গীতিমল্লিকাৰ বাবে এটা কবিতা ( বিকাশ দিহিঙ্গীয়া )

Gitimallika_Bikash.

চাহ ফুলাৰ বতৰত
সিদিনা সেউজীয়াৰ ফাকু উৰিছিল
বতাহত
শিৰিষৰ সৰু সৰু পাতত
উলমিছিল
ভাটিবেলাৰ বেলি

বেৰিয়া গজা দাঁ‌তেৰে তুমি সপোন ৰচিছিলা
ফাগুন হোৱাৰ
তুমি যেতিয়া হাঁ‌হিছিলা
চাহগছবোৰে প্ৰাণ পাই উঠিছিল
তোমাৰ বেৰিয়া হাঁ‌হিৰ ভাঁ‌জত
সৰাপাতে গাইছিল
মাদলৰ গান

তোমাৰ ওঁঠৰ তলৰ ক’লা তিলটোৱে
কিমান যে মইনা চৰাইৰ
মুখৰ মাত হৰিছিল

তুমি হয়তো মোক ভাল পাব বিচাৰিছিলা
গীতিমল্লিকা বৰা
নতুবা বিচাৰিছিলা এটি জিৰনি কোঠা
য’ত তুমি খুলিব খুজিছিলা
তোমাৰ ভগ্ন হিয়া
হয়তো তুমি বিচাৰিছিলা
প্ৰথম প্ৰেমৰ অনুভূতি

ভুল নুবুজিবা
গীতিমল্লিকা
এয়া মাথোঁ মোৰ ধাৰণা

তুমি এদিন মোক সুধিছিলা
যে মই ইমান ৰোমাণ্টিক কিদৰে
আৰু মই কিদৰে ভাল পাব পাৰোঁ
মদাৰৰ বিষণ্ণতা
শিমলুৰ নিসংগতা

সিদিনা মোৰ হাতত শব্দবোৰ গজিছিল হে মাথোঁ
ফুলিল আজি সিহঁত
শব্দৰ ফুলে ভৰাই তুলিছে
মন ফাগুনৰ কুঁ‌কি

তাৰে এপাহ হৃদয় ৰঙৰ ফুলে
কান্দি কান্দি তিয়ালে
মোৰ বুকু
আৰু কাণে কাণে ক’লে
জোনাক ভাল পোৱা
ডাইনীজনীৰ কথা

ক্ষমা কৰিবা গীতিমল্লিকা
তেতিয়া মই যে আছিলোঁ
পপীয়া তৰাৰ উপাসক
নিৰ্জনতাৰ ভোকাতুৰ প্ৰেমিক
সেইবাবেই হয়তো মানুহে মোক
ভুল বুজিছিল
ঠিক তোমাৰ দৰেই

গাঁ‌ৱত ওলাইছিল
মোৰ গাত লগা
পাগল হাৱাৰ কথা

এইবোৰ কাৰণতেই
মই সিঁ‌চিছিলোঁ শব্দৰ বীজ
গোপনে
আৰু গাঁ‌ঠিছিলোঁ মালা
বিষাদৰ

তাতেই তুমি ভুল কৰিলা
গীতিমল্লিকা
মই ৰোমাণ্টিক নাছিলোঁ
সঁ‌চা অৰ্থত মই আছিলোঁ
এটা বিষাক্ত হৃদয়ৰ
পঁ‌য়ালগা ভিকহু
যি বিচাৰিছিল
সমমৰ্য্যদা
(আকাশ চুব খোজা ছোৱালীজনীৰ
সমান ওখ হ’বলৈ)

যি আছিল
ঢকুৱাখনা কলেজত প্ৰেমৰ
বীজাণু বিয়পোৱা
পপীয়া তৰাটোৰ
পাগল প্ৰেমিক
যাৰ বাবে সি নাম পাইছিল বলিয়াৰ

বেৰিয়া দাঁ‌তৰ
দেৰগাঁৱৰ মিছ্ গীতিমল্লিকা বৰা
অনুগ্ৰহ কৰি মোক ক্ষমা কৰিবা

তোমাৰ তামৰঙী ওঁঠে
শ্বায়েৰী পঢ়োঁ‌তে,
তোমাৰ চকুত শাওণৰ
মেঘে উমনি দিওঁ‌তে
তোমাৰ বুকুত বৰদৈচিলা
উৰোঁতে
এবাৰলৈও নকঁ‌পিল
মোৰ ভিকহু হৃদয়
তোমাৰ প্ৰেমৰ শীতল বা লাগি

কি কৰিম কোৱা?

এতিয়া তোমাক পাহৰিম নে নিজকে
নে শব্দেৰে গঁঠা মালা…

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!