংশ হলে বেছি ভাল)
২) ৰঙা বিলাহী ৩ টা (মধ্যমীয়া)
৩) ৰঙা দীঘল শুকান জলকীয়া ৮ টা মান (কাশ্মীৰী হ’লে বেছি ভাল)
৪) কেঁচা জলকীয়া ৪ টা মান (জুতি অনুযায়ী)
৫) ধনীয়া পাত কেইখিলা মান
৬) আদা-নহৰুৰ মিশ্ৰণ দুই চামুচমান (ঘৰত তৈয়াৰ কৰা)

প্ৰণালী-
প্ৰথমতে এটা ৫ লি: কুকাৰত মাংসখিনি ৰাখক আৰু মাংসখিনি যাতে ডুবি থাকে সেইটো হিচাপত পানী দিয়ক। জুতি অনুযায়ী নিমখ মিহলাই এখন ঢাকোনেৰে ঢাকি উতলিবলৈ দিয়ক। এতিয়া আন এটা চচ পেনত সেই শুকান জলকীয়া কেইটা বইল কৰক। কোমল হোৱাকৈ বইল কৰক যাতে খুন্দিব পৰা হয়। ১০ মিনিট মানৰ পাছত নমাই সেইকেইটা ভালকৈ খুন্দক আৰু মাংসখিনিত ঢালি দিয়ক। জুইতো অলপ কমাই উতলি থাকিব দিয়ক। ৫ মিনিট মান পাছত বিলাহী কেইটা মিহি-মিহিকৈ কাটি( গুটি কেইটা আঁতৰাই ল’বলৈ নাপাহৰিব)তাত ঢালি দিয়ক আৰু ভালকৈ লৰাই দিয়ক আৰু জলকীয়াকেইটা দীঘল-দীঘলকৈ ফালি তাত দি দিয়ক(মন কৰিব, শুকান জলকীয়া খিনি জ্বলাত অৰিহণা নোযোগায়) এতিয়া আপোনাৰ আৰু কাম নাই, মাজে-মাজে ঢাকনখন আঁতৰাই লৰাই থাকিলেই হ’ল; চাব যাতে মাংসখিনি ভালকৈ নিসিজালৈকে পানীৰ পৰিমাণ যাতে কমি নাযায়। কমি যোৱাৰ লগে-লগে পানী অলপ দি দিব। ২০-২৫ মিনিট কম জুইত উতলি থকিব দিয়ক। যেতিয়া মাংসখিনি সম্পূৰ্ণ সিজিব তেতিয়া আদা-নহৰুৰ মিশ্ৰণখিনি ঢালি দিব আৰু জুই বঢ়াই দিয়ক আৰু জোলখিনি ডাঠ হোৱালৈ অপেক্ষা কৰক। এতিয়া ধনীয়া খিনি মিহি-মিহি কৈ কাটি দি দিয়ক আৰু গেছটো নুমাই দিয়ক। গৰম ভাতৰ লগত গৰমে-গৰমে পৰিবেশন কৰক।(ঠাণ্ডা হৈ গলে আচল জুতিটো নোহোৱা হৈ যায় আকৌ দেই চাব)

 

————————————————————-
সাহিত্য.অৰ্গৰ “খাদ্য-বিশেষ” সংখ্যাৰ লগত সংগতি ৰাখি নিজৰ স্বাস্থ্য সুৰক্ষাৰ লগতে তথা দেশৰ আইন-কানুন ভংগ নহ’বলৈ তলৰ কথা কেইষাৰ বিধিসন্মত সতৰ্কীকৰণ হিচাপে অনুগ্ৰহ কৰি মন কৰিব।

ছাগলী কিনোঁতে খাদ্য-পৰিদৰ্শকৰ মোহৰ মৰা আছে নে চাই ল’ব। গাহৰি কিনোঁতেও একেদৰে খাদ্য-পৰিদৰ্শকৰ মোহৰ চোৱাটো আৱশ্যক। লগতে বয়সটোও। লাইচেন্স নথকা দোকানৰপৰা গৰু-গাহৰি-ছাগলী-মূৰ্গী একো নিকিনিব। সুৰা আদি পিবলৈ হ’লে সদায় “ড্ৰিংকিং লাইচেন্স” লগত ৰাখিবলৈ নাপাহৰিব। দোকানৰ পৰা ৰিচিপি ৰান্ধিবলৈ কিনা যিকোনো বস্তুৰ বাবেই কেশ্ব-মেমো বিচাৰিব। ইয়াৰ অন্যথা আপুনি কোনো ৰিচিপিৰ বাবে বস্তু যোগাৰ কৰোঁতেই  বিভিন্ন আইন ভংগ কৰা হয়, সেয়ে সম্পাদকৰ ফালৰপৰা এই বিধিসন্মত সতৰ্কীকৰণ যোগ কৰি দিয়া হ’ল। এই ৰিচিপিবোৰ চেষ্টা কৰিবলৈ গৈ কোনো ব্যক্তি আইনমতে দোষী সাব্যস্ত হ’লে তাৰ বাবে সাহিত্য.অৰ্গক দায়বদ্ধ কৰিব নোৱাৰিব।
—————————————————————

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!