চিকেন পপাৰ্চ – মৌচুমী দাস


উপকৰণ – ১/ ব্ৰইলাৰ মুৰ্গীৰ বুকুৰ মঙহাল অংশ৷
২/ কৰ্ণফ্ল’ৰ
৩/ কণী দুটা
৪/ নিমখ ২চামুচ
৫/ জালুক ১চামুচ
৬/ নহৰু-আদা পেষ্ট ২চামুচ
৭/ জলকীয়াৰ গুড়ি ১চামুচ
৮/ বাৰ্বিকিউ চঁচ ১/২কাপ
৯/ফুড কালাৰ

প্ৰণালী: – প্ৰথমে মাংস খিনি বৰ্গাকাৰ কৈ কাটি লব তাৰ পিছত এটা চচপেনত অথবা এখন কেৰাহীত আধা ঘণ্টাৰ বাবে উতলিবলৈ দিব৷ আধা ঘণ্টাৰ পাচত সেই মাংসখিনি নমাই ঠাণ্ডা হবলৈ দিব৷ ঠাণ্ডা হোৱাৰ পাছত ভালকৈ পানীৰ পৰা টুকি লৈ চেপি দি বেলেগ এটা পাত্ৰত থব৷ এতিয়া নিমখ ২চামুচ, আদা-নহৰুৰ পেষ্ট ২চামুচ, জালুক ১চামুচ, জলকীয়াৰ গুড়ি ১চামুচ আৰু অলপ ফুড কালাৰ (ঘৰত ফুড কালাৰ নাছিল বাবে মই বিটৰ ৰস দিছিলো৷ বিট এটা ৰুকি লৈ তাৰেই অলপ হাতেৰে চেপি লৈ মাংসৰ ওপৰত দি দিছিলো) দি মাংস খিনি ভালকৈ মেৰিনেট কৰি আধা ঘণ্টাৰ বাবে ফ্ৰীজত থৈ দিয়ক৷ এই সময়খিনিতে এটা বাতিত কণী দুটা ফেটি লওক৷ লগতে কৰ্ণফ্ল’ৰ অলপ এটা বাতিত বেলেগকৈ উলিয়াই লব৷ এখন কেৰাহীত ৰিফাইন তেল অলপ সৰহকৈ গৰম কৰি লব৷ এতিয়া আধা ঘণ্টা হৈ গলে মাংসৰ মিশ্ৰণটো ফ্ৰীজৰ পৰা উলিয়াই আনি মাংস এটুকুৰা লৈ প্ৰথমে কৰ্ণফ্ল’ৰত লেটিয়াই লৈ তাৰ পিছত ফেটি থোৱা কণীত ডুবাই আকৌ কৰ্ণফ্ল’ৰত লেটিয়াই গৰম তেলত ডুব যোৱাকৈ ভাজক৷ এনেকৈ গোটেই কেইটুকুৰা মাংস ভাজি লব৷ ভাজি হলে তেলখিনি টুকি ৰাখিবলৈ এখন কাগজত মেলি থব৷ এতিয়া এখন ননষ্টিকি পেন লৈ পেন খন গৰম হবলৈ দিব৷ গৰম হোৱাৰ লগে লগে বাৰ্বিকিউ চঁচ ১/২কাপ দি তাতে ভাজি থোৱা মাংসখিনি দিব৷ তাৰ পাছত ভালকৈ কম জুইত লৰাই থাকিব৷ তিনি/চাৰি মিনিট মান লৰাই নমাই থব৷ বৰষুণৰ বতৰত আবেলি গৰমে গৰমে চাহৰ লগত খাওক আৰু আলহীকো খুৱাওক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!