চাকনৈয়া- (নাজমা বেগম)

মানুহবোৰৰ ব্যস্ততাৰ মাজতে মুকুন্দ বৰুৱাই পাকে প্ৰতি সমৃদ্ধিলৈ চাইছে৷ সেই কণমানিজনী কেতিয়ানো আহি বৰ এজনী হ’ল বৰুৱাই গমেই নাপালে৷ ৰঙা-নীলা খাৰু দেখিলে হাজাৰ দৌৰা-দৌৰি থাকিলেও তেওঁ গাড়ী ৰখাই নামি গৈ খাৰু কিনিছিল৷ সমৃদ্ধিয়ে খাৰুবোৰ নভঙাকৈ দেউতাকৰ ওচৰলৈ পিন্ধিবলৈ লৰ মৰা সময়কণ তেওঁৰ বাবে আছিল আনন্দৰ সময়৷ তাইৰ কোমল হাত, তাইৰ অস্থিৰতাখিনি প্ৰাণভৰি উপভোগ কৰিছিল৷ বুকুৰ মাজেৰে তাইৰ মৰমৰ অহা-যোৱাবোৰ বাঢ়ি আহিছিল দিনে দিনে৷ মাকক নোকোৱা কথাবোৰ দেউতাকৰ স’তে ভগাইছিল৷ তাইৰ হাঁহিত প্ৰাণ পাই থকা ঘৰখনলৈ যেন দুখৰ এটা বিন্দুও সোমাবলৈ সুৰুঙা নাপাইছিল৷ কিন্তু সমাজ, নিয়ম, বান্ধোন এইবোৰ……….এইবোৰ কোনে উলিয়াইছিল৷ বিবাহৰ কথা শুনি চিঞৰি-বাখৰি কান্দি বাউলী হোৱা ছোৱালীজনীক জানো তেৱেঁই বুজাবলগীয়া হোৱা নাই? বিবাহৰ প্ৰয়োজনীয়তা বুজাবলৈ গৈ তেওঁ জানো বাৰে বাৰে উজুটি খোৱা নাই? কোনোদিনে তোক দুখ পাবলৈ নিদিওঁ অ’ আই- বুলি জন্মৰ দিনাই তাইক বুকুত লৈ কৰা প্ৰতিশ্ৰুতি তেওঁ জানো ভাঙিব লগা হোৱা নাই? অসহায় হৈ পৰিছে বৰুৱাৰ বুকুখন৷ দুদিন পিছত এইখন ঘৰ উকা হৈ যাব৷ দুটি প্ৰাণীয়ে সংগোপনে চকুলো মচিব৷ সুখবোৰ ভগাবলৈ কোনো নাথাকিব৷ দুখৰ কোনো কথাই তেওঁ সমৃদ্ধিক জানিব নিদিছিল৷ দুখবোৰ তেওঁৰ একান্তই নিজৰ৷ ৰং-বিৰঙৰ কাপোৰৰ পেণ্ডেলৰ মাজে মাজে তেওঁৰ হুমুনিয়াহবোৰ দৌৰি ফুৰিছে৷ ব্যস্ততাৰ মাজতো তেওঁ অকলশৰীয়া হৈছে৷ বিয়াঘৰৰ হুলস্থুলৰ মাজতো তেওঁ শব্দৰ বাবে বিয়াকুল হৈছে ____দিতা দিতা অ’ …..এইকেইটি শব্দই বুকুত বগুৱা বাই ফুৰিছে৷ বৰুৱাই চকুলোৰে বাট নেদেখা হৈছে৷

“পাপা মোৰ বিয়াখনো ইমান ডাঙৰকৈ পাতিবা দেই _“চুবুৰীয়া কুসুম ভট্টৰ কণমানি দৰিথীয়ে দেউতাকৰ ডিঙিত মেৰিয়াই ধৰি কৈছে৷
তই ডাঙৰ নহ’বি অ’ আই…বুকুৰ মাজত ভট্টই দৰিথীক সাৱটি দুচকু মুদি দিলে৷
মুকুন্দ বৰুৱাই সমৃদ্ধিক বিচাৰি ঘৰৰ ভিতৰলৈ দৌৰিলে৷ কণমানি এজনীৰ দৰে তাইক বুকুৰ মাজত সাৱটি লোৱাৰ তীব্ৰ হেঁপাহে তেওঁৰ খোজ আৰু খৰতকীয়া কৰিলে৷
মেহেন্দী লগাই দুহাত আলফুলে ধৰি ৰখা লগৰ এজাকৰ মাজত সমৃদ্ধিক সাৱটি ধৰাৰ সংকোচকণেই বৰুৱাক ভৱাই তুলিলে _____ছোৱালীজনী বৰ ডাঙৰ হৈ গ’ল অ’!

************************

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!