ঘূণীয়া হৈ ধুনীয়া হওঁ আহক- দিগন্ত মাধৱ গোস্বামী

“হাত ভৰি কেইটামান কাটিব লাগিব। পাৰিবিনে নাই?… মূৰ কেইটামানো কাটিব লাগিব।… টকা পইছাৰ বাবে চিন্তা নাই”- নিশা ১ মান বজাত কাৰোবাৰ পৰা যদি এনে ফোন কল এটা আপোনালৈ আহে, কেনে লাগিব বাৰু? আজিৰ পৰা কেইবছৰমানৰ আগতে এনেকুৱা এটা ফোন কল মোলৈ আহিছিল। কামটো কৰা ইমান সহজ নহয় যদিও নোৱাৰোঁ বুলি ক’বলৈ মোৰ মন নগ’ল। এইটো মোৰ এটা বেয়া বা ভাল স্বভাৱ যে সতকাই কাকোৱেই নোৱাৰোঁ বুলি ক’ব নোৱাৰোঁ। আগতে এনেকুৱা সৰু সুৰা দুই এটা কাম কৰাৰ অৱশ্যে মোৰ অভিজ্ঞতা আছে। কিন্তু, এইটো এটা ডাঙৰ ৰিক্সৰ কাম বুলি বুজিছিলোঁ যদিও একে উশাহে ক’লোঁ –
“পাৰিম দাদা”
“মই জানো তই পাৰিবি… কাইলৈ খাৰঘূলীলৈ আহিবি

এইবুলি কৈ সিমুৰৰ পৰা ফোনটোৰ সংযোগ কাটি দিলে।
সেয়াই আছিল জুবিন গাৰ্গৰ সৈতে স্বতন্ত্ৰ হৈ কাম কৰাৰ বাবে তেওঁ মোৰ হাতত ন্যস্ত কৰা বিশ্বাসৰ অনুমতি। আৰু তেতিয়াৰে পৰাই লাহে লাহে মোৰো আত্মীয়তা বাঢ়িবলৈ ল’লে, বিভত্স, নৃশংস আৰু অতিভৌতিক আদি শব্দবোৰৰ সৈতে। অকণমান ৰোমাঞ্চিত হৈছিলোঁ, কাৰণ ক্ষেত্ৰখন মোৰ বাবে তেনেই নতুন, আৰু সেইবাবেই আগ্ৰহীও হৈছিলোঁ বেছিকৈ।

বহু ব্যস্ততাৰ মাজতেই আকৌ এদিন জুবিন গাৰ্গে মোৰ সৈতে যোগাযোগ কৰিলে আৰু জনালে যে তেওঁৰ ছবি মিশ্যন চাইনাৰ বাবে প্ৰস্থেটিক মেকআপৰ লগতে প্ৰয়োজন হৈছে মোৰ হাতৰ কেতবোৰ শিল্পকৰ্মৰ। তেখেতৰ ছবি মিশ্যন চাইনাৰ কিছু দৃশ্যাংশৰ বাবে মানুহৰ কটা হাত-ভৰি, মূৰ ইত্যাদিৰ জীৱন্ত ৰূপত কিছু শিল্পকৰ্মৰ প্ৰয়োজন হৈছিল। কটা যোৱা হাত ভৰি, খলনায়কৰ শিৰচ্ছেদৰ নোম শিয়ঁৰা দৃশ্য আদিক বাস্তৱিক ৰূপ দিবলৈ এক গধুৰ দায়িত্ব মোৰ হাতত ন্যস্ত কৰা হৈছিল।

ভাওনাৰ পৰা আৰম্ভ কৰি নাট্যকলাৰ সাধনা কৰি অহাৰ দিনবোৰত নাট্যকলাৰ বাকী দিশবোৰৰ বাহিৰেও মোক আকৰ্ষণ কৰা শিতানটো আছিল মেকআপ। গতিকে যেতিয়াই সুযোগ পাওঁ চৰিত্ৰ অনুযায়ী ৰূপসজ্জা কৰি অভিনয়ৰ বাবে চৰিত্ৰ এটি প্ৰস্তুত কৰাৰ আগ্ৰহে মোক আকৰ্ষণ কৰিছিল শৈশৱৰ পৰাই। মোৰ জীৱনৰ বিভিন্ন অভিনয় কৰ্মশালাই এই হেঁপাহক সাৰপানী যোগাই আহিছিল, আৰু জুবিন গাৰ্গৰ এই আহ্বানে মোৰ জীৱনত সংযোগ ঘটাইছিল এটি নতুন শব্দৰ, যাৰ নাম প্ৰস্থেটিক মেকআপ।

ধুনীয়া হ’বলৈ মেকআপ কৰা হয়। মেকআপ কৰি ভূত প্ৰেতৰ ৰূপ ল’বলৈ বাস্তৱত নিশ্চয় কোনেও নিবিচাৰিব। কিন্তু ৰূপালী পৰ্দাত ধুনীয়াকৈ কুত্সিত কৰি তুলিব পৰাটোও এটা কলা। হলিউড নাইবা বলিউদত এনেধৰণৰ শিল্পকলাৰ পয়োভৰ দেখা যায়। সততে ব্যৱহাৰ হোৱা ক্যেৰেক্টাৰ মেকআপ শব্দটোৰ বিপৰীতে এইবিধ মেকআপ শৈলীক জনা যায়, Prosthetic makeup নাইবা Special make-up effects আৰু FX Prosthetics নামেৰে। আমেৰিকান মেকআপ আৰ্টিষ্ট জন চেম্বাৰ্ছে , Planet of the Apes আৰু “The Godfather of Make-Up” হিচাপে খ্যাত আন এগৰাকী শিল্পী ডিক স্মিথে Little Big Man নামৰ ছবি দুখনত কৰা Prosthetic makeup য়ে এই দিশত এক নতুন মাত্ৰা প্ৰদান কৰিলে। বলিউডৰ বিভিন্ন ছবিতো শেহতীয়াকৈ প্ৰস্থেটিক মেকআপে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে । চাছী 420 নামৰ চিনেমাখনত অভিনেতা কামাল হাছানৰ মেকআপ, পা নামৰ চিনেমাখনত কৰা অমিতাভ বচ্ছনৰ মেকআপ আদি বলিউডৰ উল্লেখনীয় উদাহৰণ । দক্ষিণৰ চলচ্চিত্ৰ পৰিচালক S Shankar ৰ “I”(আই) নামৰ ছবিখনত ব্যৱহাৰ হোৱা এই মেকআপ শৈলীৰ নিখুঁত উপস্থাপনে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ভিঞ্চি দা নামৰ বাংলা চিনেমাখনে এই প্ৰস্থেটিক মেকআপ শৈলীক গভীৰভাৱে উপস্থাপন কৰা দেখা পোৱা গ’ল, য’ত এগৰাকী প্ৰস্থেটিক মেকআপ শিল্পীৰ শ্ৰম আৰু এই মেকআপ শৈলীৰ যথাযথ উপস্থাপনে দৰ্শকক আমোদ দিবলৈ সক্ষম হৈছে। কথাবোৰ অকণমান মজাৰ নহয়নে!

কিন্তু কেনেকৈ কৰা হয় এই প্ৰস্থেটিক মেকআপ? প্ৰস্থেটিক মেকআপৰ প্ৰক্ৰিয়াটো আৰম্ভ হয় Lifecasting ৰ পৰা। Lifecasting হৈছে মানুহৰ শৰীৰৰ অংগসমূহৰ এটি Mold বা সাঁচ তৈয়াৰ কৰাৰ এক বিশেষ প্ৰক্ৰিয়া। এনেধৰণৰ সাঁচ তৈয়াৰ কৰিবলৈ Alginate নাইবা Skin-safe silicone rubber ব্যৱহাৰ কৰা হয়। এই সাঁচৰ সহায়ত মানুহজনৰ এটি হুবহু প্ৰতিকৃতি লাভ কৰিব পৰা যায়। এই প্ৰতিকৃতিৰ ওপৰত প্ৰয়োজন অনুসৰি মাটিৰে কটা ঘাঁ, শাৰীৰিক বিসংগতি, বয়সৰ তাৰতম্য আদিৰ ভাস্কৰ্য্যকৰ্ম কৰি নিৰ্দিষ্ট আকাৰ দিয়া হয়। আকাৰটো সম্পূৰ্ণ হোৱাৰ পিছত দ্বিতীয় এটি সাঁচ বনোৱা হয় যাতে পূৰ্বৰ মাটিৰ আকাৰটোৰ পৰা আন এটি তদ্ৰুপ আৰ্হি latex, gelatin, silicone নাইবা সেইধৰণৰ পদাৰ্থ ব্যৱহাৰ কৰি লাভ কৰিব পৰা যায়। সম্পূৰ্ণ হোৱা ৰূপটো এখন মুখা আকৃতিৰ হয়। সেই মুখাখন যিজন মানুহৰ Lifecasting হৈছিল সেই মানুহজনৰ মুখত খাপ খাই পৰিব। দাঁতৰ গঠন, চকুৰ মণি, চুলি আদিৰ বৰণৰ তাৰতম্য ঘটাবৰ বাবেও বিভিন্ন পন্থা অৱলম্বন কৰা হয়। ৰং, বিকল্প তেজ নাইবা অন্যান্য মেকআপ সামগ্ৰী আদিৰে শিল্পকৰ্মটি নিখুঁতকৈ সম্পূৰ্ণ কৰি তোলাটো হ’ল শিল্পীগৰাকীৰ কৃতিত্ব। গতিকে সংক্ষেপতে এয়াই হৈছে প্ৰস্থেটিক মেকআপৰ প্ৰস্তুতিৰ সাম্যক আভাস। আৰু আমাৰ দৰে স্বল্পখ্যাত শিল্পীৰ বাবে ই আছিল সঁচা অৰ্থত এক প্ৰত্যাহ্বান আৰু নিজকে যোগ্য বুলি প্ৰমাণ কৰাৰ এক সুযোগ। এতিয়া গম পালেনে, আপোনাৰ প্ৰিয় নায়কক খলনায়কে যেতিয়া বুকুত চুৰি বহুৱাই দিয়ে, নায়কৰ কলিজাৰ পৰা ওলোৱা সেই কেঁচা তেজৰ উত্পত্তিৰ অন্তৰালত বাৰু কি? তাহানিৰ সেই কেমেৰাৰ বাহাদুৰি নে প্ৰস্থেটিক মেকআপ?…

এতিয়া কথা হ’ল অসম মুলুকৰ পৰাই বিশ্বজুৰি এক প্ৰস্থেটিক মেকআপৰ চমক দিব পৰা যাবনে নাযাব। উত্তৰটো হ’ল, একেষাৰতে যাব। কাৰণ আমাৰ অসমত প্ৰতিভাৰ অভাৱ নাই। আগ্ৰহৰ প্ৰয়োজন আছে। নিখুঁত কামৰ বাবে বিদেশী শিল্পীৰ ওপৰতেই ভৰসা কিয় কৰিবলগীয়া হয়? কাৰণ আমাৰ কিছু সুবিধাৰ অভাৱ। যেনে, হাততে পাব পৰাকৈ প্ৰস্থেটিক মেকআপৰ বাবে প্ৰয়োজনীয় সামগ্ৰীবোৰ নাই। কামবোৰ সহজ কৰিবলৈ দুই এপদ মেচিন বজাৰত উপলব্ধ নহয়। তাতোকৈ ডাঙৰ কথা, ব্যয়বহুল এই মেকআপ শৈলীৰ প্ৰয়োজনীয়তা অসমীয়া চিনেমা নাইবা থিয়েটাৰৰ প্ৰযোজক পৰিচালকে হয়তো উপলব্ধিও কৰা নাই। কিন্তু এনেবোৰ আসোঁৱাহ শিল্পীসকলৰ শিল্পকৰ্মৰ বাবে অন্তৰায় হ’ব নোৱাৰে। এতিয়া পলকতে পৃথিৱীখন ঘূৰি আহিব পৰাৰ সময়। ইণ্টাৰনেট পদ্ধতি সাম্প্ৰতিক কালত সাত সাগৰ তেৰ নদীৰ সিপাৰৰ সৈতে সাঁকো হ’ল। বিচাৰিলেই ঘৰতেই পাব পাৰি ইপ্সিত সকলোবোৰ সামগ্ৰী। গতিকে এতিয়া প্ৰয়োজন কেৱল অভ্যাসৰ।

অসমতেই নহয় সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত কেৱল প্ৰস্থেটিক মেকআপৰ বাবে নিৰ্দিষ্ট শিক্ষানুষ্ঠানৰ উদাহৰণ দিয়াটো কঠিন। ভাৰতত Nahush Pise, Roshan Ng, Ritu Janjjani আদি কেইগৰাকীমান শিল্পীয়ে প্ৰস্থেটিক মেকআপৰ চৰ্চা কৰি থকাৰ বাতৰি পোৱা যায়। অসমত শেহতীয়াকৈ দুই এগৰাকী শিল্পী বন্ধুৰ সহযোগত আমিও আৰম্ভ কৰিছোঁ এই বিশেষ মেকআপ শৈলীৰ প্ৰাৰম্ভিক চৰ্চা। অনাগত দিনবোৰত অসমৰ আগ্ৰহী যুৱক যুৱতীয়ে প্ৰস্থেটিক মেকআপৰ শৈলী আয়ত্ব কৰাৰ প্ৰতি আগ্ৰহ দেখুৱালে আমিও নিশ্চয় যত্পৰোনাস্তি সহায় কৰিবলৈ চেষ্টা কৰিম।

আমি সুখী এইকাৰণেই যে সম্প্ৰতি কেইবাখনো অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাই প্ৰস্থেটিক মেকআপৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াৰ উদাহৰণস্বৰূপে জুবিন গাৰ্গৰ মিশ্যন চাইনা আৰু কাঞ্চনংঘা, , উত্পল বৰপূজাৰীৰ ইছু, ভাস্কৰ হাজৰিকাৰ পৰিচালনাৰ আমিষ, অৰুনাচল প্ৰদেশৰ পৰা নিৰ্মীয়মান স্থানীয় ভাষাৰ চিনেমা নাওমাই, নিপন গোস্বামীৰ পৰিচালনাৰে নিৰ্মীয়মান ড০ বেজবৰুৱা ২ আদিত আমাৰ অন্যান্য শিল্পকৰ্মৰ লগতে প্ৰস্থেটিক মেকআপৰ ব্যৱহাৰ কৰি দৰ্শকৰ বাবে মনোৰঞ্জনৰ দিহা কৰা হৈছে। আমি আশাবাদী বলিউড, নাইবা হলিউডৰ চিনেমা জগতখনত বহুলভাৱে ব্যৱহাৰ হোৱা এই মেকআপ শৈলীয়ে ভৱিষ্যতে আমাৰ অসমীয়া চিনেমাতো সুৱগা চৰাব। নতুন কিবা শিল্প বা নতুন কিবা এটা অনুশীলন কৰিবলৈ হ’লে প্ৰথম উপাদানটোৱেই হৈছে আগ্ৰহ। আমি আশাবাদী যে, নতুনচামে প্ৰস্থেটিক মেকআপৰ প্ৰতি আগ্ৰহী হৈ বিদেশত যি চৰ্চা হৈ আছে সেই চৰ্চা আমাৰ অসম মুলুকতে কৰি বিদেশী শিল্পীৰ লগত ফেৰ মাৰিব পৰা দক্ষতা অৰ্জন কৰিব। কিয়নো ঘূণীয়াও যে ইমান ধুনীয়া হয়, প্ৰস্থেটিক মেকআপৰ বাহিৰে আন কিহে প্ৰমাণ কৰিব?

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!