‘চিক্ৰেট চুপাৰষ্টাৰ’ – উৎপলা কৌৰ

তাইৰ নাম ইনচিয়া৷ পোন্ধৰ বছৰীয়া কিশোৰীজনীৰ গানত বৰ চখ৷ কিন্তু দুৰ্ভাগ্যবশতঃ এটা অতি ৰক্ষণশীল পৰিয়ালত তাইৰ জন্ম হৈছিল৷ তাইৰ অভিযন্তা পিতৃ ফাৰুক অত্যন্ত ৰক্ষণশীল আৰু খঙাল৷ ছোৱালী হোৱাটোৱেই আছিল তাইৰ দোষ৷ গৰ্ভতে কৰা লিংগ নিৰ্ণয়ৰ ফলত তাইক পৃথিৱীলৈ অহাৰ আগতেই হত্যা কৰিবলৈ খোজা হৈছিল৷ ইনচিয়াৰ মাতৃ নাজমাক গৰ্ভপাত কৰিবলৈ হস্পিটেললৈ লৈ যোৱা হৈছিল৷ পেটৰ সন্তানক পৃথিৱীৰ পোহৰ দেখাৰ আগতেই বিদায় দিবলৈ কৰা ষড়যন্ত্ৰক বৃদ্ধাংগুষ্ঠ দেখুৱাই হস্পিটেলৰ পৰাই নিৰূদ্দেশ হৈছিল নাজমা আৰু তাৰ ঠিক দহমাহৰ পাছত কোলাত কেচুঁৱা লৈ উভতি আহিছিল স্বামীগৃহলৈ৷ ইনচিয়াৰ পাছত আৰু এটি পুত্ৰ গুড্ডুৰ জননী হৈছিল নাজমা৷ সেই পুত্ৰ পিতৃৰ আলাসৰ লাড়ু আছিল কিয়নো সি আছিল বংশ ৰক্ষাকাৰী৷ সৰু সৰু কথাতে মাতৃৰ ওপৰত হোৱা ঘৰুৱা হিংসা প্ৰত্যক্ষ কৰিব লগা হৈছিল ভগ্নী-ভাতৃহালে অৰ্থাৎ ইনচিয়া আৰু গুড্ডুৱে৷ ফাৰুকৰ বৃদ্ধা মাতৃও অত্যন্ত খঙাল আৰু গোড়া পুত্ৰৰ ওচৰত নিৰুপায় আছিল৷

ইনচিয়া আৰু নাজমাই ফাৰুক চাকৰিৰ খাতিৰত ঘৰৰ পৰা দীৰ্ঘদিন আঁতৰি থকা দিনকেইটাতে জীৱনটো যেন ভৰপূৰকৈ অতিবাহিত কৰিছিল৷ ফাৰুক ঘৰত থকা দিনকেইটিত ঘৰুৱা পৰিবেশ আনকি উশাহ-নিশাহো ল’ব নোৱাৰাকৈ যেন গোমোঠা হৈ পৰে৷ গছৰ পাতখিলাও যেন তেওঁৰ আদেশমতেহে লৰচৰ কৰিব! কণ-কণ কথাতেই ইনচিয়াৰ মাতৃয়ে পিতৃৰ দ্বাৰা শাৰীৰিক নিগ্ৰহৰ বলি হ’বলগীয়া হয়৷ ফাৰুকৰ মতে পত্নী নিগ্ৰহ হ’ল তেওঁৰ অধিকাৰ আৰু মাতৃ নাজমাৰ মতে আছিল সেয়া তেওঁৰ ভাগ্য৷ ছোৱালী হৈ জনম পালে এইবোৰ সহিবলৈ জন্মতে শিকি আহিব লাগে৷ ইয়াৰ মাজতে বুকুত এক আগ্নেয়গিৰি কঢ়িয়াইছিল ইনচিয়াই, পিতৃৰ অজ্ঞাতে৷ মনত পুহি ৰাখিছিল জীৱনত কিবা এটা কৰি দেখুওৱাৰ তাড়না৷ ছয়বছৰ বয়সত মাকে কিনি আনি দিয়া গীটাৰখনে যেন সেই তাড়না পূৰণৰ বাট উজু কৰিলে৷ তাই সংগীতৰ প্ৰেমত পৰিল৷ জেঁকা ঠাই এডোখৰত থকা প্ৰকাণ্ড শিল এচটাৰ তলত গজালি মেলা গছপুলি এটাই যেনেকৈ সূৰ্যমূখী হ’বলৈ অহৰহ চেষ্টা কৰি থাকে ঠিক তেনেকৈ ইনচিয়াই সংগীতেৰে নিজক এটা চিনাকি দিবলৈ উদ্বাউল হৈ পৰিল৷

এবাৰ এখন সংগীতৰ প্ৰতিযোগিতাত ভাগ ল’বলৈ ওলোৱা ইনচিয়াক ফাৰুকে ছোৱালী মানুহৰ বাবে সংগীত অলাগতিয়াল বিষয় বুলি প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ নিদিলে, য’ত পুৰস্কাৰ আছিল এটা লেপটপ আৰু এটা ইণ্টাৰনেট সংযোগী যন্ত্ৰ( Dongle) ৷ পুত্ৰীৰ আশাভংগ হোৱা চাই থাকিব নোৱাৰি সেয়ে তেনেকুৱা দিনতে পিতৃ ঘৰত নথকাৰ সময়ত মাকে নতুন লেপটপ এটা কিনি আনি দিয়ে আৰু তেতিয়াই ইনচিয়াৰ জীৱনলৈ পোহৰ অহাৰ নতুন দুৱাৰ এখন খোল খাই পৰে৷ নিজৰ প্ৰতিভা বিকাশ আৰু প্ৰচাৰৰ বাবে ’ইউটিউব’ৰ ব্যৱহাৰৰ বিষয়ে জ্ঞাত হোৱাৰ পাছত পিতৃ ফাৰুকৰ ওচৰত ধৰা নপৰাকৈ থাকিবৰ বাবে বোৰ্খা পিন্ধি “চিক্ৰেট চুপাৰষ্টাৰ” নাম লৈ নিজৰ গানৰ ভিডিঅ ‘ইউটিউব’ত আপলোড কৰে৷ অতি সোনকালে সেই ভিডিঅ অত্যন্ত জনপ্ৰিয় হৈ পৰে আৰু বোৰ্খাৰ আঁৰত থকা কোকিলকণ্ঠীগৰাকী বহুচৰ্চিত হৈ সৰ্বত্ৰ কৌতূহলৰ সৃষ্টি কৰে৷

নাৰীজনিত কেলেংকাৰীৰ বাবে সদায় সংবাদশীৰ্ষত থকা আৰু সেইবাবেই দুবাৰকৈ বিবাহ বিচ্ছেদ হোৱা গায়ক তথা সংগীত পৰিচালক শক্তি কুমাৰৰ ইনচিয়াৰ গানৰ ভিডিঅ’ দৃষ্টিগোচৰ হয় আৰু মোহিত হৈ তেওঁৰ নতুন ছবিত গান গাবলৈ ইনচিয়াক তেওঁৰ লগত যোগাযোগ কৰিবলৈ কয়৷ ইয়াৰ মাজতে এদিন টিউচনৰ ক্লাছত পৰীক্ষা দিবলৈ গৈ নিজৰ বিষয়ে লিখা থকা বাতৰি কাকত এখন দেখি আধাতে পৰীক্ষাৰ বহী জমা দি ইনচিয়া নিজৰ ঘৰলৈ দৌৰি গুছি আহিল যাতে কাকতখন তাইৰ ঘৰত ফাৰুকৰ চকুত নপৰে৷ সোনকালে গুচি অহাৰ ফলত তাই পৰীক্ষাত কম নম্বৰ পোৱাৰ বাবে শিক্ষয়িত্ৰীয়ে পৰীক্ষাৰ বহীত দেউতাকৰ চহী লৈ যাবলৈ কয়৷ কম নম্বৰ পোৱা দেখি দেউতাকে খঙৰ ভমকত গীটাৰখনেই য’ত-কূটৰ ঘাই বুলি মাক আৰু তাইৰ অযুত কাকূতি-মিনতি স্বত্বেও সেইখনখন ভাঙি পেলায়৷

আন এদিন বিয়া এখনলৈ যাবলৈ সাজি-কাছি ওলোৱা নাজমাৰ উকা ডিঙিটো দেখি ফাৰুকে প্ৰশ্ন কৰাৰ সময়ত নাজমাই যৌতুকত পিতৃগৃহৰ পৰা অনা গহনা বেচিহে যে নতুন লেপটপ কিনি ইনচিয়াক দিছিল আৰু লেপটপটো ক’ৰ পৰা আহিল বুলি কৰা প্ৰশ্নৰ উত্তৰত ইনচিয়াৰ মোমায়েকৰ পৰা অনা বুলি দিয়া ফাঁকিটো ধৰা পৰাত বিয়ালৈ যোৱাৰ আয়োজনতো বন্ধ হ’লেই, লগতে পুত্ৰ-কন্যাৰ সন্মুখতে নাজমাক শাৰীৰিকভাৱে প্ৰচণ্ডভাৱে নিৰ্যাতন কৰিয়েই নেৰিলে, ইনচিয়াৰ নিজ হাতেৰে লেপটপটো দলিয়াই ভঙোৱালে৷ মাকক পিতৃৰ পৰা বচাবলৈ অন্য কোনো উপায় নেদেখি ইনচিয়াই লেপটপটো ভাঙিলে যদিও নিজৰ নিষ্ফল খঙক প্ৰকাশ কৰিবলৈ ঘৰৰ ছাদৰ ওপৰত থকা বস্তু-বাহানি ভাঙি চুৰমাৰ কৰে আৰু ইটাৰ দেৱালত ঘুচিয়াই নিজকে কষ্ট দিয়ে৷ অনবৰতে ঘৰুৱা অশান্তিয়ে দিয়া বাধা-নিষেধৰ সন্মুখীন হৈ মানসিক চাপত থকা ইনচিয়াই একমাত্ৰ সুখৰ কাৰণটো হেৰুৱাই পেলালত ফাৰুকৰ বাহিৰে ঘৰখনৰ আন সকলোৰে মুখৰ হাঁহিবোৰ মাৰ গ’ল৷

ইনচিয়াৰ নিজকে প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম, নাজমাই কোনোদিনে স্বামীৰ মৰমৰ মাত এষাৰ নোপোৱা জীৱনটো লৈয়ে সন্তুষ্ট হোৱাৰ অভিনয় কৰি আগবাঢ়ি যোৱা জীৱনটোৰ সমান্তৰালকৈ এটা মধুৰ, বয়ঃসন্ধি কালৰ প্ৰেমৰ কাহিনীও আগবাঢ়ে৷ সেয়া হ’ল ইনচিয়া আৰু তাইৰ সহপাঠী চিন্তনৰ প্ৰেম৷ বিবাহ-বিচ্ছেদিতা, একক মাতৃৰ সুস্থ লালন-পালনৰ ফল সুসংস্কৃত চিন্তনৰ নিঃস্বাৰ্থ প্ৰেমে আপোন পিতৃৰ অত্যচাৰ আৰু স্বেচ্ছাচাৰীতাই বাৰে বাৰে ভাঙি পেলোৱা ইনচিয়াক নিতৌ নতুনকৈ গঢ় দিছিল, উৎসাহ দিছিল আগুৱাই যাবলৈ৷ চিন্তনৰ সাহসতে এদিন শক্তি কুমাৰ নামৰ বিতৰ্কিত সংগীত পৰিচালকজনক স্কুল খতি কৰি দিনটোৰ ভিতৰতে লগ ধৰি আহেগৈ ইনচিয়াই৷ অৱশ্যে সেই গোপন আৰু সাহসী পদক্ষেপ নিজৰ বাবে নাছিল, আছিল মাক নাজমাৰ বাবে৷ টিভিৰ বাতৰিত শক্তি কুমাৰৰ বিবাহ বিচ্ছেদ গোচৰত তেওঁৰ পত্নীক বিজয়ী সাব্যস্ত কৰা বিখ্যাত পাৰিবাৰিক উকীল তথা নাৰীবাদী মহিলাগৰাকীৰ সাক্ষাৎকাৰ দেখি নিজৰ অত্যাচাৰী দেউতাকৰ পৰা মাকৰ মুক্তিৰ পথ বিচাৰি উৰা মাৰিছিল ইনচিয়াই৷ এসময়ৰ প্ৰতিভাশালী গায়ক শক্তি কুমাৰে গাবলৈ দিয়া গানৰ কথা আৰু সুৰৰ মিল নথকাত নিজৰ শক্তিশালী ব্যক্তিত্বৰে শক্তি কুমাৰক প্ৰভাৱিত কৰি গানটো নিজৰ ধৰণেৰে গাই থৈ আহিছিল৷

সময় আৰু আত্মীয়ই প্ৰতিবাৰে প্ৰতাৰণা কৰি অন্য এক ব্যক্তিত্বলৈ সলনি কৰা এসময়ৰ সুগায়ক শক্তি কুমাৰে ইনচিয়াৰ মাকৰ অৱস্থাটোৰ কথা শুনি অনিচ্ছা স্বত্বেও তাইক সহায় কৰিবলৈ নিজৰ বিপক্ষৰ উকীলৰ শৰণাপন্ন হয়৷ ইনচিয়াক উকীলে বিবাহ-বিচ্ছেদৰ কাগজপাতি ঠিক কৰি ঘৰলৈ পঠিয়াই দিয়ে৷ কিন্তু ইনচিয়াৰ মাকৰ মন যে পৰাধীনতা আৰু সমাজৰ শিকলিৰে বন্ধা! মুক্ত হোৱাৰ কথা সপোনতো ভাবিব নোৱাৰে৷ জীয়েকে অকলে অকলে মুম্বাইলৈ অহা-যোৱা কৰাৰ কথা শুনি শিহৰিত, ভীতি বিহ্বল হৈ তাইক খুউব ককৰ্থনা কৰাৰ লগতে কান্দি কান্দি নিজৰ ক্ষোভ ব্যক্ত কৰে৷ নাজমাক নোসোধাকৈ তাইৰ দেউতাকে ফাৰুকৰ লগত তাইৰ বিবাহ ঠিক কৰিছিল আৰু বিবাহৰ পাছতো ফাৰুকৰ জীৱন শৈলীত নিজকে খাপ খুৱাই লৈছে৷ সেয়ে বুকুৰ উম দি ডাঙৰ কৰা জীয়েকেও যেতিয়া মাকক নোসোধাকৈ বিচ্ছেদৰ সিদ্ধান্ত জাপি দিলে তেতিয়াই ভাঙি পৰিল নাজমা৷ তদুপৰি অইন কিছুমান কথাও আছিল, যেনে অৰ্থনৈতিক ভাবে নাজমা কেৱল ফাৰুকৰ ওপৰত নিৰ্ভৰশীল আছিল৷ ইয়াৰ বিপৰীতে মাকৰ এনেকুৱা ব্যৱহাৰ আৰু প্ৰতিক্ৰিয়া দেখি হতাশ হৈ পৰিল ইনচিয়া৷ মুক্তিৰ যে কোনো পথেই নাই! পুতিময় পুখুৰীত আৱদ্ধ জীৱন, সাগৰ দেখাৰ কোনো সম্ভাৱনা নাই! হতাশ৷ ক্ৰোধিত নিজৰ ভাগ্য আৰু মাতৃৰ ওপৰত, যি কেতিয়াও আকাশলৈ চাই ইয়াৰ বিশালতা অনুভৱ কৰিবলৈ নোখোজে! ডেউকা মেলিব নোখোজে৷

তেনে কঠিন সময়তে পিতৃ ফাৰুকে ছৌদি আৰৱত চাকৰি লাভ কৰে আৰু সমগ্ৰ পৰিয়ালক লৈ বৰোদা এৰি তালৈ গুছি যোৱাৰ সিদ্ধান্ত লয়৷ অকল সেয়ে নহয় বন্ধুপুত্ৰৰ সৈতে জীয়ৰী ইনচিয়াৰ বিবাহো নিৰ্দিষ্ট কৰি পেলায়৷ ইতিমধ্যে শক্তি কুমাৰৰ পৰিচালনাত যি গান বাণীবদ্ধ কৰিছিল সেই গান জনপ্ৰিয়তাৰ তুংগত উঠিল আৰু ইনচিয়াই বলিউডৰ এক প্ৰতিযোগিতাত শ্ৰেষ্ঠা সংগীত শিল্পীৰ মনোনয়ন লাভ কৰে৷ সেইটো তাইৰ জীৱনৰ এটা দুদোল্যমান অৱস্থা য’ত এফালে বাল্য বিবাহত বহি জীৱনটোলৈ নিজৰ মাতৃৰ দৰে ৰক্ষণশীলতাৰ, পৰাধীনতাৰ পোতাশালত সোমোৱাৰ সম্ভাৱনা, আনফালে অলপ সাহস কৰিলেই মুক্ত হৈ নিজস্ব প্ৰতিভাৰে তৰা হৈ জিলিকাৰ সম্ভাৱনা!

মাজতে মাতৃ নাজমাৰ সৈতে বহু যুক্তি তৰ্ক, বুজনি আনকি নিজ ভাতৃ গুড্ডু যি দেউতাক ফাৰুকৰ আলাসৰ লাড়ু তাক এৰি থৈ মাক জীয়েক দুয়ো আঁতৰি যোৱাৰ প্ৰস্তাৱ৷ কোনো বুজনিয়ে প্ৰভাৱ পেলাব নোৱাৰিলে নাজমাৰ ওপৰত৷ সেইখিনি সময়তে ইনচিয়াই তাইৰ জন্ম ৰহস্যৰ বিষয়ে জ্ঞাত হয় আৰু মাকক দুৰ্ব্যৱহাৰ কৰাৰ বাবে অনুতপ্ত হৈ ইণ্টাৰনেট কাফেলৈ গৈ নিজৰ ইউটিউব একাউণ্টটো বন্ধ কৰি থৈ আহিলগৈ আৰু নিজৰ সকলো আশা-আকাংক্ষাক জলাঞ্জলি দি মাকৰ মুখলৈ চাই ছৌদিলৈ যাবলৈ ওলাল৷ নাজমাই জীয়েকৰ মানসিক অৱস্থা বুজিছিল ৷  ছোৱালীজনীৰ মুখৰ হাঁহিটো হেৰাই যোৱা দেখি অপৰাধবোধত ভুগিছিল৷ সেয়ে ছৌদি আৰৱলৈ লৈ যাবলৈ আন আন সামগ্ৰীৰ সৈতে ভগা গীটাৰখনো বান্ধি লৈছিল যিখনেই পাছলৈ নাজমা আৰু ইনচিয়াৰ মুক্তিৰ সঁচাৰ-কাঠী হৈ ধৰা দিলে৷ বিমান বন্দৰত নিবলগীয়া সামগ্ৰীৰ ওজন আগতে নিৰ্ধাৰণ কৰাতকৈ বেছি হোৱাত চাওঁতে চকুত পৰিল গীটাৰখন৷ খঙত দিক-বিদিক হেৰুৱাই গীটাৰখন ইনচিয়াক মানুহৰ আগতে ডাষ্টবিনত পেলাবলৈ বাধ্য কৰালে দেউতাকে৷

সেইখিনিতেই সমগ্ৰ কাহিনীটো পাক খালে৷ নাজমাৰ ধৈৰ্যৰ বান্ধ সুলকি পৰিল; প্ৰতিবাদ কৰিবলৈ সাহস কৰিলে৷ গীটাৰখন ছৌদিলৈ লৈ যোৱাৰ বাবে জেদ কৰিলে যিয়ে ফাৰুকৰ তথা-কথিত পুৰুষত্বৰ আঁৰত শুই থকা পশুটো জগাই দিলে৷ কিন্তু  নাজমাক এইবাৰ একোৱেই ৰখাব নোৱাৰিলে৷ ইনচিয়াই বহুদিন আগতেই মুম্বাইৰ পৰা আগতেই লৈ অনা বিচ্ছেদনামাত চহী কৰি বিমান বন্দৰৰ অজস্ৰ লোকৰ আগতে তাইক শাৰীৰিক শাস্তি দিয়াৰ ভাবুকি দি থকা গিৰিয়েকলৈ আগবঢ়াই দি বান্ধোন চিঙি দুই সন্তানক লৈ অশ্ৰুসিক্ত নয়নেৰে ফাৰুকৰ মাতৃৰ পৰা বিদায় লৈ ওলাই আহিল আৰু শ্ৰেষ্ঠা গায়িকাৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত হয়গৈ৷

কিন্তু আশাকৰা ধৰণে বঁটাটো ইনচিয়াই নাপালে যদিও বিজেতা গায়িকাগৰাকীৰ সৌজন্যত মঞ্চত উঠি নিজে নিজকে লুকুৱাই ৰাখি তাৰকা হোৱাৰ আঁৰত, তাইৰ জন্মৰ আঁৰত থকা মৰ্মস্পৰ্শী কাহিনী প্ৰকাশ কৰিবলৈ সুবিধা পালে৷ নিজে হাজাৰটা যাতনা সহি থাকিও কোনোদিন নিজৰ পুত্ৰ-কন্যাৰ মাজত পাৰ্থক্য অনুভৱ হ’বলৈ নিদিয়াকৈ অশিক্ষিতা, চিৰ উপেক্ষিতা, নিষ্পেষিতা ইনচিয়াৰ মাতৃয়ে কৰি যোৱা ত্যাগৰ স্বীকৃতি পালে৷ সেয়ে আছিল ইনচিয়াৰ বাবে আটাইতকৈ ডাঙৰ পুৰস্কাৰ৷ ইয়াৰ লগে লগে “চিক্ৰেট চুপাৰষ্টাৰ”এ নিকাব (বোৰ্খা) গুছাই পেলায় আৰু মুক্তি আৰু সফলতাৰ হাঁহি মাৰে৷

থূলমূলকৈ ‘চিক্ৰেট চুপাৰষ্টাৰ’ নামৰ কাহিনীটো এইটোৱেই৷ ‘পাৰফেকশ্যনিষ্ট’ আমিৰ খান আৰু পত্নী কিৰণ ৰাওৱে যুটীয়াভাবে প্ৰযোজনা কৰা আৰু অদ্বীত চন্দনে পৰিচালনা কৰা বোলছবিখনত আমিৰ খানৰ বাহিৰে আন কোনো তাৰকা শিল্পী নাই৷ ইনচিয়াৰ চৰিত্ৰত ‘ডংগল’ খ্যাত জাইৰা ৱাছিম, নাজমাৰ চৰিত্ৰত মেহেৰ ৱিজ আৰু ফাৰুকৰ চৰিত্ৰত ৰাজ অৰ্জুনে অভিনয় কৰিছে৷ নিপোটল কাহিনী আৰু সাৱলীল অভিনয়ে যে এখন চিনেমাৰ সফলতাৰ মূল এইখনে তাকেই প্ৰমাণ কৰিলে৷ বাণিজ্যিকভাৱে সফল এখন সামাজিক বাৰ্তা থকা ছবি ‘চিক্ৰেট চুপাৰষ্টাৰ’৷ মধ্যবিত্ত পৰিয়ালৰ মহিলা যেতিয়া ঘৰুৱা হিংসাৰ বলি হয় মুখলজ্জা তথা সামাজিক স্থান হেৰুওৱাৰ ভয়, সন্তানৰ ভবিষ্যত আৰু অৰ্নৈতিক সুৰক্ষাৰ কথা ভাবি সকলোবোৰ নীৰবে সহি যায় আৰু তেনেকৈয়ে পৌণঃপুণিকভাবে ভয়বোৰ এটা প্ৰজন্মৰ পৰা আনটোলৈ প্ৰবাহিত হৈ থাকে৷ দুই একে তাৰ মাজতে বিদ্ৰোহ কৰি উঠে৷ যেনে নাজমাই হস্পিতেলৰ পৰা পলাই গৈ স্বামীৰ ইচ্ছাৰ বিৰূদ্ধে কন্যা সন্তান জন্ম দিয়া আৰু সেই স্বামীৰ ওচৰলৈয়ে শিশু কন্যাক লৈ উভতি আহিবলৈ কৰা সাহস৷ নিজৰ যৌতুকৰ গহনা বেচি কন্যাক লেপটপ কিনি দিয়া কাৰ্য মাক আৰু সন্তানৰ আত্মিক বান্ধোনৰ ফল যি সাধাৰণতে ছবিখনত দেখুওৱাৰ দৰে ৰক্ষণশীল পৰিয়ালত দেখা নাযায়৷ এগৰাকী মাতৃয়ে নিজৰ জীয়ৰীৰ মাজত নিজৰ হেৰুওৱা শৈশৱ বিচাৰি পায় আৰু নিজৰ অতৃপ্ত ইচ্ছা, সপোন সেই জীয়ৰীৰ দ্বাৰা পূৰণ কৰাৰ ইচ্ছা এটা সচৰাচৰ পুহি ৰাখে অথবা নিজে শৈশৱত বঞ্চিত হোৱা সুখকণ দিব খোজে৷

ছবিখনৰ আন এটা ভাল লগা দিশ চিন্তনৰ পৰিয়ালটো৷ চিন্তনৰ বিচ্ছেদিতা মাক, যি কোনোদিন নিজৰ পুত্ৰৰ আগত নিজৰ প্ৰাক্তন স্বামীৰ কথা বেয়াকৈ কৈ পোৱা নাই৷ বিবাহ এটা পবিত্ৰ অনুষ্ঠান যি দুজন ব্যক্তিক সাত জনমলৈ এক বন্ধনত বান্ধি থয়৷ এই ’সাতজনম’টো কাল্পনিক হ’লেও এই জনমটোতে আমাৰ ধাৰণা যে পতি পত্নী দুয়োৰে মাজত মিলা-প্ৰীতি নাথাকিলেও, অশান্তিময় হ’লেও তেনেকৈয়ে একেলগে জীৱনটো কটাই দিব লাগে৷ বিবাহ-বিচ্ছেদ পশ্চিমীয়া ধাৰণা৷ বিশেষকৈ সন্তান থাকিলে সন্তানৰ মুখলৈ চাই হ’লেও এটা অস্বাস্থ্যকৰ সম্পৰ্ক লৈয়ে জীয়াই থকা উচিত৷ বিশেষকৈ মহিলাসকলৰ পৰা এই সহনশীলতা আশা কৰা যায়৷ কিন্তু বহু মনোৰোগ বিশেষজ্ঞই মত পোষণ কৰে যে পিতৃ-মাতৃৰ মাজত হোৱা কাজিয়া-পেচাল প্ৰত্যক্ষ কৰি ডাঙৰ হোৱা সন্তানে হতাশাত ভোগে আৰু ই তেওঁলোকৰ ব্যক্তিত্ব গঠনত ঋণাত্মক প্ৰভাৱ পেলায়৷ সেয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হ’লে বেলেগে বেলেগ থাকি, প্ৰয়োজনত বিচ্ছেদ লৈ হ’লেও পিতৃ-মাতৃৰ মাজত সৌহাৰ্দ্যপূৰ্ণ ও বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটা ৰক্ষা কৰাহে সন্তানৰ পক্ষে কল্যাণকামী হয়৷ সাধাৰণতে নিজৰ মাজত মিলা-প্ৰীতি নথকা পিতৃ-মাতৃয়ে এজনে আনজনৰ কুৎসা ৰটনা কৰে যি সন্তানৰ ওপৰত মানসিক অত্যাচাৰ কৰাৰ দৰে হয় কাৰণ সন্তানটিৰ বাবে দুইজনেই আপোন৷

আজিকালি পুৰুষ মহিলা উভয়ে অৰ্থনৈতিকভাৱে স্বনিৰ্ভৰশীল, অৱশ্যে কেতিয়াবা পুৰুষগৰাকী, বহুক্ষেত্ৰত মহিলাগৰাকী নহয় তেতিয়া বুজা-বুজিৰে অথবা আইনৰ সহায় লৈ আনজনৰ পৰা আৰ্থিক সকাহ পাব পাৰি৷ একক মাতৃত্বৰ পালন-পোষণত ডাঙৰ হোৱা ইনচিয়াৰ সহপাঠী চিন্তনে এজন বয়সতকৈ পৰিপক্ব মানুহৰ দৰে অত্যাচাৰী, স্বেচ্ছাচাৰী পিতৃৰ দ্বাৰা সংঘটিত ঘৰুৱা হিংসাৰ বলি হৈ বাৰে বাৰে ভাঙি পৰা ইনচিয়াৰ কাষত থিয় দিছে৷ ইনচিয়া আৰু চিন্তনৰ মানসিক অৱস্থা চালেই অসুস্থ সম্পৰ্ক এটাৰ পৰা ওলাই অহাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা যায়৷ তদুপৰি নিজে মানসিকভাবে সুস্থ আৰু চাপমুক্ত হ’লেহে সন্তানকো ঘৰখনত এটা ভাল পৰিবেশ দিব পাৰি৷ সেয়ে সন্তানৰ অভিভাৱক সদায় মানসিকভাবে সুস্থ হৈ থকাটো প্ৰয়োজনীয়৷

ব্যক্তি এজনৰ কথা-বতৰা, চিন্তা-চৰ্চা তথা জীৱনশৈলীয়ে তেওঁৰ ব্যক্তিত্ব নিৰূপণ কৰে৷ বাহ্যিক ৰূপটো দেখি অনুমান কৰি লোৱাৰ দৰে ব্যক্তিজন প্ৰকৃততে নহ’বও পাৰে৷ সমাজে বেয়া বুলি অৱহেলা কৰা মানুহজনৰো মনত ক্ষোভ থাকিব পাৰে৷ সামান্য মৰম, সামান্য ভৰষাই মানুহজনৰ ভিতৰত থকা ভালখিনি উলিয়াই যে আনিব পাৰি সেয়া দেখিলো আমিৰ খানে অভিনয় কৰা ‘শক্তি কুমাৰ’ নামৰ চৰিত্ৰটোত৷ সমাজ, আদালতে, চৰিত্ৰহীন বুলি মোহৰ মাৰি দিয়াৰ পাছত সমাজত পদে পদে অৱহেলা, অৱজ্ঞা আৰু অসন্মান পোৱা শক্তি কুমাৰে পোন্ধৰ বছৰীয়া, নিজকে প্ৰতিষ্ঠা কৰিবলৈ উদ্বাউল হৈ থকা অকলশৰীয়া এগৰাকী উঠন গাভৰু পাইও এগৰাকী মৰমিয়াল অভিভাৱকৰ দৰে ইনচিয়াৰ বাবে অচিনাকি মুম্বাই চহৰত ছাঁটোৰ দৰে লাগি থাকিল৷ অহৰহ তাইক উৎসাহ দিয়া, তাইৰ বাবেই নিজে ঘোৰ শত্ৰু জ্ঞান কৰা নিজৰ পত্নীৰ উকীলৰ শৰণাপন্ন হোৱা আদি চাই ভাল লাগিল৷ সেই একেটা চৰিত্ৰ অৰ্থাৎ শক্তি কুমা্ৰৰ মাজেৰে দৰ্শকক দিয়া হাস্যৰসেও ছবিখন ভাল লগা কৰিলে৷

ছবিখনৰ আন এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ হ’ল ফাৰুক, ইনচিয়াৰ পিতৃ৷ তেওঁক ছবিখনৰ খলনায়ক আখ্যা দিব পাৰি৷ তেওঁৰ দৰে শতিকা পুৰণি পুৰুষতান্ত্ৰিক মানসিকতাৰ ব্যক্তি এতিয়াও তেনেই সুলভ আমাৰ সমাজত৷ ছবিখনত মাতৃ আৰু সন্তানৰ সম্পৰ্কটোৰ গুৰুত্ব সূক্ষ্মভাবে অনুভৱ কৰাইছে৷ ছবিখনৰ এটা দৃশ্যত ইনচিয়াই যেতিয়া মুম্বাইলৈ গান শিকিবলৈ যাব খুজি মাক নাজমাক জোৰ কৰে তেতিয়া কৈছিল যিহেতু দেউতাকে গুড্ডু অৰ্থাৎ তাইৰ ভায়েককহে ভাল পায়, সেয়ে গুড্ডুক দেউতাকৰ লগত এৰি থৈ সিহঁত মাক-জীয়েকে এটা ভাল আৰু মুক্ত জীৱন বিচাৰি গুছি যোৱা উচিত৷ তেতিয়া নাজমাই কৈছিল যে গুড্ডুক দেউতাকৰ লগত এৰি থৈ গ’লে সিও এটা সময়ত দেউতাকৰ দৰেই অত্যাচাৰী আৰু নীচ মানসিকতাৰ মানুহত পৰিণত হ’বগৈ৷ কিমান দুৰদৰ্শিতা আৰু পৰিপক্বতা চিন্তাৰ! আমাৰ সমাজত প্ৰায় ঘৰে ঘৰে একোজনী নাজমা আছে৷ এটা সমীক্ষামতে ভাৰতত সত্তৰ শতাংশ মহিলা গৃহ হিংসাৰ বলি হয়৷ বেছিভাগে সেইয়াকে ভাগ্য বুলি চকু মুদা কুলিৰ ভাও ধৰি নিজৰ ওপৰত হোৱা শাৰীৰিক, মানসিক অত্যাচাৰ সহি জীৱনটো কটাই দিয়ে৷ দেখি, শুনি বা ডাঙৰৰ আজ্ঞা পালন কৰি সেই মনোভাৱ নিজৰ জীয়ৰী-বোৱাৰীলৈ সংক্ৰমিত হয়৷ তেনেকুৱা নাৰীক এইখন ছবিয়ে পথ প্ৰদৰ্শন কৰিছে৷ নাৰী সাহসী হওক, প্ৰতিবাদ কৰিবলৈ শিকক৷ ইনচিয়াৰ দৰে নিজৰ ভিতৰত থকা প্ৰতিভা বিকাশ কৰি মুক্ত আকাশৰ তলত উশাহ ল’বলৈ শিকক৷ নিজকে সদায় ’ভুক্তভোগী’ সজাই সহানুভূতি বিচাৰিবলৈ এৰি নিজকে অকল ’মানুহ’ বুলি গণ্য কৰক, নিজৰ বিজয়ৰ পথ নিজে বিচাৰি লওক!
■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!