গৰখীয়া ভোজ (দুলাল বৰুৱা)

মানুহৰ জীৱন সংগ্ৰামত যি শক্তিয়ে জীৱন যাত্ৰাৰ বাস্তৱ উদ্দেশ্য সিদ্ধিত সফল কৰে সেয়েহে আচল কৃষ্টি, প্ৰকৃত সংস্কৃতি | জীৱন যাত্ৰাৰ ঘাত-প্ৰতিঘাতত যেনেকৈ কৃষ্টিৰ ৰূপান্তৰ হয়, সংস্কৃতিৰ আলম লৈ জীৱন যাত্ৰাও তেনেকৈ আগুৱাই যায় | গতিকে জীৱন যাত্ৰাৰ লগত কৃষ্টি-সংস্কৃতিও ওত:প্ৰোত ভাৱে জড়িত | যি জাতিৰ কৃষ্টি-সংস্কৃতি প্ৰগতিশীল নহয়, সেই জাতিৰ জীৱন যাত্ৰাও স্থিৰ হয় | মানুহৰ ইতিহাসেই হ’ল সংগ্ৰামৰ ইতিহাস, প্ৰাচীন কালৰে পৰা প্ৰকৃতিৰ লগত জীয়াই থাকিবলৈ কিছুমান সংগ্ৰাম চলাই আহি মানুহে আজিৰ এই অৱস্থা পাইছেহি | এই সংগ্ৰাম চলাওঁতে কিছুমান নীতি-নিয়ম, অনুষ্ঠান-প্ৰতিষ্ঠান আচাৰ-ব্যৱহাৰ আদিৰ জন্ম হৈছিল | নিদিষ্ট ধাৰা আৰু বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে সেই আচাৰ, অনুষ্ঠান-প্ৰতিষ্ঠানবোৰ আজিৰ এই ৰূপ পাইছে | সেয়ে সংস্কৃতি সামাজিক ৰীতি পৰম্পৰাৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিফলন হৈছে |

সংস্কৃতি যিহেতু মানৱ সমাজৰে সৃষ্টি, সেয়ে প্ৰকৃত সংস্কৃতিয়ে সদায় সমাজৰ মানসিক চাহিদা পূৰণ কৰে | মানৱ সমাজত সংস্কৃতিয়েই এটা জাতিৰ চিনাকী | সমাজত প্ৰচলিত হৈ অহা বা হৈ থকা ৰীতি-নীতি সমুহেই জাতীয় জীৱনৰ প্ৰাণ | মানৱ সমাজত জীৱন ধাৰণৰ গোষ্ঠীগত ভাৱধাৰাৰ মূলতেই সংস্কৃতি সত্বাৰ স্থিতি | এটা জাতিৰ সামাজিক জীৱনৰ মূলতেই সংস্কৃতি সত্বাৰ স্থিতি | এটা জাতিৰ সামাজিক জীৱনৰ বিভিন্ন ৰীতি-নীতি, আচাৰ ব্যৱহাৰ, ভাষা-ধৰ্ম আদি বাৰেৰহণীয়া লোকসংস্কৃতিৰ উপাদানেৰে সংস্কৃতিৰ সৌধ নিৰ্মান হয় | এটা জাতিৰ সংস্কৃতিৰ ঐতিহ্য যুগ-যুগান্তৰলৈ বহন কৰি মানৱ সমাজৰ আবেগিক ঐক্যসাধন কৰাৰ অৰিহণা যোগায় |

শদিয়াৰ পৰা ধুবুৰীলৈকে, ব্ৰহ্মপুত্ৰৰ আৰু বৰাক উপত্যকাত বাস কৰা নানা জাতি, জনজাতিৰ বাৰে ৰহণীয়া উপাদানেৰে গঢ়লৈ উঠিছে বৈচিত্ৰময়, মহত্বপূৰ্ণ গৌৰৱময় অসমীয়া সংস্কৃতিৰ ঐতিহ্য | অসমীয়া সংস্কৃতিয়ে ধৰি ৰাখিছে অনৈক্যৰ মাজত ঐক্য | অসমীয়া জাতীৰ জাতীয় সংস্কৃতিত এক বিৰাট সমন্বয়ৰ সত্বা অন্তনিৰ্হিত হৈ আছে | অসমত বাস কৰা বিভিন্ন জাতি-জনজাতিৰ বিভিন্নলোকৰ সংস্কৃতিৰ নৈ, উপনৈ লগ লাগি অসমীয়া সংস্কৃতিৰ সৃষ্টি কৰিছে |

অসমত বসবাস কৰি থকা অসমৰ আদিম ভুমি পুত্ৰ, ঐতিহাসিক পৰম্পৰাৰে সমৃদ্ধ মৰাণ সকলৰ সামাজিক জীৱনৰ মাজত বহু নীতি-নিয়ম, কৃষ্টি-সংস্কৃতি প্ৰচলিত হৈ আছে | মৰাণ সকলৰ ঐতিহ্যপূৰ্ণ লোক-সংস্কৃতিয়ে অসমীয়া জাতিৰ সংস্কৃতিক সুশোভিত কৰি ৰাখিছে | কৃষিজীৱী মৰাণ সকলে গো-সম্পদক লখিমী-দেৱীৰ লগত তুলনা কৰে | কৃষি কাৰ্যৰ অন্যতম আহিলা গো-সম্পদৰ পূজাৰ উদ্দেশ্যে বহাগ বিহু অহাৰ পূৰ্বেই ফাগুন মাহৰ কোনোবা এটা দিনত মৰাণ সকলে “গৰখীয়া ভোজ” বুলি এটা মাঙ্গলিক অনুষ্ঠান পালন কৰে | কোনো নদীৰ পাৰত অথবা পথাৰৰ মুকলি ঠাইত গাৱঁৰ সমুহ ৰাইজ মিলি গৰখীয়া ভোজ পতাৰ নিয়ম | গৰখীয়া ভোজলৈ পৰম্পৰা নিয়মনুসাৰে কোনোৱে আমলৰীয়া বৰণৰ মতা হাঁহ, কোনোৱে ক’লা ৰঙৰ মতা হাঁহ বা মাইকী হাঁহ, কোনোৱে এজোৰকৈ পাৰ চৰাই আগবঢ়ায় | প্ৰতিঘৰৰ পৰা নিদিষ্ট পৰিমাণৰ চাউল, শাক-পাচলি আদিও যোগান ধৰে |

নিদিষ্ট দিনৰ ৰাতিপুৱাতেই ভোজৰ থলিলৈ প্ৰতিঘৰৰ পৰা এজন লোক গৈ ভোজৰ থলি চাফ-চিকুন কৰা, হাঁহ-পাৰবোৰ বধ কৰি কুটি-বাছি দিয়া, শাক-পাচলিবোৰ কাটি দিয়া, পানী অনা, বাচন-বৰ্ত্তন যোগাৰ কৰা আদি কামবোৰ আন্তৰিকতাৰে কৰে | ৰাইজে নিদিষ্ট কৰি দিয়া ৰান্ধনিয়ে খাদ্য-সামাগ্ৰীবোৰ পুৱাৰ পৰা ৰন্ধাৰ কাম আৰম্ভ কৰে | যোগান ধৰা খাদ্য সামগ্ৰীবোৰ ৰান্ধি শেষ হোৱাৰ পাচত প্ৰতিবিধ খাদ্য সামগ্ৰীৰ একোটা টোপোলা কৌ-পাত বা কলৰ পাতত প্ৰতিঘৰৰ বাবে বান্ধি থৈ দিয়া হয় | ভোজ খাই শেষ হোৱাৰ পাচত প্ৰতিঘৰৰ লোকে এটাকৈ টোপোলা ঘৰলৈ নি গৰুক খুৱাৰ নিয়ম |

ইয়াৰ পাচত চাফ-চিকুণ কৰি থোৱা “খোলা” বোৰত দুকাষে দুশাৰী কৈ কৌ-পাতত বা কলৰ পাতত খাদ্য সামগ্ৰীবোৰ খোৱাৰ বাৰে ৰান্ধনিয়ে যতনাই দিব | আহাৰ যতনাই শেষ হোৱাৰ পাচত এটা তামোল-পানৰ টোপোলা লৈ (পান আৰু সমানুপাতৰ তামোল) কল-পাতৰ ওপৰত তামোলৰ টোপোলাটো থৈ (মৰাণ সকলে এই তামোলৰ টোপোলাক “খুম” বুলি কয়) ভোজৰ বাবে সমবেত হোৱা সকলোৰে ওচৰত গৰুৰ দেৱতা, মহৰ বা কালিকা দেৱতাক গো-সম্পদবোৰ গোটেই বছৰৰ বাবে মঙ্গলে ৰাখিবলৈ প্ৰৰ্থনা জনায় | এনে কৰাৰ পাচত ভোজৰ থলীত উপস্থিত থকা সকলোৱে একে সময়তে ভোজৰ পাতত বহি খোৱা আৰম্ভ কৰে | গৰখীয়া ভোজৰ এক পৰম্পৰা আছে যে ভোজলৈ সৰু সৰু ল’ৰা-ছোৱালীবোৰ যায় | বুঢ়া-বুঢ়ী আৰু গাভৰু বয়সৰ পৰা বোৱাৰী সকল গৰখীয়া ভোজলৈ যোৱাৰ নিয়ম নাই | উপস্থিত সকলোৱে খোৱা-বোৱাৰ কৰাৰ শেষত ৰান্ধনি সকলে ভোজন কৰে | শেষত সকলোৱে মিলি বাচন-বৰ্ত্তন সামৰি ঘৰা-ঘৰি যায় | শুনা মতে পূৰ্বে শাক্ত ধৰ্মী মৰাণ সমাজত এনে গৰখীয়া ভোজ কেৱল যুৱ্ক সকলে শদিযাৰ কেঁচাই খাইটি গোসানীৰ শালত গৈ এই গৰখীয়া ভোজ পাতিছিল বুলি জনা যায় | পাচত বৈষ্ণৱ ধৰ্মত দীক্ষিত হৈ বৈষ্ণৱবাদ গ্ৰ্হণ কৰি এই গৰখীয়া ভোজৰ অনুস্থানটি মৰাণ লোকসকলে গাৱেঁ গাৱেঁ একগোট হৈ পাতিবলৈ ধৰে | আনন্দ আৰু আধ্যাত্মিক ভাৱধাৰাৰে মৰাণ সকলে প্ৰ্তি বছৰৰ ফাগুন মাহত প্ৰতিখন গাৱঁত গৰখীয়া ভোজ অনুস্থিত কৰি সামাজিক জীৱনৰ এটি মাঙ্গলিক সংস্কৃতি জীৱাই ৰাখিছে …….!!!

–**–

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!