গাহৰি মাংস ঔ-টেঙা গুৰিৰ লগত – ৰূপালী ভৰালী বৰুৱা

উপকৰণ সমূহ:
গাহৰি মাংস
ঔ-টেঙা গুড়ি
পিয়াজ
নহৰু
আদা
জিৰা গুড়ি
মিট মছালা
ধনীয়া গুড়ি
কেঁচা জলকীয়া
মিঠা তেল

পদ্ধতি: : মাংস খিনি ভালকৈ ধুই লৈ প্ৰথমে অলপ দেৰি বইল কৰি ললোঁ, যেতিয়ালৈ মাংস আধা সিজোৱা হয়৷

এতিয়া বইল মাংসখিনি পানীৰ পৰা টুকি জিৰা গুড়ি মিট মছলা আৰু ধনীয়া গুড়ি দি আধা ঘণ্টা সানি ৰাখিলোঁ৷

কেৰাহীত তেল গৰম কৰি প্ৰথমে মাংসখিনি দি অলপ দেৰি ভাজি লৈ নিমখ হালধি দি অকণমান লৰাই ঢাকণ দি জুই কমাই দিলোঁ৷ প্ৰায় পাঁচ মিনিটমানৰ পাছত যেতিয়া অলপ মাংসৰ তেল ওলাই আহে তেতিয়া কূটী লোৱা পিয়াজ খিনি দি নহৰু আদা পেষ্ট দিলো৷ শেষত জলকীয়া আৰু ঔ-টেঙা গুড়ি অলপ দি লৰাই ঢাকণ দি দিলোঁ৷
ধুনীয়া ৰঙ এটা ওলাব!

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!