গ্ৰন্থ পৰ্যালোচনা জঙালঃ শিপাৰ সন্ধানৰ এক মনোমুগ্ধকৰ কাহিনী –গীতিকা শইকীয়া

সাধুকথা আছিল সেইবোৰ কোনোবা অতীতৰ, দূৰ অতীতৰ৷ জনা-নজনা কথাবোৰে বতাহৰ লগে লগে বাগৰিছিল, কলঙ-কপিলীয়েদি বৈ যোৱা শতায়ু গৰকা পলসে সেই বীৰ যোদ্ধা, প্ৰজাবৎসল ৰজাৰ কথাবোৰ লৈ ফুৰিছিল৷ কলঙৰ পলসে কৈছিল যে কলঙত স্নান কৰি পৱিত্ৰ হৈ সুদূৰৰ বসুন্দুৰী পাহাৰত গৈ বসুন্দুৰী দেৱী মাৰ চৰণত পূজা-অৰ্চনা আগবঢ়াই সেই বীৰ যোদ্ধাই দেওশালৰ মন্দিৰতো পূজা আগবঢ়ায়গৈ! কাৰণ মাতৃপ্ৰধান সমাজৰ পৰম্পৰা মতে দেৱী মাৰ পূজা দিহে আন ভগৱানৰ পূজা আগবঢ়োৱা হয়৷ ভোকত আতুৰ হ’লেই ক’ব নোৱাৰা হৈ পৰা মানৱী শৰীৰৰ সেই অদ্ভুত শক্তিশালী লৌহ পুৰুষে পিছে সেই নেদেখা ঈশ্বৰলৈ পূজা আগবঢ়াইহে নিজৰ পেটৰ ক্ষুধা আঁতৰাইছিল৷ আমাৰ পূৰ্বপুৰুষে কৈ গৈছিল এই কথাবোৰ আমাৰ পিতামহসকলক, তেওঁলোকৰ পৰা আমালৈ আৰু আমাৰ পৰা ভৱিষ্যত প্ৰজন্মলৈ কাহিনীবোৰে এনেদৰেই গতিময়তা পাই গৈ থাকিব৷ চিনাকি ঠাইবোৰৰ স’তে জড়িত হৈ থকা সেই বীৰ যোদ্ধাৰ ৰোমাঞ্চকৰ কাহিনীবোৰে আমাৰ শৈশৱবোৰ জীপাল কৰি তুলিছিল৷

অলীক যেন লগা এই কথাবোৰেই সময়ৰ মুখ বাগৰি কিম্বদন্তি হৈ পৰিছিল৷ তেনেকৈয়ে শুনিছিলোঁ ককা, দেউতাহঁতৰ মুখত লালুং ৰজা বিক্ৰমশালী জোঙাল বলহুৰ বীৰত্বৰ গাঁথাবোৰ৷ অতি মানৱীয়তাৰে বীৰ গাঁথাৰ কাহিনী আছিল আমাৰ শৈশৱৰ জোঙাল বলহুৰ সেই সাধুকথাবোৰ৷

প্ৰতিভাময়ী লেখিকা মুংচাজ’ বৰ্ণালী আম্ফি মান্তাৰ প্ৰথমখন গ্ৰন্থ “জঙাল” কিতাপখন পঢ়ি থাকোঁতে বাৰে বাৰে সেই শৈশৱতে শুনা কাহিনীবোৰে মনত ভূমুকি মাৰি আছিল৷ অলৌকিক বুলি ভাৱা বহুবোৰ কথাই দেখোন কিতাপখন পঢ়ি গৈ থাকোঁতে সঁচা আছিল যেন লাগিবলৈ লৈছে৷ কিছুমান কথাই মনত খুন্দিয়াই আছিল যে ৰজা জোঙাল বলহুৰ ওপৰত ক্ষেত্ৰভিত্তিক অধ্যয়নৰ ফচলৰূপে লিখিত এই কিতাপখনে বিক্ৰমশালী ৰজাজনৰ জীৱনৰ কাহিনীবোৰ কিদৰে উপস্থাপন কৰিব! ক’ৰবাত কল্পনাৰ ৰহন বেছি হ’ব নেকি? অথবা কেৱল তথ্যৰ সমাবেশেৰেই সজোৱা হ’ব!

এনেকুৱা প্ৰায়েই হয় যেতিয়া কথিত, অথবা শুনি থকা কাহিনী, ঘটনাক্ৰমক আমি আখৰৰ সমন্বিতে কিতাপৰ আকাৰত অথবা নাটক বা চিনেমাৰ জৰিয়তে দেখিবলৈ পাওঁ৷ সময়ৰ মুখ বাগৰি ইতিহাসৰ কাহিনীবোৰত মানুহৰ অজানিতেই কথা-কাহিনীবোৰে কল্পনাৰ ৰহনেৰে ৰঙিয়াল হৈ উঠা দেখা যায়৷ জোঙাল বলহুৰ ওপৰত লিখিত এই কিতাপ ’জঙাল’ৰ বাবেও তেনে এক শংকাজনিত মন লৈয়ে পঢ়িব লৈছিলোঁ৷ আকৌ জোঙাল বলহুৰ বিষয়ে প্ৰসিদ্ধ উপন্যাসিক ৰীতা চৌধুৰীয়ে আগতে লিখা তথা ২০০৮ ৰ সাহিত্য অকাডেমী পুৰস্কাৰেৰে সন্মানীত উপন্যাস “দেওলাংখুই”ৰ কিবা প্ৰভাৱ পৰিছে নেকি সেইটোও ভাৱি চাবলগীয়া হৈছিল৷

উপৰোক্ত কথাখিনি উল্লেখ কৰাৰ এইটোৱে কাৰণ যে পাঠকে “জঙাল” পঢ়োঁতে আন কোনো কিতাপ কিম্বা সমল, মুখ বাগৰি শুনা কাহিনী আদিৰ প্ৰতি মনোযোগ নিদিয়াকৈ পঢ়া উচিত৷ “জঙাল”ত লিখিকাই ইতিহাসৰ এনে এক স্বৰ্ণিল অধ্যায়ৰ দলিল সমন্বিত কৰিছে য’ত অসমৰ খিলঞ্জীয়া অধিবাসীসকলৰ এক উন্নত জীৱন ধাৰণৰ প্ৰক্ৰিয়া, সামাজিক ৰীতি-নীতি, পৰিবেশৰ এক সুন্দৰ আভাস পাব পাৰি৷ সেই ইতিহাসত আজিৰ দৰে চল-কপটৰ স্থান নাই৷ নাই কোনো কৃত্ৰিমতাৰ প্ৰলেপ৷ আছে যদি এখন উচ্চ মানসিকতাৰ সমাজ, য’ত বিবাহ বৰ্হিভূতভাৱে জোঙাল বলহুৰ জন্ম হোৱা স্বত্বেও সেই সমাজখনে জোঙালৰ পৰিয়ালটোক সমাজৰ পৰা নিলগাই থৈ দিয়া নাই৷ বৰঞ্চ সেই সন্তানক তেওঁৰ শৌৰ্য-বীৰ্য তথা গুণী স্বভাৱৰ বাবেই সমাজখনে নেতৃত্বৰ স্থানত, ৰজাৰ স্থান হিয়াৰ আনন্দেৰে প্ৰদান কৰিছে৷ সেই সমাজ এনে এক সমাজ য’ত নাৰী-পুৰুষৰ সমান স্থানৰ পোষকতা কৰা হয়৷ বৰঞ্চ সেই সমাজত নাৰীৰ সন্মান পুৰুষতকৈ ওপৰত বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷

প্ৰকৃতি নিৰ্ভৰ সেই সমাজত প্ৰকৃতিৰ নিয়মক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হয়৷ শান্ত সমাহিত প্ৰকৃতিয়ে যেনেকৈ মাজে মাজে বতাহ-ধুমুহা-গাজনিৰে তালফাল লগাই তাণ্ডৱ নৃত্য কৰি ধৰাত দেখা দিয়া গেলা-আৱৰ্জনাবোৰ সামৰি নৈয়েদি উটুৱাই লৈ যায়, ঠিক তেনেকৈয়ে সেই সমাজৰ নিয়ম ভংগ কৰাসকলৰ প্ৰতি সেই সহজ সৰল মানুহখিনিয়ে মৃত্যুদণ্ড পৰ্যন্ত দিবলৈও পিচ-হুহুকি নাহে৷ এয়াই সেই তিৱা সমাজ৷ এনেদৰেই ৰজা জোঙাল বলহুৰ শাসনত ফলে-ফুলে জাতিষ্কাৰ হৈ পৰা শক্তিশালী তিৱা ৰাজ্যৰ সময়োচিত দলিল হৈছে বৰ্ণালীৰ এই “জঙাল” কিতাপখন৷

হাজাৰ বছৰীয়া ইতিহাসৰ পাতত সামান্যভাৱেহে ঠাই পোৱা বীৰ ৰজা আৰিমত্ত আৰু আৰিমত্তৰ অধীনৰ এখন সৰু ৰাজ্যৰ ৰাণী খুমজিলৰ মাজত হোৱা প্ৰেম-ভালপোৱাৰ সম্বন্ধৰ ফলশ্ৰুতিত জন্ম হোৱা পুত্ৰ জোঙাল বলহুৰ শৌৰ্য-বীৰ্যৰ আখ্যানেৰে ভৰপূৰ তিৱা ৰাজ্যৰ সেই স্বৰ্ণিল অধ্যায়ৰ সন্দৰ্ভত ইতিহাসকাৰসকলো যেন নিমাত৷ প্ৰকৃততে কি কোৱা যায় বাৰু সেই অলিখিত হৈ ৰোৱা ৰজা জোঙাল বলহুৰ অসাধ্য সাধনৰ কাহিনীবোৰৰ! বহুতে কোৱাৰ দৰে সেই কাহিনীবোৰ অলৌকিক নাছিল৷ মানুহৰ মুখ বাগৰি বাঢ়ি যোৱা অতিৰঞ্জিতকৰণখিনি বাদ দিলে সেই ইতিহাসৰ সমলেদি অসম বুৰঞ্জীৰ এই অধ্যায়বোৰে অসমৰ ইতিহাসক পুনৰ ফঁহিয়াই চোৱাৰ বাবে বহু তথ্য দিব পাৰে৷

“জঙাল” কিতাপখনত লিখিকা মুংচাজ’ বৰ্ণালী আম্ফি মান্তাই সেই স্বৰ্ণিম সমলৰেই সন্ধান কৰিবলৈ চেষ্টা কৰিছে৷ পিছে সেই চেষ্টা কৰোঁতে কেৱল সন্ধান পোৱা তথ্যবোৰকেই লিখি যোৱা নাই৷ সেই তথ্য-সমলবোৰেৰে লিখিকাই জোঙাল বলহু, পিতৃ আৰিমত্ত, মাতৃ খুমজিলৰ ৰাজনৈতিক বিচক্ষণতা, প্ৰেম-ভালপুৱা, ৰাজ্যৰ বাবে, প্ৰজাৰ বাবে, সমাজৰ নিৰন্তৰ ৰীতি-নীতিৰ বাহালৰ বাবে ৰাণী খুমজিলৰ নিজৰ প্ৰেমাম্পদৰ পৰা আঁতৰি আহি বিবাহ বৰ্হিভূতভাৱে জন্ম হোৱা সন্তান জোঙালক ডাঙৰ-দীঘল কৰাৰ সাহস আদিৰে ’জঙাল’ কিতাপখনত ইতিহাসৰ এক গৌৰৱোজ্জল অধ্যায়ক সামৰি লোৱাৰ প্ৰয়াস কৰিছে৷

’জঙাল’ প্ৰকৃততে তিৱা জনগোষ্ঠীৰ উন্নত জীৱন-ধাৰণ প্ৰণালীৰ এক উৎকৃষ্ট নিদৰ্শন৷ ইতিহাসত হেৰাই যোৱা সেই উন্নত তিৱা সমাজত পুৰুষে, বিশেষকৈ তিৱা ৰাজ্যৰ ৰজাই বহুপত্নী ৰখাৰ নিয়ম নাই৷ অথচ ইতিহাসৰ পাতে পাতে অতীতৰ যিকোনো ৰাজ্যৰ বিৱৰণতে ৰজাসকলৰ বহুপত্নী থকাৰ কথা পঢ়িবলৈ পাওঁ৷ বহুপত্নী মানেই একেজন ৰজাৰ বহুপুত্ৰ, কন্যা, সেইসকলৰ মাজত ৰাজ্যৰ শাসনভাৰক লৈ খোৱা-কামোৰা, অঁৰিয়া-অঁৰি, কেতিয়াবা হত্যা পৰ্যন্ত হোৱা দেখা যায়৷ কিমান নৃশংস হ’লে নিজ ভ্ৰাতৃ-ভগ্নীক কোনোবাই কেৱল ক্ষমতা লাভৰ বাবেই নিৰ্বাসন, হত্যা কৰিব পাৰে ভাৱি আচৰিত লাগিলেও আমি সেইবোৰ ইতিহাস বুলিয়েই এৰি দিয়াৰ মানসিকতা এটা আমাৰ সকলোৰে আছে৷ কিন্তু বুৰঞ্জীয়ে ছেগা-চোৰোকাকৈহে ঢুকি পোৱা সেই তিৱা সমাজত ৰজাই পত্নীৰ বিয়োগ হ’লেও দ্বিতীয় এগৰাকী পত্নী বিবাহ কৰাৰ নিয়ম নাই৷ সেয়েহে জোঙাল বলহুৰ মাতৃ খুমজিলৰ জন্মৰ পাছত খুমজিলৰ মাতৃৰ প্ৰসূতিৰোগত মৃত্যুমুখত পৰাত নিয়ম নাছিল যদিও খুমজিলক চোৱা-চিতাৰ বাবেই আন এগৰাকী নাৰীক বিবাহ কৰিবলৈ পৰিয়াল-স্বজনে কোৱা সত্বেও খুমজিলৰ পিতৃয়ে নিজৰ মতত অটল হৈ থাকে৷ সেয়েহে আধুনিকতাৰ হাজাৰ কোটি যোজন নিলগত প্ৰকৃতিৰ মাজত থকা সেই সমাজত কেঁচুৱাটিক অকলে ডাঙৰ কৰাৰ বাবে তিৱা ৰাজ্যৰ ৰজা তথা জোঙাল বলহুৰ ককাকে ক’ব পাৰে, –

“মোৰ কাৰণে প্ৰথমা আৰু শেষ নাৰী মোৰ কেঁচাসোণ টুকুৰাৰ মাকেই আছিল৷ তেওঁ নাথাকিলেও তেওঁৰ অবৰ্তমানত ময়ে মোৰ খুমজিলৰ ৱাই-ফা সকলো৷ তাইৰ বাবে দ্বিতীয় মাখুৰী কিয়? তিৱা ৰাজ্যৰ লিবিঙে দ্বিতীয় নাৰী গ্ৰহণ নকৰে৷“

এইয়াই সেই তিৱা সমাজ য’ত নাৰীৰ প্ৰতি সন্মান সৰ্বোপৰি বুলি গণ্য কৰা হয়৷ সেয়েহে তিৱা সমাজৰ হাড়ী কুঁৱৰীক পলুৱাই নিয়াটো জঘন্য অপৰাধ হিচাবে গণ্য কৰা হয়৷ সেই জঘন্য অপৰাধৰ শাস্তি হিচাবেই ইতিমধ্যে আহি জোঙালৰ আশ্ৰিত হৈ থকা পূৰ্বৰ কামৰূপৰ ৰজা জয়পালৰ পুত্ৰ বীৰপালক দেৱীৰ চৰণত বলি দিয়াৰ ক্ষেত্ৰতো তিৱা সমাজ, ৰজা জোঙল বলহু থমকি নৰয়৷ হয়তো নৰবলিৰ এই কথাটো সহজভাৱে ল’ব নোৱাৰি৷ কিন্তু বিশ্বাসঘাটকতাৰ ক্ষেত্ৰত তথা তিৱা ৰাজ্যৰ হাড়ী কুঁৱৰীক পলুৱাই নি সমগ্ৰ তিৱা সমাজক অৱমাননা কৰা কথাটোৰো গুৰুত্ব আছিল৷ সেইবাবেই তিৱা ৰাজ্যৰ ইতিহাসত হোৱা সেই প্ৰথম নৰবলিৰ সিদ্ধান্তকো ৰজা জোঙাল বলহুৱে প্ৰজাৰ বাবে, ৰাজ্যৰ বাবেই লোৱা বুলি প্ৰজাই নিঃসংকোচে মানি ল’ব পাৰিছিল৷ সেই তিৱা সমাজ এনে এক সমাজ য’ত সমাজৰ নিয়ম ৰক্ষা কৰিবলৈ জোঙালৰ মাতৃয়ে নিজৰ প্ৰেম ভালপোৱা বিসৰ্জন দিয়ে৷ সেইসময়ৰ অত্যন্ত ক্ষমতাশালী ৰজা আৰিমত্তৰ প্ৰেমক বিসৰ্জন দি অবিবাহিত হৈ থাকিয়েই সন্তান জোঙালক জন্ম দি ডাঙৰ দীঘল কৰিব পাৰে৷ নাৰীৰ প্ৰতি সেই সমাজত থকা উচ্চ স্থানৰ বাবেই জোঙাল বলহুৰ মাতৃয়ে তেনে সিদ্ধান্ত ল’ব পাৰিছিল৷

লেখিকাই যথেষ্ট অধ্যয়ন কৰিছে বুলি অনুভৱ হ’লেও কিছু কিছু ক্ষেত্ৰত কাহিনীটো খৰতকীয়া কৰা যেন অনুভৱ হ’ল৷ জোঙালৰ পিতৃ-মাতৃৰ মাজৰ প্ৰেম-ভালপোৱাক সামান্যভাৱেহে আলোকপাত কৰা হৈছে৷ জোঙালৰ মাতৃ খুমজিলৰ ইচ্ছাত আৰিমত্তই নিজকে তেওঁলোকৰ পৰা আঁতৰত ৰাখি ৰাজ্য জয়ৰ উন্মাদনাত মত্ত হৈ পৰিছিল৷ সকলো জানিও, সকলো শুনি থাকিও ইজনে সিজনক পাব নোৱাৰা সমাজৰ সেই নিয়মৰ মাজত থকা তেওঁলোকৰ দুখ-বেদনাখিনিৰ ওপৰত আৰু কিছু আলোকপাত কৰাৰ প্ৰয়োজন আছিল যেন লাগিল৷

আচৰিতধৰণে জোঙাল বলহুৰ পিতৃ আৰিমত্ত আৰু জোঙালৰ জীৱনৰ শেষৰ সময়ছোৱা প্ৰায় একেধৰণেৰেই শেষ হয়৷ আৰিমত্তৰ পিতৃক আৰিমত্তই যিদৰে অজানিতেই হত্যা কৰিছিল, ঠিক সেইদৰে আৰিমত্তকো জোঙাল বলহুৱে নিজৰ অজানিতে হত্যা কৰিছিল৷ কাৰণ মাতৃয়ে আৰিমত্তক নজনোৱাকৈ ৰাখিছিল আৰিমত্তৰ পিতৃ পৰিচয়৷ ঠিক সেইদৰে জোঙালৰ মাতৃ খুমজিলেও জোঙাল বলহুৰ পৰা পিতৃ পৰিচয়ৰ কথা গোপনে ৰাখিছিল৷ সেই মাতৃ খুমজিলৰ বাবে হৰিণা পহুৰ মাংস আনিবলৈ বুলি চিকাৰলৈ যাওঁতে জোঙাল বলহুৰ ধনুৰ কাঁড়ত পিতৃ আৰিমত্ত মৃত্যুমুখত পৰে৷ কিন্তু গোটেই জীৱন পুত্ৰ জোঙালক পিতৃ পৰিচয়ৰ পৰা বঞ্চিত কৰি ৰখা মাতৃ খুমজিলে জোঙালে আৰিমত্তক অজানিতে হত্যা কৰা কথাটোক সহজভাৱে ল’ব নোৱাৰিলে৷ প্ৰেমাস্পদৰ মৃত্যুত ব্যথিত হৈ নিজ পুত্ৰকে অভিশাপ দি খুমজিলৰ মৃত্যু হোৱা বুলি কোৱা হয় কাহিনীটোত৷ এইখিনিতে লেখিকাই খৰ-খেদা কৰা যেন লাগিল৷ প্ৰেমাস্পদক দূৰলৈ ঠেলি পদে পদে ব্যথিত হৈ জীৱন পাত কৰা খুমজিলে তেওঁৰ মৃত্যুত, বিশেষকৈ নিজ পুত্ৰৰ দ্বাৰা কৰা হত্যাৰ বাবে পুত্ৰ জোঙালক দোষ দিয়াতকৈ নিজৰ সিদ্ধান্ত, ইমানদিনে জোঙালৰ প্ৰকৃত পৰিচয় আৰিমত্তক তথা জোঙালক নিদিয়াৰ বাবে হ’ব পৰা অনুশোচনা আদিবোৰেৰে কাহিনীটো আৰু অধিক নিটোল ৰূপত উপস্থাপন কৰাৰ থল থাকিল যেন অনুভৱ হ’ল৷

আনহাতে পিতৃ পৰিচয়ৰ পৰা আঁতৰত জোঙাল বলহুৱে পিতৃহীন হৈয়েই কটাবলগীয়া হোৱা খুমজিলৰ সেই কালজয়ী সিদ্ধান্তৰ বাবেইতো জোঙাল বলহুৰ জীৱনৰ এই বৰ্ণাঢ্য ৰূপ হৈছিল৷ গতিকে কাহিনীটোত জোঙাল বলহুৰ মাতৃ খুমজিলৰ ভূমিকা আৰু অধিক হোৱাৰ থল থাকিল৷ অথচ খুমজিলৰ হঠাতে মৃত্যু হোৱা কথাখিনি একেবাৰে সামান্যকৈহে তুলি ধৰা হ’ল৷ এই কথাখিনিৰেও কাহিনীটোৰ আন এক বলিষ্ঠ প্ৰকাশ সম্ভৱ হ’লহেঁতেন!

শেষত প্ৰিয়তমা পত্নীৰ দ্বাৰা বিশ্বাসঘাটকতাৰ কথাখিনিতো লেখিকাই কিছু পৰিমাণে খৰ-খেদা কৰা যেন বোধ হ’ল৷ এই দিশতো দুয়োজনৰ বাক-বিতণ্ডা, বিশ্বাসঘাটকতাৰ ফলত জোঙাল বলহুৰ মনৰ মাজৰ বা-মাৰলিজাকৰ বিষয়ত, বিপদৰ সময়ত আপোন কোনো নোহোৱাৰ দুখ আদিৰে কাহিনীটোক বৰ্ণাঢ্য ৰূপ দিব পৰাৰ থল থাকিল যেন লাগিল৷ তথাপি লেখিকাৰ প্ৰথম প্ৰয়াস হিচাবে “জঙাল”ত প্ৰকৃততেই এক সুনিপুণ কাহিনী পাঠকে বিচাৰি পাব৷

কোৱা হয় যে মানুহৰ আয়ুসেই মানুহৰ জীৱনৰ মাপকাঠি৷ কিন্তু নহয়৷ আয়ুসৰ মাপকাঠিৰে জীৱনক তুলি ধৰিব নোৱাৰি৷ ভাৱি থকা যায় যে জীৱনটো ইমান চুটি৷ কৰিবলৈ দেখোন বহু কামেই বাকী থাকিল৷ দৰাচলতে মানুহৰ আয়ুস কেতিয়াও মানুহৰ জীৱনৰ মাপকাঠি হ’ব নোৱাৰে৷ হাজাৰ অথবা শ বছৰ জীয়াই থাকিলেও বহুতে জীৱনত একোৱেই কৰিব নোৱাৰে৷ অথচ নিচেই কম সংখ্যকেহে পৃথিৱীত কটোৱা তেওঁলোকৰ জীৱনকালত কৰা কৰ্মৰ যোগেদি চিৰকালৰ বাবেই মানুহৰ মনত জী থাকিব পাৰে৷

প্ৰকৃততে অমৰ হ’বলৈ হ’লে জীৱনৰ বৈচিত্ৰ্য লাভ কৰিব লাগিব৷ জীৱনৰ বৈচিত্ৰ্যৰ বাবে সেই জীৱনত বাৰম্বাৰ সপোন দেখিব লাগিব, আৰু সেই সপোনৰ পূৰণৰ বাবে লাগিব ত্যাগ আৰু অধ্যৱসায়৷ ’জোঙাল’ৰ কাহিনীত নিজ ৰাজ্যৰ বাবে মাতৃৰ এক সুখী জীৱনৰ ত্যাগে জোঙালৰ জীৱনক মহিমামণ্ডিত কৰিছে৷ জোঙালক এক অলীক সপোন দেখুৱাবলৈ শিকাইছে যে কোনোবা এদিন জোঙালে পিতৃ-মাতৃক একেলগ কৰিব, একেলগে তেওঁলোক থাকিব৷ তিৱা ৰাজ্যখন সমৃদ্ধিশালী কৰি তুলিব৷ তিৱা মানুহখিনিক সুৰক্ষা প্ৰদান কৰিব৷ এইদৰে যে জোঙালে সপোনবোৰ দেখিছিল, এই সপোনবোৰেই জোঙাল বলহুক দিন প্ৰতিদিন শক্তিশালী কৰি লৈ গৈ আছিল৷ কছাৰী ৰজাৰ অভিসন্ধিত কছাৰী ৰাজকুঁৱৰীৰ ছলনাত ৰাজ্য-প্ৰজা সকলো হেৰুৱাই নিঃস্ব হৈ পৰি শেষত কছাৰী সৈন্যৰ হাতত প্ৰাণ হেৰুওৱা জোঙালৰ জীৱনত বৈচিত্ৰ্য আছিল৷ সেই বৈচিত্ৰ্যই জোঙালক হেজাৰ বছৰ ধৰি মানুহৰ মুখে মুখে কিম্বদন্তি কৰি জীয়াই ৰাখিছে৷

সাহিত্যৰ সফলতা তেতিয়াহে সম্ভৱ যেতিয়া গল্প অথবা উপন্যাসৰ চৰিত্ৰবোৰৰ মাজেদি গল্পকাৰ বা উপন্যাসকাৰে পাঠকক সেই গল্প উপন্যাসৰ কাহিনীৰ মাজলৈ সুমুৱাই লৈ যাব পাৰে৷ এইক্ষেত্ৰত লেখিকা বৰ্ণালী পূৰামাত্ৰাই সফল হৈছে বুলিব পাৰি৷ ক্ষেত্ৰভিত্তিক অনুসন্ধানত পোৱা তথ্য, জোঙাল বলহুৰ ৰাজ্য থকা সেই অঞ্চলটোৰ বিভিন্ন স্থানত লগ পোৱা বয়ো-বৃদ্ধৰ মুখ বাগৰি কিম্বদন্তি হোৱা কথাবোৰক সাৰথি কৰি বৰ্ণালীয়ে এই অসাধ্য সাধন কৰিছে৷ আমচৈ, নেলী আদিৰ অঞ্চলৰ সেই চিৰ তৰুণ অৰণ্যৰ মনোমোহা বৰ্ণনাৰে ’জঙাল’ৰ জৰিয়তে লেখিকাই পঢ়ুৱৈৰ বাবে আগবঢ়াবলৈ সক্ষম হৈছে এক ৰোমাঞ্চকৰ কাহিনী৷

অসমৰ ইতিহাসৰ প্ৰকৃত ছবিখন জানিবৰ বাবেই ’জঙাল’ৰ দৰেই অসমৰ আন জাতি-জনগোষ্ঠীসমূহৰো ইতিবৃত্তবোৰ সকলোৰে সহজলভ্য হৈ উঠা উচিত৷ ’জঙাল’ৰ জৰিয়তে লেখিকাই তিৱা জনগোষ্ঠীৰ শিপাৰ সন্ধান কৰিছে৷ সেই শিপা য’ত লুকাই আছে আমাৰ পূৰ্বপুৰুষৰ স্বৰ্ণিল ইতিহাস৷ সেয়েহে সময়ৰ বালিত ’জঙাল’ হৈ পৰিব ইতিহাসৰ বাগৰি যোৱা সমলৰ দলিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!