ঘৰ (ভাৱিতা দাস)

মোক এটা ঘৰ লাগে
ভাড়াৰ বাবে নহয় ,
মোৰ আশাবোৰ
ৰ’দে বৰষুনে জিৰাবলৈ ,
সপোনৰ চালি হব খেৰ,
হুমুনিয়াহ হব ইকৰাৰ বেৰ ৷
য’ত দুখত ওলমিব সুখ ৷
পাৰিবা ?
যদি ঠিকনাটো দিলো
প্ৰযত্নে ,
সুখ,
সপোন,
আশা…..

 

Don`t copy text!