চাগুৰ লাড়ু- জাহ্নৱী দেৱী

যোগাৰ – ১ কাপ চাগু, ১/৩ কাপ শুকান নাৰিকলৰ গুড়ি, আন্দাজমতে চেনি, ১/৩ কাপ মখানি (Makhana), ৮/৯টা মান কাজু বাদাম, ৩টা সৰু ইলাচী, ১/৪ চামুচ জাইফলৰ গুড়ি, মিঠাই মেট, ৬ চামুচ ঘিঁউ৷

প্ৰস্তুতি – চাগুখিনি এখন পেনত ২০/১৫ মিনিট সময় কম জুইত ভাজি ঠাণ্ডা হলে গুৰি কৰি ল’ব৷ নাৰিকলৰ গুড়িখিনিও কম জুইত ২/৩ মিনিট ভাজি ল’ব৷ মন কৰিব যাতে ৰঙচুৱা হৈ নাযায়৷ মখানিখিনিও অলপ ভাজি লৈ গুৰি কৰি ল’ব৷ চেনিখিনি মিক্সাৰত গুৰি কৰি ল’ব৷ জাইফল আৰু ইলাচীকেইটাও গুৰি কৰি ল’ব বেলেগে বেলেগে৷ কাজু কেইটা শুকানে ভাজি ল’ব৷

ৰন্ধন প্ৰণালী – চাগু গুড়ি, নাৰিকলৰ গুড়ি, মখানিৰ গুড়ি, চেনি গুড়ী, ইলাচী গুড়ি, জাইফলৰ গুড়ি, ফ্ৰাই কাজু বাদাম, ঘিঁউ সকলোখিনি একেলগে ভালকৈ মিলাই ল’ব৷ লাৰু বান্ধিবৰ সুবিধা হোৱাকৈ মিঠাই মেট আন্দাজমতে দি আপুনি মনে বিচৰা জোখত লাৰু বান্ধি পৰিবেশন কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!