চিঠি (মনোহৰ দত্ত)


প্ৰতি,
বিকাশ দাস, বাঙ্গালুৰু|
মৰমৰ বিকাশ,
মৰম লবা|আশকৰো কুশলে আছা| আজি মে দিৱস উপলক্ষে মে দিৱস সম্বন্ধে উইকিপেডিয়াৰ পৰা অনুদিত এটি লেখাৰে তোমালৈ এই চিঠি লিখিলো|

আন্তর্জাতিক শ্রমিক দিৱস (মে দিৱস নামেৰেও পৰিচিত), মে মাহৰ প্রথম দিনটোতেই পৃথিবীৰ বহু দেশত এই দিৱস পালিত হয়। কিছুমান দেশে মে দিৱসক শ্ৰমিক দিৱস হিচাপেও পালন কৰে। এই দিনটো চৰকাৰী ভাবে ছুটি্ৰ দিন। ১৮৮৬ চনৰ ১ম মেত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰৰ হে-মার্কেটত ৮ ঘণ্টা শ্রমদিনৰ দাবীত আন্দোলন কৰা শ্রমিকৰ ওপৰত গুলি চলোৱাত ১১ জন ছহিদ হয়। পিছে যুক্তরাষ্ট্র বা কানাডাত এইদিন পালন কৰা নহয়। ইয়াৰ উপৰিও এইদিনটোৰ আন কিছু ঘটনা আছে যিবোৰ আঞ্চলিক ভাবে হয়তো পালন কৰা হয়।
আগতে শ্রমিকসকলে অমানুষিক পৰিশ্রম কৰিব লাগিছিল, প্রতিদিনে গড়ে প্রায় ১০-ৰ পৰা ১২ ঘণ্টা আৰু সপ্তাহত ৬ দিন কাম কৰিছিল। বিপৰীতে নগণ্য পাৰিশ্ৰমিক বা মজুৰি পাইছিল, শ্রমিকসকলে অতি অমানৱীয় জীবনযাপন কৰিছিল, ক্ষেত্রবিশেষে সেইটো দাসবৃত্তিৰ পর্যায়ত পৰিছিল। ১৮৮৪ চনত যুক্তরৰাষ্ট্রৰ চিকাগো নগৰত এদল শ্রমিকে দৈনিক ৮ ঘণ্টা কামৰ নিয়ম কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰে, আৰু তেঁওলোকৰ এই দাবী কার্যকৰী কৰাৰ বাবে তেঁওলোকে সময় বান্ধি দিয়ে ১৮৮৬ চনৰ ১-মে। কিন্তু কাৰখানাৰ মালিকসকলে এই দাবী মানি নললে| ১৮৮৬ চনৰ ৪ মেৰ সন্ধিয়া সামান্য বৰষুণৰ মাজত চিকাগো্ নগৰৰ হে-মার্কেট নামৰ এক বাণিজ্যিক এলেকাত শ্রমিকসকল শোভাযাত্ৰা কৰাৰ উদ্দেশ্যে গোট খায়| তেঁওলোকে ১৮৭২ চনত কানাডাত অনুষ্ঠিত এক বিশাল শ্রমিক শোভাযাত্রাৰ সাফল্যত উদ্বুদ্ধ হৈ এনে কৰিছিল| আগস্ট স্পীজ নামৰ এজন নেতাই উপস্থিত শ্রমিকসকলৰ উদ্দেশ্যে কিছু কথা কৈছিল| হঠাত্‍ দূৰৈত ৰৈ থকা পুলিচ দলৰ ওচৰত এটা বোমাৰ বিষ্ফোৰণ ঘটে আৰু এজন পুলিচ নিহত হয়। পুলিচবাহিনীয়ে তত্‍ক্ষণাত শ্রমিকসকলৰ ওপৰত অতর্কিতে আক্ৰমণ আৰম্ভ কৰে আৰু ই এক গণ-হত্যাৰ ৰূপ লয়, ত ১১ জন শ্রমিক ছহিদ হয়। পুলিচক হত্যা কৰাৰ দোষত আগস্ট স্পীজ সহ আঠজনক অভিযুক্ত কৰা হয়। এক প্রহসনমূলক বিচাৰৰ পিছত ১৮৮৭ চনৰ ১১ নভেম্বৰ তাৰিখে উন্মুক্ত স্থানত ৬ জনক ফাঁচী দিয়া হয়। লুইস লিং নামৰ এজনে ফাঁচীৰ এদিন আগতে কাৰাগাৰৰ ভিতৰতেই আত্মহত্যা কৰে, অন্যএজনৰ পোন্ধৰ বছৰৰ কাৰাদন্ড হয়। ফাঁচীৰ মঞ্চত উঠাৰ আগতে আগস্ট স্পীজে কৈছিল, “আজি আমাৰ এই নি:শব্দতা, তোমালোকৰ কোলাহতকৈ অপেক্ষিক ভাবে অধিক শক্তিশালী ব”। ২৬ জুন, ১৮৯৩ তাৰিখে ইলিনয়ৰ গভর্ণৰে অভিযুক্ত আঠজনকেই নিৰপরৰাধী বুলি ঘোষণা দিয়ে, আৰু হত্যালীলাৰ হুকুম প্রদানকাৰী পুলিচ কামাণ্ডাৰ জনক দুর্নীতিৰ দোষত অভিযুক্ত কৰে। আৰু আনপিনে অজ্ঞাত সেই বোমা বিস্ফোৰণকাৰীৰ পৰিচয় কেতিয়াও প্রকাশিত নহ|
শেষ পর্যন্ত শ্রমিকসকলৰ “দৈনিক আঠ ঘণ্টা কাম কৰাৰ” দাবীয়ে প্ৰশাসনিক স্বীকৃতি পায়। আৰু পহিলা মে বা মে দিৱসে প্রতিষ্ঠা লাভ কৰে- শ্রমিকসকলৰ দাবী আদায়ৰ দিন হিচাপে, পৃথিবীব্যাপী আজিও সেই দিৱস পালিত হয়।”

এই চিঠিৰে শ্ৰমিক দিৱসলৈ শ্ৰদ্ধা নিবেদি আজিলৈ সামৰিছো|
ওপৰৰ লিখনিৰ লিঙ্কটো হল : আন্তর্জাতিক শ্রমিক দিবস – উইকিপিডিয়া – প্রধান পাতা – Wikipedia
ইতি
তোমাৰ দাদা
মনোহৰ দত্ত
নলবাৰী|
০১ মে২০১২

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!