গোৱালপাৰাৰ পাটীশিল্প…..(- জানমনি হাজৰিকা)

অসমৰ সমাজ জীৱনত পাটীয়ে অতীতৰেপৰা গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। অসমত কৰিমগঞ্জ,হাইলাকান্দি,ডিব্ৰুগড়,চাপৰমুখ আৰু বোকাজানৰ একোটা বৃহৎ এলেকাত পাটীশিল্প উদ্যোগ আছে যদিও এইক্ষেত্ৰত এক উল্লেখযোগ্য স্থান দখল কৰিবলৈ সক্ষম হৈছে গোৱালপাৰাই। গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰু জিনাৰী নদীৰ পাৰে পাৰে পূৰ্বৰেপৰা প্ৰচুৰ পাটী দৈ গছ আছিল যদিও ব্যৱসায়ভিত্তিত ঢৰা,পাটী আদি প্ৰস্তুত কৰিবলৈ লোৱা হয় কিন্তু ১৯৩৭ চনমানৰপৰাহে।১৯৩৭ চনত ১৫-২০ জনীয়া পাটী শিল্পীৰ দল এটি আহি গোৱালপাৰাৰ ডুবাপাৰা-পাহাৰসিংহপাৰা এলেকাত থিতাপি লয়হি। কালক্ৰমত এই লোকসকলৰে সতি-সন্ততি বাঢ়ি গৈ ডুবাপাৰা -পাহাৰসিংহপাৰা পাৰাত বিস্তাৰিত হৈ পৰে আৰু পাটীশিল্পকেই আঁকোৱালি লৈ জীৱন-যাপন কৰি আছে। ১৯৫০ চনত সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈদেৱে গোৱালপাৰা ভ্ৰমণকালত পাটীশিল্প উদ্যোগটোক প্ৰত্যক্ষ কৰি ইয়াক সমবায় ভিত্তিত গঢ় দিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ ফলশ্ৰুতিত গঢ় লৈ উঠে “ডুবাপাৰা পাটীশিল্প প্ৰতিষ্ঠান সমবায় সমিতি লিঃ” নামেৰে সমবায় সমিতি আৰু ই পঞ্জীয়ন হয় ১৯৫৮ চনত। তাৰপিছৰেপৰা সমিতিখনে দোপত-দোপে উন্নতি সাধন কৰি ভাৰতবৰ্ষৰ কুটীৰ শিল্প উদ্যোগৰ বুৰঞ্জীত গোৱালপাৰাৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে, জিলাখনত পাটীশিল্পটোকেই জীৱিকা হিচাবে আঁকোৱালি লোৱা পৰিয়ালৰ সংখ্যা হ’ল-৫৩২টা। এই বৃত্তিটোৰ লগত কিশোৰ-কিশোৰী, যুৱক-যুৱতী, পুৰুষ-মহিলা সকলোৱেই জড়িত হৈ আছে। পাটী তৈয়াৰ কৰিবলৈ একমাত্ৰ কেঁচামাল হ’ল পাটী দৈ গছ। তৃণজাতীয় এই গছবিধ পানীৰ সংস্পৰ্শ থকা সাৰুৱা মাটিত উৎপন্ন হয়। পাটী দৈ ৰোপণৰ সময় এপ্ৰিল আৰু মে’ মাহ। ৰোপণৰ ৩-৪ বছৰৰ পিছত গছবোৰ পৈনত হৈ উঠিলে ছেপ্তেম্বৰ-অক্টোবৰ মাহত পুৰঠ গছবোৰ কাটি চপোৱা হয়। গছবোৰ কাটি অনাৰ পিছত প্ৰয়োজনমতে ৰ’দাবলৈ দিয়া হয় আৰু উপযুক্ত পৰিমাণে ৰ’দ পোৱাৰ পিছত তাৰ ছালৰপৰা মিহিকৈ দৈ তুলি পুনৰ সেই দৈবোৰ ৰ’দাবলৈ দিয়া হয়। তাৰপিছতহে সামগ্ৰী তৈয়াৰৰ বাবে সেই দৈ ‘চাচি-চুচি’ উপযুক্ত কৰি লোৱা হয়। গোৱালপৰীয়া পাটীশিল্পীসকলে নিজৰ প্ৰতিভাৰদ্বাৰা বিভিন্ন সময়ত পুৰস্কৃতো হৈ আহিছে।
তাৰ ভিতৰত শিল্পী আৰতিবালা নন্দীয়ে ৰাজ্যিক উদ্যোগ মন্ত্ৰণালয়ৰদ্বাৰা আয়োজিত প্ৰতিযোগিতাত পুৰস্কৃত হৈ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ হাতৰপৰা পুৰস্কাৰ গ্ৰহণ কৰে। আকৌ পাটীশিল্পী প্ৰহ্লাদ ৰক্ষিতে হাৰিয়ানাৰ সুৰুযকুণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় মেলাত পুৰস্কৃত হৈ সেই সময়ৰ ৰাষ্ট্ৰপতি এ.পি.জে.আব্দুল কালামৰ হাতৰপৰা বিজ্ঞানভৱনত আয়োজিত অনুষ্ঠানত পুৰস্কাৰ গ্ৰহণ কৰি গোৱালপাৰা জিলালৈ গৌৰৱ কঢ়িয়াই আনে।সম্প্ৰতি পাটীশিল্পৰ উৎপাদিত সামগ্ৰীৰ বজাৰে জিলাখনৰ পৰিধি অতিক্ৰম কৰি দিল্লী,কলকাতা,মুম্বাই আদি ভাৰতৰ সম্ভ্ৰান্ত মহানগৰীলৈকে প্ৰসাৰিত হৈছে। মুঠতে, কোনো আধুনিক যন্ত্ৰ-পাতিৰ সহায় অবিহনে পৰম্পৰাগত সা-সৰঞ্জামেৰে তৈয়াৰ কৰা শীতল পাটীৰে পৰোক্ষভাৱে হলেও জগত জিনিবলৈ অগ্ৰসৰ হোৱা পাটী উদ্যোগটোক সুদৃঢ়কৈ গঢ়ি তোলাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব লাগে। নিবনুৱা সমস্যাৰে ভাৰক্ৰান্ত অসমত,শিক্ষিত যুৱক-যুৱতীসকল এই আপুৰুগীয়া শিল্পৰ লগত জড়িত হ’লে বাৰুকৈয়ে লাভাৱান্বিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!