চাৰিগৰাকী অসমপ্ৰেমী ইংৰাজ : নিতুল বৰা

চাৰিগৰাকী অসমপ্ৰেমী ইংৰাজ

নিতুল বৰা

১) মাইলছ ব্ৰনছন (জন্ম-১৮১২, মৃত্যু-১৮৮৩ চন):
আমেৰিকাৰ নিউয়ৰ্ক চহৰত জন্মগ্ৰহণ কৰিছিল মাইলছ ব্ৰনছনে। তাতেই তেওঁ শিক্ষা গ্ৰহণ কৰি ২৪ বছৰ বয়সত মিছনেৰীৰ সভ্য হয় আৰু জেকব টমাছ নামৰ এজন বন্ধুৰ সৈতে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে অসমলৈ আহে। পাছত বন্ধুজনৰ মাজ বাটতে মৃ্ত্যু ঘটাত বন্ধু পত্নী আৰু নিজ পত্নীক লগত লৈ শদিয়াত উপস্থিত হয় তেওঁ। প্ৰথমে শদিয়া, জয়পুৰ, নগাৰাজ্য, শিৱসাগৰ আদিত থাকি শেষত নগাঁও চহৰ পায়হি। নগাঁৱত অৰফেন ইনষ্টিটিউট নামৰ পঢ়াশালি এখন স্থাপন কৰে । পাছত তেওঁ চৈধ্য হাজাৰ শব্দ সম্বলিত অসমীয়া-ইংৰাজী অভিধান এখন ৰচনা কৰি ব্ৰনছনে ১৮৬৭ চনত সেইখন তেওঁ শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা ছপা কৰি উলিয়ায়। অৰুণোদইৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত ব্ৰনছনে ইংৰাজীত দুখনমান পুস্তিকা আৰু বহু স্তুতিগীত ৰচনা কৰিছিল।

 

২) নাথন ব্ৰাউন (জন্ম-১৮০৭, মৃত্যু-১৮৮৬চন):
আমেৰিকাত জন্ম লৈ কুৰি বছৰ বয়সতে স্নাতক উপাধি গ্ৰহণ কৰি কিছুদিন তাতেই শিক্ষকতা কৰি বেপ্টিষ্ট মিছনাৰীৰূপে  নাথন ব্ৰাউনে ১৮৩৩ চনত ব্ৰহ্মদেশত উপস্থিত হয়। তাতেই দুবছৰমান ধৰ্মপ্ৰচাৰৰ কামত ব্যস্ত থাকি পৰিয়ালসহ শদিয়ালৈ আহে। তাৰ পৰা জয়পুৰ আৰু শেষত শিৱসাগৰ জিলাত থিতাপি লয় ১৮৪১ চনত। শিৱসাগৰত মিছন প্ৰেছ স্থাপন কৰি ১৮৪৬ চনৰ পৰা অৰুণোদইৰ প্ৰকাশ আৰু সম্পাদনাৰ দায়িত্ব লৈ ব্ৰাউনে অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰিবলৈ প্ৰচেষ্টা চলায়। ১৮৪৫ চনত যীশু খ্ৰীষ্টৰ বিৱৰণ আৰু শোভাযাত্ৰা নামেৰে ধৰ্মপুথি ৰচনা কৰা ব্ৰাউনে তাৰ তিনি বছৰৰ পাছত বাইবেলৰ নিউ টেষ্টামেণ্টৰ ভাঙনি সৰ্ম্পূণ কৰে আৰু সেয়া ‘আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ নতুন বিষয়’ নামেৰে প্ৰকাশ পায়।
সেই বছৰতে Grammatical Notes on the Assamese Language  নামৰ অসমীয়া ভাষাৰ ব্যাকৰণ এখনো লিখি প্ৰকাশ কৰিছিল। মিছন প্ৰেছৰ যোগেদি বহুকেইখন অসমীয়া ভাষাৰ গ্ৰন্থও ছপা কৰিছিল নাথন ব্ৰাউনে। তাৰ ভিতৰত কাশীনাথ তামুলীফুকনৰ অসম বুৰঞ্জী পুথি, বকুল কায়স্থৰ গণিতৰ পুথিৰ দুটা খণ্ড, চুতীয়া বুৰঞ্জী আদি উল্লেখযোগ্য। ১৮৫১ চনত বেপ্টিষ্ট এছচিয়েচন অৱ আসামৰ সভাপতি ৰূপে নিৰ্বাচিত হোৱা নাথনে ১৮৬৫ চনত কৰ্মৰ পৰা ইস্তাফা দি আমেৰিকালৈ চিৰদিনৰ গুচি যায়। পাছত তেওঁ জাপানলৈ আৰু তাতেই তেওঁ মৃত্যুক আঁকোৱালি লয়।

৩) হেনৰী ষ্টাডমেন কটন (জন্ম-১৮৪৫ চন, মৃত্যু-১৯১৪ চন):
বৰ্তমানৰ কটন মহাবিদ্যায়খন যিজনৰ নামেৰে নামাকৰণ কৰা আছে সেইজন হেনৰী ষ্টাডমেন কটনৰ জন্ম হৈছিল তামিলনাডুৰ তাঞ্জোৰত। তেওঁৰ পিতৃৰ নাম আছিল যোচেফ আৰু তেওঁলোক এংল-ইণ্ডিয়ান পৰিয়ালৰ লোক। কটনে তামিলনাডুতেই শিক্ষা গ্ৰহণ কৰি অক্সফৰ্ডৰ মেকডলান কলেজিয়েট স্কুল আৰু লণ্ডনৰ কিংছ কেলজত উচ্চ শিক্ষা লাভ কৰিছিল। আই চি এছ বিষয়া হিচাপে ১৮৬৭ চনৰ পৰা ১৮৯৬ চনলৈ বংগ দেশত বিভিন্ন পদবীত চাকৰি কৰি শেষত অসমৰ কমিচনাৰ হিচাপে ছয়বছৰ কাল চাকৰি কৰি ১৯০২ চনত অৱসৰ গ্ৰহণ কৰে। ভাৰত প্ৰেমী হোৱাৰ বাবে পাছত তেওঁৰ বিৰুদ্ধে ইংৰাজ চৰকাৰ সৰৱ হৈ পৰিছিল। আনকি নিজৰ নামতে প্ৰতিষ্ঠিত কটন কলেজতো তেওঁক ইংৰাজ প্ৰশাসনে সোমাবলৈ দিয়া নাছিল। ১৯১৪ চনত মুম্বাইত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত সভাপতিত্ব কৰা এইগৰাকী ব্যক্তিয়ে নিউ ইণ্ডিয়া, ইণ্ডিয়া এণ্ড হম মেমৰীজ আদি প্ৰখ্যাত গ্ৰন্থও লিখিছিল।

৪) এডৱাৰ্ড গেইট (জন্ম-১৮৫৩ চন, মৃত্যু-১৯৫০ চন): অসম বুৰঞ্জীক নিভাঁজ ৰূপত লিখি ইতিহাস সমৃদ্ধ কৰা, ইংলেণ্ডত জন্মগ্ৰহণ কৰি লণ্ডনত পঢ়া-শুনা কৰা ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ বিষয়া গেইটে ভাৰতৰ বিভিন্ন ঠাইত চাকৰি কৰি নগাঁৱৰ সহকাৰী আয়ুক্ত হিচাপে যোগদান কৰেহি। ১৮৯১ চনত তেওঁ অসম পিয়ল বিভাগৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰে।তাৰ এবছৰৰ পাছতে তেওঁ ৰাজহ বিভাগৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি অসমৰ মুখ্য আয়ুক্ত সচিব হয়। তেওঁ ১৮৯৪ চনত অসমত বুৰঞ্জী চৰ্চাৰ বাবে এক বিস্তৃত আঁচনি যুগুত কৰে। এই আঁচনি ৰূপায়ণৰ বাবে এথন গ্ৰাফী  বিভাগ স্থাপিত হোৱাত ইয়াৰ প্ৰথমজন সঞ্চালক তেৱেঁই মনোনীত হয়। ১৮৯৭ চনত চাকৰি সূত্ৰে বংগদেশলৈ যায় আৰু তাৰ চাৰি বছৰৰ পাচত ভাৰতবৰ্ষৰ লোকপিয়লৰ আয়ুক্ত হোৱা গেইট চাহাবৰ ১৯০৬ চনত ‘হিষ্টৰী অৱ আছাম’ প্ৰকাশ পায়। ১৯১২ চনৰ পৰা তিনি বছৰ ধৰি বিহাৰ-উৰিষ্যা যুক্ত প্ৰদেশৰ ব্যৱস্থাপক সভাৰ সদস্য হোৱাৰ পাছত সেই প্ৰদেশৰে তেওঁ লেফটেনেণ্ট গৱৰ্ণৰ নিৰ্বাচিত হয়। বিহাৰ উৰিষ্যা ৰিচাৰ্ছ ছচাইটীৰ প্ৰতিষ্ঠাপক গেইট চাহাব ১৯২২ চনত ভাৰতীয় ব্যৱস্থাপক সভা (সংসদ)লৈ নিৰ্বাচিত হৈছৈল। পাছত লণ্ডনত তেওঁৰ মৃত্যু হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!