চিকেন ৰাইচ বল – ৰূপালী ভৰালী বৰুৱা


সকলোৱে জানেই যে আমি অসমীয়া মানুহ বেছিভাগেই চাহৰ কানীয়া। তাৰে ভিতৰত এজনী মই বাৰুকৈয়ে আছোঁ। দিনটোত কম চে কম তিনিবাৰ ভালকৈ গাখীৰতে কৰা কাঢ়া চাহ লাগিবই। সেয়ে চাহৰ লগত খাবলৈ মাজে মাজে কিবা special হ’লে ভাল লাগে তাকো ঘৰত ৰন্ধা হ’লে কথাই নাই। আজি সেয়ে নতুন কিবা এটা খাব মন গ’ল বতৰৰ দাবীত৷ আপোনালোকে জানে মই মাংস প্ৰেমী আৰু ঘৰত কড়াই গুৰি অলপো আছে ভাবিলো নতুন কিবা এটা কৰা যাওক। সেয়ে লাগি গ’লো Chicken rice balls প্ৰস্তুত ( নামটো নিজেই মিলাই দি দিছোঁ আৰু)
#recipe
উপকৰণসমূহ ::
ব্ৰইলাৰ মাংস
সান্দহ গুৰি (কড়াই গুৰি )
refined oil
জীৰা গুৰি
জলকীয়া গুৰি
নেমু
পিয়াজ
নহৰু
আদা
কেঁচা জলকীয়া
কাজু
ধনীয়া
Baking powder
পদ্ধতি ::
Chicken অলপ হাড় আঁতৰাই ভালকৈ ধুই লৈ অকণমান refined oil দি নিমখ জীৰা গুৰি জলকীয়া গুৰি আৰু নেমু চেপি দি মঠি থলো প্ৰায় আধা ঘণ্টা। এতিয়া mixer grinder ত পিচি দিলো৷ ইফালে প্ৰথমে কাজু অলপ refined oil ত ভাজি ল’লো। তাৰ পিছত পিয়াজ, নহৰু, আদা, কেঁচা জলকীয়া আৰু কাজুখিনি একেলগে পিচি ল’লো। এতিয়া গোটেই খিনি একেলগে mix কৰিলো আৰু অলপ baking powder add কৰি দিলোঁ।
আন এটা বাটিত সান্দহ গুৰি (কড়াই গুৰি ) অলপ ল’লো।
মাংস আৰু মচলাৰ Paste খিনি সান্দহ সানি বল বা পিঠাৰ আকাৰ এটা দি কেৰাহীত গৰম তেলত ভাজি দিলো। সান্দহ দিয়া বাবে খাবলৈ অলপ crispy আৰু crunchy হৈছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!