চ’চিয়েল নেটৱর্কত বৰুৱা সংসাৰ (মুকুল শৰ্মা)

সিদিনা ৰাতি বৰুৱাৰ ঘৰত চোৰ এটা সোমাল৷ বৰুৱানীয়ে সাৰ পায় বৰুৱাকো জগাই দিলে৷ দুয়ো হাতত সাৰে ভৰিত সাৰে গৈ দেখে যে চোৰে ডাইনিং টেবুলত বহি আৰামত পাছদিনাৰ বাবে থোৱা মাংসৰ জোল খায় আছে৷ বৰুৱাই “কটা নিধক চোৰ কৰিবলৈ আৰু ঘৰ নাপালি!” বোলোঁতেই বৰুৱাৰ মূৰ্তি দেখি চোৰৰ চুৰ্তি হেৰাল আৰু বৰুৱাৰ ভৰিত সাৱতি ধৰি কান্দিব ধৰিলে- ছাৰ, মোক ক্ষমা কৰক ভুলহৈ গ’ল৷ এই হুলস্থূলৰ মাজতে প্ৰৱেশ ঘটিল বৰুৱাৰ সৰু পুত্ৰৰ৷ চকু মোহাৰি মোহাৰি সুধিলে, “পাপা এই বোৰ কি হৈছে, তোমালোকৰ বাবে ৰাতি শুবও নোৱাৰা হ’লোঁ”৷ বৰুৱাই বোলে, “তোৰ টোপনি গুলি মাৰ আৰু ঘৰত চোৰ সোমাইছে সোনকালে থানালে’ ফোন কৰ”৷ কথা শুনি বৰুৱা পুত্ৰৰ টোপনি পলাল। বোলে, “পাপা এনেকুৱা চাঞ্চ আৰু দুনাই নাহে। ৰ’বা, চোৰৰ ফটো এখন তুলি লওঁ আৰু ফেচবুকত আপলোড কৰি ফেনকেইটাক টেগ্ কৰি লওঁ৷ বৰুৱাই বোলে কথাতো ঠিকে কৈছ তই। মোক আৰু শইকীয়া আঙ্কলকো টেগ্ কৰিবি আৰু পাৰিলে অকবতো পোষ্ট এটা দিবি”৷ এনেতে বৰুৱানীয়ে বোলে, “পুলিচৰ লগতে নিউজ চেনেলকেইটাকো মাতিবি মই পটককে শাৰীখন চেঞ্জ কৰি লওঁ”৷ কথাবোৰ শুনি ভয়তে পেঁপুৱা লগা চোৰে এইবাৰ ভয়ে ভয়ে মাত দিলে, “বোলো, যি কৰে কৰক কিন্তু সোনকাল কৰক, শেষ ৰাতিৰ টোপনিকণ লক-আপতে মাৰিবগৈ পাৰিম…..।”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!