ঘৰ-সংসাৰ ১৯(দ্বিতীয়ভাগ) (-প্রদ্যুতজ্যোতি শইকীয়া)


লাহে লাহে দুটি এটি কথাৰে পাতনি মেলি নি অচিনাকী শৰ্ম্মা কাইটীৰ লগতসাম্প্ৰতিক ঘটনাৱলীলৈকে পালোগৈ | মাজতে ভদ্ৰলোকে নিজৰ কাম কাজৰো বিৱৰণদিলে | শ্ৰীমতীকো চিনাকি কৰি দিলো | ৰেল মৰিগাঁও পাৰ হবৰ হ| চাহ একাপএকাপ খাই ললো |গৄহমন্ত্ৰী শৰ্ম্মা কাইটীৰ লগত প্ৰায় “ফ্ৰী” হৈ গ| শ্ৰীমতীয়ে ভদ্ৰলোককো নিজৰ অনলাইন বীমাৰ পৰা হাত সাৰি যাব নিদিলে | শ্ৰীমতীৰআলাপ আৰম্ভ হল শৰ্মা ডাঙৰীয়াৰ সতে অনলাইন বীমাৰ ওপৰত | আলাপ মানেগুনানুকীৰ্তন |

শৰ্মাদা ( আঐ ঐ অচিনাকি মানুহ এটাক অলপ আগতে লগপাইয়েই শৰ্মাদা হৈ গল), কওকচোন অনলাইন বীমাৰ ওপৰত আপোনাৰ কি মত?” একেবাৰেনিউজ লাইভ”তসোধাৰ দৰে পোনপটীয়া বুৰ্বক প্ৰশ্ন | মনতে ভাবিলো বোলোশৰ্ম্মাদা আজি ক্লিন বল্ড হ| পিছে তেৰাও কম নহয় | বিজ্ঞজনৰ দৰে উত্তৰদিলে |
গম পাইছো আজিকালি | কিবা বোলে ইন্টাৰনেটতো টকা প‍ইচা ৰাখিবপাৰি | ভাল ভাল | জীৱন বীমা কৰাটো ভাল |পিছে বিশ্বাসী ঠাইতহে বীমা কৰাবলাগে |”
শ্ৰীমতীৰ মুখখন উজ্জ্বল হৈ পৰিল | মোলৈ চাই একেবাৰেসেই হাঁহিটো মাৰিলে |অন্তৰ্নিহিত ভাৱটো বুজিলো | অৰ্থাত্‍ বুজিলা শ্ৰীমানতুমিহে নাজানা অনলাইন বীমা কি বস্তু | বাকী সকলোৱে জানে | ম‍ই লাহেকৈপেপাৰৰ মাজত মুখ লুকুৱালো |

শ্ৰীমতী আৰু শৰ্ম্মা কাইটীৰ অনলাইনবীমাৰ গুৰুত্বপূৰ্ণ আলোচনাৰ মাজতে গুৱাহাটী পালোহি | শৰ্ম্মা দেউৱেনামনিলৈ নিমন্ত্ৰণ এটা দি ভিৰৰ মাজত হেৰাই গ| ম‍ইও শ্ৰীমতীৰ নিৰ্দেশ মতেডাক্তৰী ভাৱ এৰি কুলিৰ পাৰ্টতো তত্‍ক্ষনাত লৈ ললো | দুইটা বেগ কান্ধতলোৱাৰ লগে লগে কানৰ কাষত কুলি নং ১ চিনেমা খনৰ “মে তকুলি নাম্বাৰ ৱান”গানটো বাজি উঠিল | যেনেতেনে কেকোঁজেকোকৈ ভনীয়েকৰ ঘৰ পালোগৈ | শ্ৰীমতীয়ে চাহকাপ খায়েই মোৰ এ টি এম দুইটা লৈ ভনীয়েকক লৈ উলাই গ|বুজিলো | আজি মোৰএৰিয়াৰৰ টকাৰ তিলানী, দহা আৰু শ্ৰাদ্ধ একেদিনাই হ| বেছিকে ভাবিলে মোৰঘূৰাব বুলি শ্ৰীমতীৰ ওপৰত সকলো এৰি দি বিচনাতে চকুহাল মুদি গাটো এৰি দিলো | ৰাতিলৈ ৯মান বজাতশ্ৰীমতী ভনীয়েক সহিতে উজ্জ্বল মুখেৰে উলালহি | এ টি এমমোৰ হাতলৈ হস্তান্তৰ কৰি কলে ” বেছি খৰচ কৰা নাই | মাত্ৰ মাহঁতলৈ দিবলগীয়াপ্ৰয়োজনীয় বস্তু কেইটামান লৈছো | আদিত্যৰ ওচৰত ইঞ্চিওৰেঞ্চতেই ৪০,০০০ গ |কাগজবোৰ চাই লব বেগতে আছে “|মোলৈ এ টি এম কেইটা আগবঢ়াই হাতবেগতোলৈআঙুলিয়ালে শ্ৰীমতীয়ে | কাষতে থকা ভন্টীৰ মুখটিপা হাঁহিতেই বুজিলো মোৰএকাউন্ট কিমান দলৈকে খান্দিলে শ্ৰীমতীয়ে | হমমম | এয়াই বিবাহিত জীৱন | বিবাহিত জীৱনকএকপ্ৰকাৰ নৰকৰ মৰ্ত্য “ভাৰ্চন” বুলিয়েই কবপাৰি…………. নহয় নহয়…..দাবীয়েই কৰিব পাৰি |

এদিন থাকিউলালো শ্ৰীমতীৰ ঘৰলৈ |দ্ৰাইভাৰ নিজে | ভনী জোঁৱাইৰ গাড়ী |ট্ৰেইনত আহোঁতেকুলি, ঘৰত থাকিলে ৰামু কাকা আৰুএতিয়া আকৌ দ্ৰাইভাৰ |মুঠতে কেতিয়াবাশ্ৰীমতীৰ পি.এ নিচিনা ভাৱ হয় নিজকে | লক্ষ্য যোৰহাট | প্ৰথম পদাৰ্পন কৰিমশহুৰ গৄহত | দুদিন থাকি ঘৰত | মনটো অলপ উত্তেজিত আছিল যদিও শান্ত কৰি ললো | যাত্ৰাৰ মাজতে পোনাকণে দুবাৰমান ওৱাক ওৱাক কৰি অলপ নৄত্য নাটীকা প্ৰদৰ্শনকৰিলে | তাৰ বেমাৰ হোৱা যেন পালেই ভয় খাওঁ | শ্ৰীমতীয়ে নিজৰ ফালেখুলিনিয়া গাড়ীৰ গ্লাচখন মুৰ ঘোপা চাৱণিত ততাতৈয়াকৈ মাৰিবলৈ বাধ্য হ| পোনাকনকলগত নিলে ঔষধৰ টোপোলাতো লগতে লৈ ফুৰোঁ বুলিহে বাছিলো | পিছে মোৰ ঘোপাচাৱণিৰ ফলত শ্ৰীমতীৰ চকুত বাৰিষা নামিছিলেই | জখলাবন্ধাত ৰখাই শ্ৰীমতীকখুৱাই ললো | লগতেমিঠাপট্টি পাণ এটা দি ঠেঁহটোও ভাঙি ললো | তো নাৰাখিচিধাই শ্ৰীমতীৰ মাকৰ ঘৰত | শ্ৰীমতীক আগবাঢ়িবলৈ দি পদূলিমুখৰ পৰা পোনাকনকম‍ইয়েই ডাঙি ললো | শ্ৰীমতীয়ে মাক দেউতাকক সাৱটি ধৰিয়েই লাহেকৈ ভিতৰলৈসোমাই গ| ম‍ইও শহুৰ দেউতাৰ লগত ভিতৰলৈ সোমাই গৈয়েই দেখিলো শ্ৰীমতীয়ে থৰলাগি দ্ৰয়িং ৰুমৰ টিভিটোচাই আছে | টিভিতহেডলাইনৰ সৈতে শ্ৰীমতীয়ে বীমাকৰা কোম্পানীটোৰ বাতৰি পঢ়ি আছে “ৰাতিৰ ভিতৰতে উধাও বীমাকোম্পানী…..কোটিটকাৰ ঠগন দিলে গ্ৰাহকক….এজেন্টৰ পলায়ন….” |বাতৰি দেখিয়েই গৄহমন্ত্ৰীৰমুখলৈ চাই পঠিয়ালো |ইতিমধ্যেই শ্ৰীমতীৰ চকু আৰু নাকৰ গংগা , যমুনা আৰুসৰস্বতী সমন্বিতে নাকৰ বান্ধ ভাঙি দুগাল উপচাই বংগোপসাগৰলৈ ঢাপলি মেলিবলৈআৰম্ভ কৰিছিল |একো কবলৈ নাপালোৱেই | 🙁 |

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!