চক’লেট ডে’ৰ দিনা দুপৰীয়া, নয়নতৰা শ্বপিং মলত – জয়ন্ত আকাশ বৰ্মন
:কেডবেৰিজ চকলেট এটা গিফট্ পেক কৰি দিয়ক৷
ভাগৰুৱা হাতেৰেই কাউণ্টাৰত ছোৱালীজনীয়ে চকলেটটো ৰেপাৰেৰে পেক কৰিব ধৰিলে৷
:আৰু এটা দিয়ক, same size.
:দুয়োটা একেলগে পেক কৰিমনে?
:নাই৷ বেলেগ-বেলেগকৈ৷
এটাৰ ওপৰত কাগজত ’To, My Love’ লিখি দিয়কচোন৷
বিৰক্ত হ’ল যদিও কলমটোৰে ঘঁহি-ঘঁহি তাই লিখি দিলে৷
:আনটোৰ ওপৰতো কিবা লিখিব লগিব নেকি? -ছোৱালীজনীয়ে সুধিলে৷
:’To Priya’ লিখি দিয়ক৷
পে’মেণ্ট কৰি উঠি পেকেটটো লৈ মই কাউণ্টাৰৰ পৰা ওলাই আহিলোঁ৷
“এক মিনিট, প্লিজ৷”- পিচে-পিচে ছোৱালীজনী দৌৰি আহি ফুটপাথত উঠিল৷
:এইটো পেকেট এৰি গৈছিল!
“এইটো আপোনালৈ …”-মই ক’লো৷
তাইৰ মুখত ৰঙা হাঁহি৷ নিজৰ বুকুৰ বাওঁফালৰ নাম লিখা থকা বেজটো চুই তাই ক’লে, “ধন্যবাদ বহুত৷ আপুনি অন্তৰ ঠিকেই পঢ়িব পাৰে৷ দিনটো আনৰ বাবে চক’লেট গিফট্ ৰেপ কৰি-কৰি মই ভাগৰি গৈছিলোঁ৷ আপোনালোকৰ প্ৰেম মধুময় হৈ ৰওক৷ “
মিঠা হাঁহি মাৰি প্ৰিয়া কাউণ্টাৰলৈ উভতি গ’ল৷