গ্ৰেট ৱাল অৱ ইণ্ডিয়া — শিল্পী গোস্বামী

গ্ৰেট ৱাল অৱ চাইনাৰ কথা নুশুনা মানুহ নাই৷
কিন্তু আপোনালোকে জানে নে চীনৰ প্ৰাচীৰৰ পাছত পৃথিৱীৰ ভিতৰতে দ্বিতীয়খন দীঘল প্ৰাচীৰ
ক’ত আছে?

কুম্ভলগঢ় ফ’ৰ্টৰ বিষয়ে বহুত কম ভাৰতীয়ই জানে৷ এই কুম্ভলগঢ় ফ’ৰ্টৰ দেৱাল খনেই চীনৰ প্ৰাচীৰৰ পাছতেই পৃথিৱীৰ দ্বিতীয়খন দীৰ্ঘতম প্ৰাচীৰ৷

১৫ শতাব্দীত মেৱাৰৰ ৰজা “কুম্ভই“ এই কুম্ভলগঢ় ফ’ৰ্টৰ নিৰ্মাণ কৰাইছিল৷ এই বিশাল দুৰ্গটো সমুদ্ৰপৃষ্ঠৰ পৰা ১১০০ মিটাৰ উচ্চতাত আৰাৱলী পৰ্ব্বত মালাত প্ৰতিষ্ঠিত৷ উদয়পুৰৰ ওচৰত ৰামজাচমন্দ জিলাত স্থিত এই কুম্ভলগঢ় ফ’ৰ্টৰ এই অস্বাভাৱিক দেৱাল খন 36 কি: মি: দীঘল আৰু ইমান বহল যে ইয়াত ৮ টা ঘোঁৰা একেলগে এটাৰ কাষত এটাকৈ থিয় হ’ব পাৰে৷ ৭ খন বিশালকায় দ্বাৰো এই দেৱাল খনৰ অন্তৰ্ভুক্ত৷ এই দুৰ্গৰ ভিতৰত ৩৬০ টা মন্দিৰ আছে৷ ইমানেই নহয় মহাপৰাক্ৰমী মহাৰাণা প্ৰতাপৰ জন্মও ইয়াতেই হৈছিল৷ এই অস্বাভাৱিক দুৰ্গটো “world heritage site“ ত hills and forts of Rajasthan ৰ ভিতৰত অন্তৰ্ভুক্ত৷

কুম্ভলগঢ় ফ’ৰ্টৰ ওপৰত ৰাজস্থান চৰকাৰে উলিওৱা এডফিল্ম খন পাৰিলে ইউ টিউবত চাবচোন৷ ইয়াৰ বিশালতা অনুমান কৰিব পাৰিব৷

খম্মা ঘণিৰ অৰ্থ
***************

যোৱাবাৰৰ লেখাটোত খম্মা ঘণিৰ অৰ্থটো জানে নেকি সুধিছিলো৷ ইয়াৰ পাছতো এটা কাহিনী আছে৷ ১৫ শতাব্দী মানৰ পৰাই মেৱাৰৰ “প্ৰিন্সলি ষ্টেট“ত খম্মা ঘণিৰ প্ৰচলন হোৱা বুলি ধৰা হয়৷ পাছলৈ গোটেই ৰাজপুতানাতে ৰাজকীয় ভাবেৰে কাৰোবাক নমস্কাৰ/ সম্ভাষণ জনাবলৈ “ খম্মা ঘণি“ প্ৰচলিত হৈ পৰে৷ এতিয়াও ইয়াত “ৰাম ৰাম সা“ বা “খম্মা ঘণি সা“ বুলি সম্ভাষণ জনোৱা দেখা যায়৷ সা মানে মহাশয়/ মহাশয়া বা চাৰ/মাডাম৷

এসময়ত ৰাৱল খুমান প্ৰথম, ৰাৱল খুমান দ্বিতীয় আৰু ৰাৱল খুমান তৃতীয় নামৰ মহাপৰাক্ৰমী শাসকীয় বংশই মেৱাৰৰ শাসন ভাৰ চম্ভালিছিল৷ এই তিনিজন খুমানেই আৰৱ সেনাক খেদি পঠাবলৈ সক্ষম হৈছিল আৰু এওঁলোকৰ দিনতেই প্ৰায় এশ বছৰলৈকে মেৱাৰ খন চাৰিওফালৰ পৰা বিকশিত হৈ পৰিছিল৷ সেইবাবে তেওঁলোকৰ সন্মানতেই “খম্মা ঘণি“ প্ৰচলন হোৱা বুলি কোৱা হয়৷ “খম্মা“ মানে খুমান আৰু “ঘণি“ মানে বহুত৷
ঘণি ঘণি খম্মা বা ঘণি ঘণি খুমান বা বহুত বহুত খুমান৷

অৰ্থাৎ
“may we be blessed with many a khumaan“
“ভগৱানে কৰক আমি যাতে আৰু বহুত খুমান শাসক পাওঁ৷ “

আৰু এনেকৈয়ে “খম্মা ঘণি“ৰ প্ৰচলন হয় আৰু এতিয়াও হৈ আছে৷ শুনি খুব ভাল লাগে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!