চফ কেৱল এবিধ মুহুদি নে? – ডা০ ভূপেন শইকীয়া

শিৰোনামত উল্লিখিত প্ৰশ্নটোৰ সমিধান আনৰ দৰে মোকো লাগে৷ সেয়ে তথ্য অনুসন্ধান কৰোঁতে অৱগত হোৱা কথাখিনিৰ ভাগ পাঠকলৈকো আগবঢ়ালোঁ৷ বিগত কালত মানব দেহত আৰু প্ৰয়োগশালাৰ জীৱৰ দেহত পৰীক্ষা কৰি পোৱা কেইটিমান নিৰ্ভৰযোগ্য তথ্য এনেধৰণৰ:

(১) চফ নাইবা ইয়াৰ তেল ৪সপ্তাহ সেৱন কৰিলে পুৰুষ আৰু মহিলা উভয়ৰে মানসিক উদাসীনতা (ডিপ্ৰেচন) আঁতৰ হয়৷
(২) পাকস্থলীৰ ঘাঁ শুকাবলৈ ধৰে৷ বমি, ওকালি আৰু বদহজমী আঁতৰ হয়৷
(৩) চফে বেক্টেৰিয়া আৰু শেলুৱৈৰ বিকাশ ৰোধ কৰি বীজাণুনাশকৰ ভূমিকা পালন কৰা দেখা গৈছে৷ ১৮৬০চনত আমেৰিকাৰ গৃহযুদ্ধৰ সময়ত মৌৰিন হেলষ্ট্ৰম নামৰ নাৰ্চে চফক ’এণ্টিচেপ্তিক’ দৰৱ হিচাবে ব্যৱহাৰ কৰিছিল৷
(৪) ৩৩০মিলিগ্ৰাম চফ দিনে ৩বাৰ খালে ৰজোনিবৃতিৰ (মেনোপ’জ) সময়ত দেখা দিয়া অস্বাভাবিক গৰম লগা (Hot flushes) নোহোৱা হয় অন্ততঃ ৭৫ শতাংশ মহিলাৰ৷
(৫) ৪৫দিন ডায়েবেটিক এন্দুৰত পৰীক্ষা কৰি পোৱা গ’ল যে চফে ইনচুলিনৰ সক্ৰিয়তা বঢ়ায় আৰু এইদৰে তেজৰ চুগাৰ নিয়ন্ত্ৰণ কৰে৷
(৬) চফত থকা এণ্টিঅক্সিডেণ্টে সংক্ৰমণ হ্ৰাস কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷

চফৰ বৈজ্ঞানিক নাম হ’ল- Pimpinella Anisum৷ বংশ হ’ল Apiaceae family – ধনীয়া, গাজৰ আদি একে পৰিয়ালৰ সদস্য৷ ইংৰাজীত Anise seed বোলে৷ চফ হ’ল বৰ্ষজীৱী সৰু আকৃতিৰ (সাধাৰণতে ৩ফুট মান উচ্চতাৰ) উদ্ভিদ৷ ইয়াত থোপাথুপিকৈ লগা ফুলৰ বৰণ বগা৷ সংস্কৃতত সেয়ে ইয়াক ’শ্বেতপুষ্প’ বোলে৷ চফৰ গুটি কিছুমান মিহি, আন কিছুমান তুলনামূলক ভাবে মোটা৷ চফ গছে ১০ডিগ্ৰী ছেলচিয়াচলৈকে বতৰৰ তাপমান সহ্য কৰিব পাৰে৷

কি কি উপাদান চফত পোৱা যায়?
এক টেবুল চামুচত ৭গ্ৰাম চফ ধৰে৷ প্ৰতি ৭গ্ৰামত থকা উপাদানসমূহ এনেধৰণৰ: প্ৰটিন ১গ্ৰাম, কাৰ্বোহাইড্ৰেট ৩গ্ৰাম, ফেট ১গ্ৰাম, ফাইবাৰ ১গ্ৰাম৷ ইয়াত অন্তৰ্নিহিত থকা খনিজসমূহ হ’ল আইৰণ, কেলচিয়াম, ক’পাৰ, মেগনেচিয়াম, মেংগানিজ, প’টেচিয়াম আৰু ফচফৰাচ৷ চফত থকা এনিথ’লে (Anethole) নামৰ ৰাসায়নিক পদাৰ্থৰ বাবেই চফৰ বিশিষ্ট সুবাস নিৰ্গত হয়৷ আকৌ এই পদাৰ্থৰ বাবেই পেনক্ৰিয়াজৰ সক্ৰিয়তা বৃদ্ধি পায় ফলত চফ ডায়েবেটিজ নিয়ন্ত্ৰণত সহায়ক হয়৷ বজাৰত চফ উপলব্ধ হয় চফগুটি, পাউদাৰ, চাহৰ পেকেট হিচাবে আৰু তেলৰ ৰূপত৷

বুৰঞ্জীয়ে জনোৱামতে চফৰ প্ৰাথমিক উৎপত্তি স্থল হ’ল দক্ষিণ-পূৱ এচিয়া আৰু ভূমধ্য সাগৰীয় অঞ্চল৷ পৰৱৰ্তী সময়ত ইউৰোপলৈ ইয়াৰ খেতি প্ৰসাৰিত হয়৷ আজিৰ দিনত সৰ্বাধিক চফ উৎপাদন কৰা দেশ হ’ল চীন, ভিয়েটনাম আৰু ভাৰতবৰ্ষ৷ আমাৰ দেশৰ অৰুণাচল প্ৰদেশত চফৰ বুজন পৰিমাণৰ খেতি হয়৷ অতি পুৰণি দিনৰ পৰা চফক বনৌষধ, খাদ্যৰ মছলা হিচাবে, মুখ শুদ্ধিৰ সামগ্ৰী আৰু মদজাতীয় পদাৰ্থত সুবাস দিবলৈ ব্যৱহাৰ কৰি অহা হৈছে৷

উপকাৰিতা আৰু প্ৰয়োগৰ তালিকা:
• পাকপ্ৰণালীৰ ক্ষেত্ৰত- পেটৰ এচিডিটি, গেছ, বদহজমী, শৌচ-কচা কমোৱাত উপকাৰী৷
• ৰক্ত সঞ্চালনৰ উন্নতি ঘটাই শাৰীৰিক, মানসিক ক্লান্তিবোধ আঁতৰ কৰে৷
• মস্তিষ্কৰ ক্ৰিয়াৰ উন্নয়ন ঘটায় আৰু ডিপ্ৰেচন দূৰ কৰে৷
• হৃদৰোগীৰ ক্ষেত্ৰত প্ৰাকৃতিক বিষহাৰকৰ ভূমিকা পালন কৰে৷ ফলত বুকুৰ ধপধপনি আৰু উচ্চ ৰক্তচাপ কমোৱাত সহায়ক হয়৷
• চফৰ তেলে ব্ৰণ কমায়৷ দাগ আঁতৰায় আৰু ছালৰ উজ্জ্বলতা বঢ়ায়৷
• তেজৰ বৰ্ধিত চুগাৰ নিয়ন্ত্ৰণত চফ সহায়ক সিদ্ধ হৈছে৷
• চফৰ তেলে চুলি সৰা কমায় আৰু নতুন চুলি গজাত সহায় কৰে৷
• মহিলাৰ মাহকীয়াৰ সময়ত হোৱা বিষ, প্ৰসৱকালীন কষ্ট হ্ৰাস কৰে৷ চফৰ চাহৰ সেৱনে মাতৃদুগ্ধৰ পৰিমাণ বঢ়ায়৷
• সানমিহলি প্ৰয়োগ: – বহুতো দৰবত, লিপষ্টিকত, টুথপেষ্টত চফ মিহলোৱা হয়৷ আকৌ মহ-ডাহ খেদা, কীট আঁতৰ কৰা স্প্ৰেত চফৰ তেল মিহলোৱা হয়৷

ব্যৱহাৰৰ ক্ষেত্ৰত লবলগীয়া সতৰ্কতা:

  • কোনোলোকৰ কাচিৎ চফ গ্ৰহণ কৰিলে এলাৰ্জি দেখা দিলে ইয়াৰ সেৱন এৰাই চলিব৷
  • হৰমোনজনিত টিউমাৰত (উদাহৰণ ব্ৰেষ্ট কেঞ্চাৰ, অভেৰিয়ান টিউমাৰ) আৰু জৰায়ুৰ এণ্ডমেট্ৰিয়চিচ ৰোগত ভোগা ৰোগীয়ে চফৰ ব্যৱহাৰ পৰিহাৰ কৰিব৷
  • গৰ্ভনিৰোধক পিল ব্যৱহাৰ কৰা মহিলাই চফ কমকৈ লোৱা বাঞ্ছনীয়৷
  • টেমফিক্সেন(Tamoxifen) নামৰ বক্ষৰ কৰ্কট ৰোগত ব্যৱহাৰ কৰে দৰব চফৰ সৈতে একেলগে লোৱা নিষেধ৷ কিয়নো ড্ৰাগ ইণ্টাৰএক্সনৰ সম্ভাৱনা থাকে৷

মোখনিত কেইটিমান ঘৰুৱা চিকিৎসা পদ্ধতি:
১- চফ আৰু মিচিৰি একেলগে চূৰ্ণ কৰি কুহুমীয়া গৰম পানীত মিহলাই নিয়মীয়াকৈ সেৱন কৰিলে পুৰণি কৌষ্ঠ ৰোগ আঁতৰ হয়৷
২- চফ আৰু মিচিৰি একেলগে চূৰ্ণ কৰি কুহুমীয়া গৰম গাখীৰত মিহলাই খালে দৃষ্টি শক্তিৰ উন্নতি হয়৷
৩- চফ আৰু মৌজোল একেলগে মিহলাই খালে কাহ, চৰ্দি, ব্ৰকাইটিচ আদিৰ উপশম হয়৷
৪- চফ আৰু আজৱাইন উতলাই মৌজোলৰ সৈতে খালে শ্বাসজনিত ৰোগীয়ে উপকৃত হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!