গ্ৰন্থ আলোচনা- সীমান্ত: অনামিকা বৰুৱা

লেখক: হিৰণ্য কাশ্যপ।
প্ৰথম প্ৰকাশ: ডিচেম্বৰ, ১৯৯৬।
দ্বিতীয় প্ৰকাশ: ফেব্ৰুৱাৰী, ২০০০।
প্ৰকাশক: বনলতা, পাণবজাৰ গুৱাহাটী।
ISBN: 81-7339-117-3.
মূল্য: ৭৫ টকা।
হিৰণ্য কাশ্যপৰ প্ৰথম উপন্যাস “সীমান্ত”। প্ৰান্তিক আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশ পোৱা উপন্যাসখনৰ ভাষা প্ৰাঞ্জল। কলেজ আৰু হোষ্টেলীয়া জীৱনৰ ঘটনাৰাজিক সৰল আৰু প্ৰকৃত ৰূপত দাঙি ধৰা সুন্দৰ প্ৰকাশ ভংগীয়ে উপন্যাসখনক আকৰ্ষণীয় কৰি তুলিছে।
উপন্যাসখনৰ পটভূমি যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়। এগ্ৰিকালচাৰৰ বেচেলৰছ ডিগ্ৰী লৈ “ইয়াৰ পাছত আৰু ছাইন ব’ৰ্ডো নপঢ়োঁ” বুলি কোৱা কলেজখনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অতি পপুলাৰ ‘দাদা’ সীমান্ত বৰুৱা পুনৰ কলেজখনলৈ পঢ়িবলৈ আহে ডেপুটেশ্যনত। ঘৰখন এৰিবলৈ টান পোৱা সীমান্তৰ লগত এইবাৰ আহে পৰিবাৰ ৰাখী আৰু তিনিবছৰীয়া ল’ৰা বাবা। ছবছৰকাল আৰামেৰে চাকৰি কৰাৰ পাছত ঘৰৰ মানুহ, শুভাকাংক্ষীসকলৰ আগ্ৰহ আৰু ইচ্ছাকে প্ৰাধান্য দি সীমান্ত গুচি আহে যোৰহাটলৈ পি.জি কৰিবলৈ। নতুনকৈ নামভৰ্তি কৰাৰ পৰা ৰিচাৰ্চ কৰি, চেমিনাৰ পাতি, থেচিচ লিখি ডিগ্ৰী লোৱালৈকে সীমান্তৰ পাছে পাছে আগবাঢ়ি যাওঁতে কাহিনীয়ে যি সাৱলীলতাৰে গতি লয় পাঠকে অজানিতেই একাত্ম হৈ পৰে ঘটনাৰাজিৰ সৈতে। বৰ্ণনাৰ সজীৱতাৰ বাবে প্ৰতিটো ঘটনায়েই জীৱন্ত হৈ উঠে। কলেজীয়া জীৱনৰ বন্ধুবৰ্গৰ নিৰ্মল ধেমালি, নিভাঁজ অন্তৰংগতা, উদাৰ মন, পৰোপকাৰী মনোভাৱেৰে সৈতে এজাক সপোনপিয়াসী ডেকা-গাভৰুৰ বিচৰণ ভূমি কৃষি বিশ্ববিদ্যালয়। প্ৰাসংগিকভাৱেই অন্য বিষয়সমূহৰ পৰা কিছু পৃথক গৱেষণাৰ বিষয়বস্তু আৰু তাৰ সৈতে সেইবোৰৰ বাস্তৱিক প্ৰয়োগ, এইবোৰৰ উপস্থাপনে উপন্যাসখনক অন্য মাত্ৰা দিছে। হোষ্টেলীয়া জীৱনৰ সোৱাদ-নবাগতসকলৰ ৰেগিঙৰ পৰা আৰম্ভ কৰি মদ-ভাং-চুলাই খোৱা, নিৰ্বাচনৰ ৰাজনীতিলৈকে সকলোবোৰৰ সৰস বৰ্ণনা দিছে লেখকে। ৰিচাৰ্চ কৰাৰ ক্ষেত্ৰত ৰিচাৰ্চ কৰিবলগীয়া বিষয়টোৰ বাবে এগৰাকী মূৰব্বী নিৰ্বাচন, তেওঁলোকৰ দিহা-পৰামৰ্শমতে কৰ্ম নিৰ্ধাৰণ, কামৰ অগ্ৰগতি, তাৰ খতিয়ান আৰু শেষত এদিন সফলতাৰে ৰিচাৰ্চ সম্পূৰ্ণ কৰি ডিগ্ৰী আহৰণ। ৰিচাৰ্চ কৰাৰ পাছত হেনো অসফল হোৱাৰ ৰেকৰ্ড নাই। সেয়ে অসফল হোৱাৰ পাছতো সফল হোৱাৰ ডাটা সংগ্ৰহ কৰি সীমান্তয়ো ডিগ্ৰী লৈ গুচি যায় সময়ত। কিন্তু উপন্যাসখনৰ শেষাংশত যেতিয়া সীমান্তৰ ৰিচাৰ্চৰ গুৰু ঘোষ ছাৰে সীমান্তক পুনৰ সীমান্তই আধৰুৱা কৰি থৈ যোৱা কামখিনি আগবঢ়াই লৈ যোৱাৰ প্ৰস্তাৱ দিয়ে তেতিয়া সীমান্তৰ নিজকে অপৰাধী যেন লাগে।

কথোপকথনৰ ভংগীৰে পৰিপুষ্ট উপন্যাসখন সঁচাই উপভোগ্য। কলেজ উইক, কেণ্টিন, ঠাকুৰ দা, ডেকা ল’ৰাৰ উদ্ভণ্ডালি, কিছু বলিয়ালী, শিক্ষক-ছাত্ৰৰ মাজৰ বুজাবুজি-মতানৈক্য, এনে বহুকেইটা দিশ সামৰি কলেজীয়া জীৱনৰ এখন ছবি পাঠকে বিচাৰি পাব “সীমান্ত”ত।

 

One thought on “গ্ৰন্থ আলোচনা- সীমান্ত: অনামিকা বৰুৱা

  • January 28, 2015 at 3:06 pm
    Permalink

    “সীমান্ত” পঢ়ি থাকিলে সীমান্তৰ মাজত নিজকে বিচাৰি পাওঁ।ৰূঢ় জীৱনৰ বাটত কেতিয়াবা নিজকে উপন্যাসৰ সীমান্ত যেন অনুভৱ হয়।মোৰ আচাইতকৈ প্ৰিয় শীৰ্ষ তিনিখন গ্ৰন্থৰ ভিতৰত এইখনৰ স্থানো আছে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!