গ্ৰেভিটি (দেৱপ্ৰতিম হাজৰিকা)

ৰহস্যময়ী মহাকাশ, নিতৌ নতুন নতুন ৰহস্যৰ উদঘাটন হয় এই মহাকাশতেই। এই ৰহস্যৰ সন্ধানতেই বহু মহাকাশচাৰীয়ে মহাকাশ ভ্ৰমণ কৰে। এই মহাকাশ ভ্ৰমণৰ বাবে যথেষ্ঠ সাধনাৰ প্ৰয়োজন আৰু লগতে হ’ব লাগিব অত্যন্ত সাহসী। নতুবা বিফল হোৱাৰ সম্ভাৱনাই বেছি। য়ুৰি গাগাৰিণৰ পৰা আৰম্ভ কৰি সুনীতা উইলিয়ামছ আদি বহুতো মহাকাশচাৰীৰ বিষয়ে আমি সকলোৱে পঢ়িছোঁ আৰু জানিব পাৰিছোঁ তেওঁলোকৰ মহাকাশ ভ্ৰমণৰ কথা। এই মহাকাশ ভ্ৰমণ শুনিবলৈ ভাল লাগে যদিও ই অত্যন্ত বিপদসংকুল। আমি সকলোৱে কল্পনা চাওলা তথা তেওঁৰ লগৰ আটাইকেইজন মহাকাশচাৰীৰ বিষয়ে জানো।

ধৰি লওক, আপুনি এই বিশাল মহাকাশত অকলশৰীয়া; তেতিয়া আপুনি কি কৰিব? তেনে অৱস্থাত আপোনাৰ জীয়াই থকাৰ সম্ভাৱনা কিমান? মৃত্যুৰ সম্ভাৱনাই সৰহ। তেনে এক কাহিনীৰে এক সুন্দৰ বৰ্ণনা হলিউডৰ শেহতীয়া চিনেমা ‘গ্ৰেভিটি’ (Gravity)। অভিনয়ত আছিল ছান্দ্ৰা বালুক, জৰ্জ ক্লুনী। এক দুৰ্ঘটনাত পতিত হৈ তেওঁলোকে হেৰুৱাই পেলাই তেওঁলোকৰ মহাকাশযান। লগতে হেৰুৱাই আটাইকেইজন ‘ক্ৰু মেম্বাৰ’। বাচি থাকে অকল তেওঁলোক দুজন। এনে সময়ত সততে মানুহে সাহস হেৰুৱাই পেলায়, কাৰণ এই বিশাল মহাকাশত বিচাৰি কেনেকৈনো পাব জীৱন? কিন্তু তেওঁলোকে নেহেৰুৱায় সাহস আৰু ওলাই পৰে এক মহাকাশ ভ্ৰমণত দুয়ো দুয়োৰে সঁহাৰি হৈ।

ৰেডিঅ’ৰ সংগীতকে সংগী কৰি আগবাঢ়ে তেওঁলোক আৰু বিচাৰি উলিয়ায় জীয়াই থকাৰ প্ৰেৰণা। কিন্তু আধাবাটতে আকৌ এজনে আনজনৰ লগ হেৰুৱায়, কাৰণ এই মহাকাশ বিশাল, ইয়াত যে হেৰোৱাটো অতি সাধাৰণ কথা। মহাকাশৰ পৰা পৃথিৱীৰ মনোৰম দৃশ্য উপভোগ কৰাজনে লগ এৰে আনজনৰ ভালৰ কাৰণে।

অকলশৰীয়া হৈ পৰা আনজন মহাকাশচাৰীয়ে এতিয়া অকলেই পৃথিৱীলৈ ঘূৰাৰ সংকল্প লয়। মাজতে সাহস হেৰুৱাই তেওঁ সংগ লয় ‘স্পেচ ষ্টেচন’ত ৰেডিঅ’ ট্ৰান্সমিটাৰৰ যোগেদি পৃথিৱীৰ এজন চীনালোকে নিজৰ কেঁচুৱাক শুনোৱা নিচুকনী গীতৰ। তাৰপাছতেই যেন তেওঁৰ মনলৈ আকৌ ঘূৰি আহে হেৰুৱাই পেলোৱা সাহস আৰু আকৌ আৰম্ভ কৰে আকৌ পৃথিৱীলৈ ঘূৰাৰ প্ৰচেষ্টা…

পৃথিৱীলৈ তেওঁ পুনৰ ঘুৰি যাব পাৰিলেনে? পৰশ পালেনে বহুদিন চুব নোপোৱা পৃথিৱীৰ মাটিৰ? দেখা পালেনে মহাকাশৰ পৰা অতি মনোৰম দেখা পোৱা নীলা পৃথিৱীৰ সেউজীয়াখিনিক? এনে বহুতো প্ৰশ্নৰ উত্তৰ পাব এই চিনেমাখন চাই।

সাৱলীয় অভিনয়েৰে অস্কাৰ বিজয়ী অভিনেত্ৰী ছান্দ্ৰা বালুক আৰু অষ্কাৰ বিজয়ী অভিনেতা জৰ্জ ক্লুনীয়ে চিনেমাখন অতি মনোমোহা কৰি তুলিছে। তদুপৰি ‘থ্ৰীডি টেকন্‌লজী’য়ে চিনেমাখন কৰি তুলিছে জীৱন্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!