গ্ৰন্থ আলোচনা: “চৰাইদেও”-দিপাংকৰ ভাগ‌ৱতী

লেখক: ত্ৰৈলোক্য ভট্টাচাৰ্য
প্ৰ্কাশক: বাণী মন্দিৰ
প্ৰথম প্ৰকাশ: ২০০৫
দ্বিতীয় প্ৰকাশ: ২০০৯
মুল্য: ৭০ টকা
“চৰাইদেও”- ছ্শ বছৰীয়া আহোমৰ ৰাজত্বকালৰ উত্থান-পতনৰ নীৰব সাক্ষী | স্বৰ্গৰ পৰা নামি অহা স্বৰ্গদেওবোৰে শেষত শান্তি বা অশান্তিৰ চিৰনিদ্ৰাত নিতাল মাৰিছিল চৰাইদেওত |
ত্ৰৈলোক্য ভট্টাচাৰ্য্যদেৱৰ দ্বাৰা ৰচিত উপন্যাস “চৰাইদেও”ত আহোম বুৰঞ্জীৰ এটি অধ্যায় সাৱলীলভাৱে বৰ্ণিত হৈছে | উপন্যাসখনিৰ পাতনিতে ভোটাই ডেকা নামৰ সাহসী, স্বাধীনচেতীয়া ডেকাজনৰ উত্থানৰ কাহিনী বৰ্ণিত হৈছে যিজনে মহা প্ৰতাপশালী আহোম বিষয়া পৰ্বতীয়া ফুকনৰ নাও আক্ৰমণ কৰি তেখেতৰ জীয়েক অপেশ্বৰীক হৰণ কৰি নিবলৈ সাহস কৰিছিল| ক্ৰঃমশ কাহিনীয়ে অসম বুৰঞ্জীৰ এটি কলংকিত অধ্যায়ৰ মাজলৈ গতি কৰে য’ত অসমীয়াৰ দুৰ্যোগৰ বহু সৰু-বৰ কাহিনীৰ অলোকপাত হৈছে সুন্দৰভাৱে|

সৰুতে পাঠ্যপুথিত নবাব মীৰজুমলাৰ অসম আক্ৰমণ কৰিব শেনৰ দৰে আহি ফেচাঁৰ দৰে উভতি যোৱাৰ বিষয়ে পঢ়িছিলো | মীৰজুমলা উভতি গ’লেও তেওঁৰ অসম আক্ৰমণত অসমৰ ৰাজহাড় ভাঙি গৈছিল | মীৰজুমলাৰ অসম আক্ৰমণৰ সময়ত হোৱা অসমীয়াৰ লটি-ঘটি, ঘৰশত্ৰু বিভীষণ ডা-ডাঙৰীয়াসকলৰ স্বৰ্গদেওৰ প্ৰতি কৰা বিশ্বাসঘাটকতা, ৰজা ভঙা-পতা, আহোম ৰাজনীতিৰ লেতেৰা দিশবোৰ বৰ্ণিলভাৱে উপস্থাপন হৈছে উপন্যাস খনিত| সোণৰ জখলাৰে মুংৰিমুংৰামৰ পৰা এদিন খুনলুং আৰু খুনলাই পৃথিৱীলৈ নামি আহিল| কিন্তু চোমদেও দেৱতাক আনিবলৈ খুনলুং উভতি গ’ল স্বৰ্গলৈ | খুনলাইৰ বংশধৰ চাওফা চুকাফাই চৰাইদেওত বগা ঘোঁৰা বলি দি ৰাজধানী পাতিলে আৰু আৰম্ভ হ’ল আহোমৰ ছশ বছৰীয়া বৰ্ণিল ৰাজত্বকাল|খহুৱা গোঁহাই ৰজা হৈ নাম লৈছিল জয়ধ্বজ সিংহ| তেওঁৰ ৰাজত্ব কালতেই মোগল সেনাপতি মিৰজুমলাই অসম আক্ৰমণ কৰিছিল| দেশমাতৃৰ বিপদৰ সময়ত সকলো একগোট হোৱাৰ সলনি ব্যক্তিগত আখেজ পুৰোৱাৰ উদ্দেশ্যে বেছিভাগ ডা-ডাঙৰীয়াই গা-এৰা দিলে আৰু সৃষ্টি কৰিলে ঘৰুৱা কন্দল | সুযোগৰ প্ৰ্তিক্ষাত থকা মিৰজুমলাই ৰাজধানী গড়গাওঁ অধিকাৰ কৰিলে | ভগনীয়া ৰজা জয়ধ্বজ সিংহই নামৰূপলৈ পলাই গ’ল| ধ্বংস হৈ গ’ল সোণৰ অসম| শ শ বিঘা মাটিৰ খেতি ধ্বংস কৰা হ’ল| বহুত আপুৰুগীয়া সম্পতি পানীত পেলাই দিয়া হ’ল| বহুত অসমীয়া জীয়াৰী ধৰ্ষিতা হ’ল| এমুৰৰ পৰা আই অসমীক মোগলে লুটিলে| কিন্তু মোগলে জানো হাতত ৰাখিব পাৰিলে গড়গাওঁ, অসম খনক? ঐতিহাসিক ঘটনাপুঞ্জীৰ বৰ্ণনাৰ লগতে লিখকে সমান্তৰালভাৱে আগবঢ়াই নিছে লাহৰী নামৰ দুৰ্ভগীয়া ছোৱালীজনীৰ দুখৰ কাহিনী; স্বৰ্গদেও, ডা-ডাঙৰীয়াৰ ব্যক্তিগত জীৱণ পৰিক্ৰমা; দেবেৰা নামৰ কলংকিত চৰিত্ৰটিৰ বৰ্ণনা আৰু বহুতো৷বহুকেইটা চৰিত্ৰক সমান্তৰালভাৱে আগুৱাই নিয়াটো লিখকৰ সাৰ্থকতা| বুৰঞ্জী পঢ়াত যিটো অৱহেলাভাৱ আমাৰ মাজত বিৰাজ কৰে, উপন্যাসখনিত এটি মুহুৰ্তৰ বাবেও সেইটো অনুভৱ নহয় কাহিনীৰ গতিশীলতাৰ বাবে|মুঠতে উপন্যাস খনিক ঐতিহাসিক উপন্যাস বোলাতকৈ ঐতিহাসিক পটভুমিত লিখা এখন সুন্দৰ আধুনিক উপন্যাস বোলাতো যুগুত হ’ব|

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!