চজিনা – প্ৰকৃতিৰ এক অমূল্য বৰদান – ডা০ ভূপেন শইকীয়া

পাঠকে শুনি আচৰিত হব ভাৰতবৰ্ষত অতি প্ৰাচীন কালৰ পৰাই ৩০০বিধ ৰোগৰ আয়ুৰ্বেদিক চিকিৎসাত চজিনা গছৰ পাত,ফুল, ফল, বাকলি,আঠা আৰু শিপাৰ প্ৰয়োগ হৈ আহিছে ৷ আনকি দক্ষিণ আফ্ৰিকাৰ কেইবাখনো দেশত পুষ্টিহীনতাত ভোগা শিশুক চজিনাক খাদ্য হিচাবে গ্ৰহণ কৰাৰ পৰামৰ্শ বিশ্ব স্বাস্থ্য সংস্থাই আগবঢ়াইছে ৷ বিতং আলোচনালৈ আগবঢ়াৰ আগতে কব খোজোঁ যে চজিনাত ভিটামিন-চি কমলাতকৈ ৭গুণ বেচি, কেলচিয়াম গাখীৰতকৈ ৪গুণ বেচি, ভিটামিন-এ গাজৰতকৈ ৪গুণ বেচি, পটেচিয়াম কলতকৈ ৩গুণ বেচি, কাঠবাদাম (এলমণ্ড)তকৈ আইৰণ ৩গুণ বেচিআৰু প্ৰটিন দৈৰ তুলনাত ৩গুণ বেচিকৈ থাকে ৷
চজিনাৰ ব’টানিকেল নাম হ’ল – Moringa oleifera ৷ গোত্ৰ Moringaceae ৷ ইংৰাজীত মতা নাম কেইটিমান হ’ল- Drumstick, Moringa, Horseradish tree, Ben oil tree ৷ চীন দেশত ‘লা মু’ আৰু ‘লাট মোক’ নামেৰে পৰিচিত ৷ ম্যানমাৰত বোলে ডাণ্ডালুন, ফিলিপাইন দেশত মাৰোংগে, মৰিচাচত মৌৰম, থাইলেণ্ডত মা ৰুম, গুৱেনাত চিজন, ইণ্ডোনেচিয়াত কেলৰ, হাইটিত বেঞ্জঅলিভ, ,শ্ৰীলংকাত মুৰুংগা, নেপালত চাজিৱান আৰু স্বেজান ৷ আমাৰ ভাৰতীয় ভাষাত চজিনাক এইদৰে জানে – চহজন (হিন্দী), শোভাঞ্জন, শজিনা আৰু শজনে দন্ত (বাংলা), চুজুনা (ওৰিয়া), চাৰাগভো (গুজৰাটী), চুৰজানা (পঞ্জাবী), মুৰংগাকায়া আৰু মুৰংগাচেতু (তেলেগু), মুৰিংগা (মলয়ালম), শ্বেভগা (মাৰাঠী), মুৰুংগাই (তামিল), নুগ্গেকায়ী (কানাড়া),মুচিংগা চাংগ (কোংকনী) আৰু সংস্কৃতত শ্ৰীগ্ৰো ৷
চজিনা গছৰ ইতিহাস : ভাৰতবৰ্ষত ৫০০০বছৰ অতীজৰ পৰা খাদ্য আৰু ঔষধি হিচাবে চজিনা ব্যৱহৃত হৈ আহিছে ৷ পোনতে উত্তৰ ভাৰতত এইবিধ গছ আছিল, পিছলৈ দক্ষিণ ভাৰত আৰু আন আন অঞ্চলত এই গছ ৰোপন হয় ৷ ইয়াৰ খেতি অতি সহজ ৷ গছৰ থুনুকা ডাল ৰুই পানী দি জীয়াই ৰাখিলে ই ৩০৷ ৪০ফুটী গছলৈ ৰূপান্তৰিত হয় ৷ অৱশ্যে গুটিৰ পৰাও গছ হয় ৷ ভাৰতৰ পিছত ৰাচিয়া, আমেৰিকা, আফ্ৰিকা, ইউৰোপত চজিনাৰ খেতিৰ প্ৰচলন হয় ৷ আজি বিশ্বত আটাইতকৈ বেচি চজিনা উৎপাদনকাৰী দেশ হ’ল আমাৰ ভাৰতবৰ্ষ ৷ অতি উপকাৰী এইবিধ গছত বিছাৰ আক্ৰমন বৰকৈ হয় ৷ গতিকে এই দিশত চকু দি গৃহষ্ঠই বিছা জুইৰে পুৰি নাইবা কীটনাশক দি বিনাশ কৰিব লাগে ৷
কি কি লাগতিয়াল তত্ব চজিনাত থাকে ? এটা কথা পাঠকক জনাই দিওঁ যে চজিনাৰ ফলতকৈ পাত বেচি গুণকাৰী ৷ চজিনাত থকা এমাইনো এচিড বিলাক হ’ল – আৰ্জিনিন, হিষ্টিডিন, লাইচিন, লিউচিন,ভেলিন, আইচোলিউচিন, মিথঅ’নিন, থিঅ’নিন, মেথিঅ’নিন, ট্ৰিপ্তফেন আৰু ফেনাইলমিন ৷ এশ গ্ৰাম চজিনাৰ ফলত কেলৰি থাকে ২৬, কাৰ্বোহাইড্ৰেট ৩.৭গ্ৰাম, প্ৰটিন ২.৫গ্ৰাম, ফেট ১০০ মিলিগ্ৰাম, ফাইবাৰ ৪.৮গ্ৰাম, পানী ৮৭শতাংশ ৷ ইয়াত থাকে ভিটামিন-এ, ভিটামিন-বি গোট, ভিটামিন-চি ৷ খনিজ পদাৰ্থসমূহ হ’ল-আইৰন, কেলচিয়াম, কপাৰ, প’টাচিয়াম, জিংক, মেগনেচিয়াম, চালফাৰ, ফচফৰাচ, চডিয়াম আদি ৷ ৩৭বিধ এন্টিঅক্সিডেন্ট তত্ব চজিনাত থাকে আৰু থাকে কেইবাবিধো সংক্ৰমণৰোধক তত্ব ৷
চজিনা কেনেকৈ খাব সেয়া মই নিলিখিলেও গৃহিণীসকলে বেচ ভালকৈয়ে জানে ৷ পাত,ফল আৰু ফুলৰ ভাজি খাবলৈ বৰ স্বাদিষ্ট হয় ৷ নানাবিধ আঞ্জাত দিয়াৰ ওপৰিও চজিনাৰ চুপ বনাব পাৰি৷ বহুতো অসমীয়ালোকে চজিনাপাত পিঠাগুৰিৰ সৈতে খাৰ বনাই খায়৷
চমুকৈ চজিনাৰ উপকাৰিতাসমূহ হ’ল এনেকুৱা : –
• চজিনাত থকা কেলচিয়াম,আইৰণ আৰু ভিটামিনে মিলি হাঁড়ৰ ঘনত্ব আৰু শক্তি বৃদ্ধি কৰে ৷
• ৰক্ত পৰিশোধক- সেয়ে শালমন জাতীয় ছালৰ ৰোগত উপকাৰী ৷
• পিত্তৰ কামত সহায়ক ৷ তেজত চুগাৰ কমাই ডায়েবেটিজৰ নিয়ন্ত্ৰনত সহায় কৰে ৷ তামিলনাডুত কৰা প্ৰয়োগত ৩৬জন বহুমুত্ৰ ৰোগীৰ ৩০জনৰে তেজত চুগাৰ কমা পৰিলক্ষিত হ’ল ৷
• হাঁপানি, ব্ৰংকাইটিচ আদি শ্বাসজনিত ৰোগৰ চিকিৎসাত সহায়ক ৷৷শ্বাসজনিত ৰোগত কুহুমীয়া গৰম চুপ নিয়মীয়াকৈ খাব পাৰে৷হাঁপানীত ভোগা ৰোগীয়ে চজিনাৰ ৰস আৰু সমপৰিমাণৰ আদাৰ ৰস মিহলাব৷ ভাল ফলাফল পাবলৈ ৩চামুচকৈ দিনে দুবাৰ এসপ্তাহমান খাব৷
• পুৰুষৰ যৌন দুৰ্বলতা, পাতল বীৰ্য্য, শীঘ্ৰ পতন আদিৰ চিকিৎসাত চজিনা আৰু ইয়াৰ গছৰ বাকলি ব্যৱহাৰ হয় ৷ চজিনাত থকা জিংক পুৰুষৰ যৌন স্বাস্থ্যৰ বাবে উপকাৰী তত্ব ৷
• ভিটামিন-বি গোটৰ উপস্থিতিয়ে খাদ্য হজম হোৱাত আৰু ভোক লগাত সহায় কৰে ৷
• এন্টিবেক্টেৰিয়েল গুণৰ হেতু ডিঙি আৰু ছালৰ সংক্ৰমণ ৰোধ কৰে ৷
• শৰীৰৰ অহিতকাৰী ফ্ৰি-ৰেডিকলৰ বিৰুদ্ধে যুঁজে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (ইমিউনিটি) বঢ়ায় ৷
• মহিলাৰ গৰ্ভকালৰ পুষ্টিকৰ খাদ্য ৷ প্ৰসৱত সহায়ক আৰু মাতৃদুগ্ধ উৎপাদনত উপযোগী ৷
• শিপাৰ ৰসেৰে মূৰৰ বিষৰ চিকিৎসা কৰা হয় ৷
• কনজাংকটিভাইটিচ, চকুৰ বিষ আদিৰ চিকিৎসা চজিনাৰ পিচা পাতেৰে কৰা হয় ৷
• মৃগী ৰোগীক শিপা উতলাই সেই জুলীয়া খোৱালে ফিটৰ তীব্ৰতা হ্ৰাস পায় ৷
• গাউট আৰু আন গাঠিৰ বিষত চজিনাৰ তেলেৰে মালিশ কৰিলে উপশম পায় ৷
• শিপা উতলোৱা পানী খালে জ্বৰৰ উপশম ঘটে ৷
• বাকলি পিচি তাৰ প্ৰলেপ লগালে খুন্দা-খুন্দলিৰ ফুলা নাইকীয়া হয় ৷
• চজিনাত ভিটামিন-চি থকা বাবে সাধাৰণ পানীলগা, চৰ্দি চজিনাৰ কুহুমীয়া চুপ খালে আৰোগ্য হয় ৷
তদুপৰি চজিনাপাত সিজোৱা কুহুমীয়া গৰম পানীৰে ডিঙিত কুলকুলি (Gargle ) কৰিলেও উপশম পায়৷
• শিশু আৰু মহিলাৰ বাবে চজিনা নিয়মীয়া সেৱন হ’ল প্ৰাকৃতিক আইৰণ টনিকৰ দৰে ৷
• পাতৰ সতেজ ৰস গাজৰ বা তিঁয়হৰ সৈতে খালে প্ৰসাবৰ সমস্যা দূৰ হয় ৷
• এন্টিঅক্সিডেন্ট গুণৰ বাবে ফ্ৰি-ৰেডিকেলচ বিনষ্ট কৰি কৰ্কট ৰোগীৰ আয়ুস বৃদ্ধি কৰে ৷
• নিয়মীয়া চজিনা খাওঁতাৰ মুখৰ আৰু ছালৰ কমনীয়তা বাঢ়ে ৷
• চজিনা পাতৰ ৰসৰ সেৱনে মহিলাৰ মাহেকীয়াৰ বিষ (ডিচমেনৰিয়া) ভাল কৰে ৷
• পাঠকে অৱগত কৰোৱামতে চজিনাৰ কুমলীয়া পাত ভাজি খালে কৃমি নাশ হয়, বিশেষকৈ শিশুৰ বাবে ই এক সহজ প্ৰাকৃতিক চিকিৎসা ৷
• আন এজন পাঠকে জনাইছে -চজিনা গছৰ বাকলিৰ ৰস লগালে মুৰত চুলি গজে । চিনাকি পৰিয়াল এটাৰ সদস্য এজনৰ তপা মুৰত দেউতাকে প্ৰয়োগ কৰা প্ৰত্যক্ষ কৰিছিল।
• কাণৰ ঘা-ফোঁহা (Otitis externa ) হোৱা ৰোগ চজিনাৰ ২৷ ৩ টোপাল ৰস ঢালিলে আৰোগ্য হয়৷ এয়া পাঠকৰ দ্বাৰা প্ৰেৰিত প্ৰমাণিত সত্য কথা৷
ওপৰত উল্লেখিত চিকিৎসাৰ ওপৰিও পাঠকৰ নিজা ব্যক্তিগত অভিজ্ঞতা থাকিলে আমাক অৱগত কৰে যেন – এই অনুৰোধৰে আজিলৈ লিখনি সামৰিলোঁ ৷
ডা০ ভূপেন শইকীয়া
ডোহা, কাটাৰৰ পৰা
২১ জানুৱাৰী ২০১৭
যোগাযোগ +০৯৭৪ ৩৩৭৩৮৭২২ আৰু [email protected]
ৱেবচাইট www.drbhupensaikia.com

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!