চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন

৷৷চতুৰ্থ খণ্ড৷৷

৷৷ধ্যান বৰ্ণন৷৷

৷৷প্ৰথম কীৰ্ত্তন৷৷

ঘোষা৷৷

ত্ৰাহি গোপাল কৃপাল স্বামি৷

মজিলো ভৱ জলধিত আমি৷৷১১৷৷

পদ৷৷

এক মনে শুনা হৰিৰ ধ্যান৷

বৈকুণ্ঠ নামে আছে মহাথান৷৷

শাৰী শাৰী ৰঞ্জে বিমানচয়৷

বৈদূৰ্য্য হীৰা মৰকতময়৷৷১৪৬৷৷

চন্দ্ৰ সূৰ্য্য যেন প্ৰকাশে আতি৷

নজানি যাত পশি দিন ৰাতি৷৷

চাৰু সৰোবৰ নিৰ্ম্মল জল৷

সুগন্ধি পদ্ম শোভে উতপল৷৷১৪৭৷৷

আছৈ ৰাজহংস সমূহে ৰঞ্জি৷

লীলায়ে মৃণাল ভুঞ্জৈ উভঞ্জি৷৷

পাৰে পাৰিজাত মলয়া বাৱ৷

চটকে ত্যজে সুললিত ৰাৱ৷৷১৪৮৷৷

ভ্ৰমৰগণে গাৱৈ হৰি গীত৷

বৈষ্ণৱগণ শুনি আনন্দিত৷৷

হেন বৈকুণ্ঠৰ মাজত পাছে৷

উছিত ৰত্ন মন্দিৰেক আছে৷৷১৪৯৷৷

বৈদূৰ্য্য স্তম্ভ স্ফটিকৰ বাৰ৷

মাণিক্য কপাট হীৰাৰ দ্বাৰ৷৷

কাটিলা জিঞ্জিৰি সুৱৰ্ণাৱলী৷

বিচিত্ৰ মণি মৰকত স্থলী৷৷১৫০৷৷

পদ্মৰাগ ৰত্নে লগাইলা চৌতি৷

কোটি সূৰ্য্য যেন গৃহৰ জৌতি৷৷

বিচিত্ৰ চন্দ্ৰাতপ আছে টানি৷

আঁৰিলা মুৰাৰি মুকুতা মণি৷৷১৫১৷৷

হেন মন্দিৰে ৰত্ন সিংহাসনে৷

আছন্ত বসি প্ৰভু নাৰায়ণে৷৷

চৌপাশে সেৱে পাৰিষদ যত৷

মৌক্তিক ছত্ৰ ধৰি ওপৰত৷৷১৫২৷৷

ধৱল চামৰে দুপাশে বিঞ্চৈ৷৷

সঘনে সুৰভি কুসুম সিঞ্চৈ৷৷

চৰণে অনেক ভকতি ভাৱে৷

উপাসন্ত লক্ষ্মী জগত মাৱে৷৷১৫৩৷৷

চৈতন্যময় শুদ্ধ ৰূপ ধৰি৷

পৰম আনন্দে আছন্ত হৰি৷৷

আতি চমৎকাৰ ৰূপ বিপুল৷

কন্দৰ্প কোটি যাক নোহে তুল৷৷১৫৪৷৷

কোটি ইন্দু সম আছৈ প্ৰকাশি৷

স্মৰণে দহৱৈ পাতক ৰাশি৷

ভকতৰ বন্ধু জগত বাপ৷

বোলা হৰি হৰি হৰোক পাপ৷৷১৫৫৷৷

 

৷৷ দ্বিতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

কৰুণা সিন্ধু ভকত বন্ধু৷

ৰূপে তুল নোহে কোটি ইন্দু৷৷১২৷৷

পদ৷৷

স্থিৰ বুদ্ধি কৰি ভকতজনে৷

প্ৰত্যেক অঙ্গক চিন্তিবে মনে৷৷

চৰণ পদ্ম দেখি সুখী হুই৷

অৰুণ আতি পদতল দুই৷৷১৫৬৷৷

অঙ্কুশ পদ্ম ধ্বজ বজ্ৰ যৱ৷

দেখি চিহ্ন তাতে মিলৈ উৎসৱ৷৷

চৰণ পঙ্কজ আছে প্ৰকাশি৷

আঙ্গুলি পান্তি তাৰ ভৈল পাসি৷৷১৫৭৷৷

দেখিয়া ৰত্নৰ পাকৰি নয়৷

প্ৰকাশৈ তাতে নখচন্দ্ৰচয়৷৷

ৰতনে উজ্জল উঝণ্টি যত৷

নূপুৰ প্ৰকাশৈ পাদপৃষ্ঠত৷৷১৫৮৷৷

ৰত্নৰ হোড়ৰ জ্বলে জন্দ্ৰাত৷

উৰু কৰিকৰ সম সাক্ষাত৷৷

কটিত প্ৰকাশৈ বসন পীত৷

বান্ধিছা মেখলা ৰত্নে ৰঞ্জিত৷৷১৫৯৷৷

নাভি সৰোৰুহ ৰুচিৰ কান্তি৷

হৃদয়ে প্ৰকাশৈ শ্ৰীবৎস পান্তি৷৷

উৰঃস্থলে লক্ষ্মী দিলন্ত দেখা৷

কষটিত যেন সোণাৰ ৰেখা৷৷১৬০৷৷

পীত বস্ত্ৰে শোভৈ শ্যামল কায়৷

তড়িত-জড়িত জলদ প্ৰায়৷

বহল হৃদয়ে মুকুতা হাৰ৷

প্ৰকাশৈ জিলিমিলি পেচন্দাৰ৷৷১৬১৷৷

চিকিমিকি কৰৈ ৰত্ন উজ্জলা২৪৷

আপাদলম্বী গলে বনমালা৷৷

তাহাৰ মধুগন্ধে হুয়া ভোল৷

বেঢ়িয়া মধুকৰে কৰে ৰোল৷৷১৬২৷৷

চাৰু চতুৰ্ভুজ শোভে সুঠান৷

ললিত বলিত নীল মোলান৷৷

কেয়ূৰ কঙ্কণ বলয়া তাতে৷

প্ৰকাশৈ নৱ কিশলয় হাতে৷৷১৬৩৷৷

ৰত্নৰ শলাকা আঙ্গুলি পান্তি৷

আঙ্গুষ্ঠীচয় তাতে কৰে কান্তি৷৷

অৰুণ নখ চন্দ্ৰমাৰ শাৰী৷

শঙ্খ চক্র গদা পঙ্কজধাৰী৷৷১৬৪৷৷

গলত গলপতা সাতসৰি৷

উড়ৈ নৱগুণ পীত উত্তৰী৷৷

শ্যামল শৰীৰে শোভৈ অধিক৷

ময়ূৰ পুছ যেন চিকমিক৷৷১৬৫৷৷

কম্বুকণ্ঠে শোভৈ কৌস্তুভ মণি৷

প্ৰভাতে উদিত আদিত্য যেনি৷৷

পূৰ্ণচন্দ্ৰ ৰুচি মুখমণ্ডল৷

কৰ্ণত মকৰ দোলে কুণ্ডল৷৷১৬৬৷৷

তাৰ ৰশ্মি জ্বলৈ গণ্ড পাণ্ডুৰ৷

ৰুচিৰ চিবুক চাৰু অধৰ৷৷

প্ৰৱাল ৰত্নে যেন কৰৈ কান্তি৷

সুন্দৰ দন্ত মুকুতাৰ পান্তি৷৷১৬৭৷৷

সদায় নুগুছৈ ঈষত হাস৷

নাসা তিলফুল সম প্ৰকাশ৷৷

অৰুণ লোচন পঙ্কজ পাশি৷

ধনু সম আছৈ ভ্ৰূৱ প্ৰকাশি৷৷১৬৮৷৷

ৰত্নময় কৰৈ তিলকে কান্তি৷

কপালে লম্বিত অলকা পান্তি৷৷

ৰঞ্জৈ শিৰে ৰত্নময় মুকুট৷

চূড়ামণি ৰত্নে প্ৰকাশৈ জুট৷৷১৬৯৷৷

তাৰ মাজে ৰত্ন পঙ্গজ মালা৷

উজ্জল মুখ লাগি তাৰ জ্বালা৷৷

হেন মনোহৰ ৰূপ নিৰেখি৷

থাকিব সমস্ত অঙ্গক দেখি৷৷১৭০৷৷

মস্তকৰ পৰা পাদ পৰ্য্যন্তে৷

নমাইব মনক দুনাই দেখন্তে৷৷

ধ্বজ বজ্ৰ পদ্ম অঙ্কুশ যৱে৷

প্ৰদক্ষিণে নমি পৰিব পাৱে৷৷১৭১৷৷

এতেকে হুইবেক পৰম সিদ্ধি৷

হৰিসে জানা জগতৰ নিধি৷৷

হেলায়ে সংসাৰ তৰিবা পুনু৷

নকৰা বিফল মনুষ্য তনু৷৷১৭২৷৷

দৃঢ় কৰি ধৰা হৰিৰ পাৱ৷

পাপ সাগৰত এহিসে নাৱ৷৷

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷

হৰি হৰি বোলা সমস্ত জনে৷৷১৭৩৷৷

৷৷ ধ্যান বৰ্ণন সমাপ্ত৷৷৷৷

 

One thought on “চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!