গোৰোহাৰ বিষ, কাৰণ আৰু ইয়াৰ ঘৰুৱা চিকিৎসা – ডাঃ অনুপ বৈশ্য

 

ভৰি দুখন হৈছে আমাৰ চালিকা শক্তি৷ আমাৰ গোটেই দেহৰ ভাৰ বহনকাৰী ভৰিৰ পতাযুৰীৰ সহযোগত আমি চলা-ফুৰা কৰি থাকিব পাৰো৷ যেতিয়া এই ভৰিত পতা বা গোৰোহাৰ বিষ অনুভৱ হয়, আমাৰ জীৱন কেনেকুৱা হৈ পৰে এনে ৰোগত ভুগাজনেহে অনুভৱ কৰিব পাৰে৷ আজি আমি এই গোৰোহাৰ বিষৰ ওপৰত আলোচনা কৰিম৷
গোৰোহাৰ বিষৰ আলোচনাৰ পূৰ্বে আমি অকণমান ইয়াৰ শাৰীৰিক গঠন সম্পৰ্কে জানি লও আহক৷
ভৰিৰ পতাৰ গঠন
————————-
ভৰিৰ পতাখনত প্ৰায় ২৬ডাল হাৰ, ৩৩তা গাঁঠি, আৰু প্ৰায় ১০০ তা মান মাংসপেশী তথা ligaments আৰু টেন্দন থাকে৷ তলৰ ছবি তোলৈ মন কৰক৷ (ছবি নং-১)৷
এয়া হৈছে আমাৰ ভৰিৰ পতাৰ গঠন৷ আমাৰ গোৰোহৰ হাড় ডালৰ নাম হৈছে calcanium৷ ভৰিৰ পতাখনে যাতে আঘাত পাই হাড় বোৰ আঘাতপ্ৰাপ্ত নকৰে তাৰ বাবে পতাৰ ছালখনৰ ভিতৰত এখন কঠিন তৰপ থাকে যাক কোৱা হয় planter fascia৷ আমাৰ ভৰিৰ কলাফুলৰ মাংসপেশীটো এডাল কণ্ডৰা(tendon)ৰ সহায়ত (যাৰ নাম tendo achilis বুলি কোৱা হয়)calcaneum নামৰ হাৰ ডালৰ লগত সংযোজিত হৈ থাকে৷ (ছবি নং-২ত চাওক)
গোৰোহৰ বিষৰ কাৰণ
——————————-
১)গোৰোহৰ calcaneum হাড়ডালৰ পৰা কাঁইট সদৃশ হাড়ৰ বৃদ্ধি ইয়াৰ প্ৰধান কাৰণ৷ এই হাড় বৃদ্ধি বিভিন্ন কাৰণত হয় যেনে-
*অত্যধিক শকত হোৱা৷
*অত্যধিক খোজ কঢ়া বা দৌৰা৷
*পিন্ধা জোতাজৰৰ তল অংশ যদি টান হয়৷
*জোতাৰ ভিতৰ অংশ টান হলে৷
*ডায়েবেটিচ, থাইৰয়ড ৰোগত ভুগিলে৷
*শৰীৰত কেলচিয়ামৰ অভাৱ হলে৷
*খালি ভৰিৰে টান বা ওখৰা মোখৰা ঠাইত অত্যধিক খোজ কাঢ়িলে৷
*খোজৰ বিসংগতি৷
*ভৰিৰ গঠনৰ কিবা বিসংগতি থাকিলে৷
২)tendo achilis কণ্ডৰা ফুলিলে নতুবা আঘাতপ্ৰাপ্ত হলে৷ যাক কোৱা হয় tendo achilitis.
৩)ভৰিৰ পতাৰ তলৰ planter fascia কিবা কাৰণত ফুলি উঠিলে৷
৪)ইয়াৰোপৰি বিভিন্ন ৰোগ যেনে gouty arthritis, rheumatoid arthritis, ভৰিৰ নাৰ্ভৰ আঘাত, ইত্যাদি অন্যান্য ৰোগটো গোৰোহৰ বিষ হয়৷
গোৰোহৰ বিষৰ লক্ষণ
——————————–
সাধাৰণতে প্ৰায়বোৰ ৰোগীয়ে ৰাতিপুৱা শুই উঠি ভাৰীখন পাতোতে অত্যধিক বিষ অনুভৱ কৰে৷ খোজ কাঢ়ি থাকিলে বিশেষ নিবিষায় যদিও বহাৰ পৰা উঠি খোজ কাঢ়িলে প্ৰাৰম্ভতে অত্যধিক বিষাব ধৰে৷ বহুত ৰোগীয়ে মজিয়াত ভৰি পাতিবই নোৱাৰা হয়৷
আপোনাৰ কৰণীয়
————————-
১)কেতিয়াও খালি ভৰিৰে খোজ নাকাঢ়িব৷
২)ভৰিৰ পতাত ঠাণ্ডা লাগিব নিদিব৷
৩)সদায় স্পঞ্জৰ সদৃশ চেণ্ডেল আৰু সঠিক ভাবে ফিটিং হোৱা জোতাহে পিন্ধিব৷
৪)জোতাৰ ভৰিৰ তলি স্পৰ্শ কৰা অংশ অৰামদায়ক হব লাগে৷
৫)বজাৰত তলত দিয়া ধৰণৰ জোতা চেণ্ডেল পোৱা যায়৷ কিনিব পাৰে৷ (ছবি নং -৩)
৬)শৰীৰৰ ওজন কমোৱাত গুৰুত্ব দিয়ক৷
আয়ুৰ্বেদিক দৃষ্টিভঙ্গী
—————————-
অত্যধিক বায়ু বৃদ্ধি কাৰি ওপৰোক্ত কৰ্ম সমূহৰ লগতে কেতবোৰ খাদ্য অভ্যাসে আমাৰ গোৰোহৰ হাড়ৰ ওপৰৰ চেলনী খন (যাক periosteum বুলি কয়)ৰ বিদিৰ্ণ কৰে আৰু এই অংশৰে হাড়ডাল বাঢ়ি আহি এডাল কাঁইটৰ সদৃশ হয়৷ এই হাড়ডালে মাংসপেশী আৰু fascia খনক খুচি থাকে কাৰণে গোৰোহৰ বিষ হয়৷ হাড়ৰ কাঁইট সৃষ্টি হয় বাবে এইবিধ ৰোগক আয়ুৰ্বেদীকত বাত কণ্টক বুলি জনা যায়৷ ইয়াৰোপৰি পাদ শুল আদি নামেৰেও জনা যায়৷
কেতবোৰ ব্যায়ামে আপোনাৰ সমস্যা সমাধান কৰিব
———————————————————————
১)থিয় হওক৷ হাত দুখনেৰে বেৰত জোৰকৈ হেঁচি এখন ভৰি সন্মুখৰ পিনে কোচাওক আৰু আনখন ভৰি পিছলৈ চিধা কৰি ৰাখক৷ মনত ৰাখিব যাতে দুয়োখন ভৰিৰ পতা পকাত লাগি থাকে৷ এনেকৈ ভৰি দুখন সলাই সলাই দহবাৰ মান কৰক৷ (ছবি নং-৪)
২) ভৰিৰ আঙুলিত ভৰ দি থিয় হওক৷ কিছু সময় থাকি যথাস্থানত আহক৷ এনেকৈ দহবাৰমান কৰক৷ (ছবি নং-৫)
৩)যিকোনো ঘূৰণীয়া বস্তু যেনে পানীৰ বটল আদি তলৰ ছবিত দেখুৱাৰ দৰে বিষায় থকা ভৰিৰ তলত ৰাখি সন্মুখৰ পৰা পিছলৈ আৰু পিছৰ পৰা সন্মুখলৈ ঘূৰাই থাকক৷ এনেকৈ ৫মিনিটমান সময় কৰক৷ (ছবি নং-৬)
৪)বিছনাত ভৰি দুখন মেলি বহি লওক৷ এতিয়া এখন গামোচা জাতীয় কাপোৰেৰে ভৰিৰ পতাৰ পিছফালৰ টানি আনি হাত দুখনেৰে ভৰি দুখন আৰু ভৰিৰ পতা দুখনেৰে কাপোৰ খন ঠেলিব৷ এনেকৈ দহ বৰ মান কৰক৷ (ছবি নং-৭)
ঘৰুৱা চিকিৎসা
***************
গোৰোহৰ হাড় বঢ়িলে অশেষ কষ্ট হয়৷ বৰ্ধিত হাড়ডাল যদি ৬-৭বছৰ পুৰণি হয় তেন্তে সম্পূৰ্ণ নোহোৱা কৰাটো টান হয়৷ গোৰোহাৰ বৰ্দ্ধিত হাৰে planter fascia আৰু মাংসপেশী সমূহক খুচি থাকে কাৰণে এই অংশ বোৰ ফুলিব ধৰে আৰু বিষৰ সৃষ্টি হয়৷ তলৰ ঘৰুৱা দিহাবোৰে ৰোগ উপশমত সহায় কৰিব৷
১) ১০০মি: লি: তিল তেল লওক৷ এমুঠিমান এৰাগছৰ পাত, সম পৰিমাণৰ কৰছ গছৰ পাত লৈ পাত খিনি সৰু সৰুকৈ কাটি তিল তেলত ভাজক৷ পাতবোৰ ভজা গলে তেল খিনি চেকি আইনাৰ বটলট থৈ দিয়ক৷ এই তেল খিনি অকণমান গৰম কৰি ভৰিৰ তলুৱা আৰু গোৰোহাত ভালদৰে মালিচ কৰিব(ছবি নং-৮)৷ এনেদৰে ব্যায়ামৰ লগতে কৰিলে বিষৰ পৰা উপশম পাব পাৰি৷
২)উক্ত টেলবিধ গোৰোহাত মালিচ কৰি এটা ধাতুৰা গছৰ পাত, এটা আকনৰ পাত, আৰু এটা এৰা গছৰ পাত পতাত ভালদৰে বাতি বিষোৱা অংশত লগাই bandage কাপোৰেৰে গোটেই ৰাতি বান্ধি ৰাখি ৰাতিপুৱা খুলি দিয়ক (কিছুমান ৰোগীৰ এলাৰ্জি হোৱা দেখা যায়, যদি লগালে খজুৱাই তেন্তে নলগাব)৷ মোৰ ব্যক্তিগত অভিজ্ঞতাত বহুত ৰোগীৰ বৰ্ধিত হাড় নোহোৱা হৈ যায় ওপৰোক্ত দিহা সমূহৰ দ্বাৰা৷
৩)আয়ুৰ্বেদিক চিকিৎসাত অনেক ঔষধি আছে যাক এনে ৰোগত ব্যৱহাৰ কৰা হয়৷ কিন্তু ইয়াৰ বাবে চিকিৎসকৰ পৰামৰ্শ নিতান্তই প্ৰায়োজন৷

ডাঃ অনুপ বৈশ্য
সহযোগী আধ্যাপক

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়
জালুকবাৰী, গুৱাহাটী-১৪

One thought on “গোৰোহাৰ বিষ, কাৰণ আৰু ইয়াৰ ঘৰুৱা চিকিৎসা – ডাঃ অনুপ বৈশ্য

  • March 19, 2023 at 11:47 pm
    Permalink

    সকলোখিনি কথা সচাঁ, আপোনাৰ উপদেশ মানিবলৈ যত্ন কৰিম।
    অশেষ ধন্যবাদ আপোনাক।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!