চিতল বিলাহীৰ গ্ৰেভীঃ বন্দিতা গগৈ বৰা

চিতল মাছ মোৰ বৰ প্ৰিয়৷ বহুধৰণেই চিতল মাছ ৰান্ধিব পাৰি, মই আজি উল্লেখ কৰিবলৈ লোৱা পদ্ধতিৰেহে চিতল ৰান্ধি আৰু খাই ভালপাওঁ৷ মই এই ৰন্ধনক ’চিতল মনপচন্দ’ বুলিয়েই সাধাৰণতে কওঁ৷ আপোনালোকেওঁ এনেকৈ ৰান্ধি চাবচোন৷

উপকৰণঃ দুজনৰ বাবে,
চিতল মাছ- ডাঙৰ ছাইজৰ দুপিছ
পিয়াজ- মজলীয়া আকাৰৰ তিনিটা, পেষ্ট কৰি লোৱা৷
নহৰু- দুফুটা(পিয়াজৰ লগত একেলগে পেষ্ট কৰি লোৱা)
বিলাহী- মধ্যমীয়া আকাৰৰ এটা, পেষ্ট কৰি লোৱা৷
জিৰাগুৰি- আন্দাজমতে
জলকীয়া গুড়ি- আন্দাজমতে
মিট মচলা- আন্দাজমতে
হালধি- আন্দাজমতে
নিমখ- আন্দাজমতে
মিঠাতেল- মাছ ভজাৰ জোখত
চেনি- অকণমান৷
ধনীয়াপাত- সজাবৰ বাবে৷

ৰন্ধন প্ৰণালী- মাছ দুটুকুৰা ভালকৈ ধুই, নিমখ -হালধি সানি ভাজি লব৷ সেই তেলতে (প্ৰয়োজন হ’লে তেল দিব)পিয়াজ-নহৰুৰ পেষ্টটো ভালদৰে ভাজক৷ এটা কথা মন কৰিব পিয়াঁজ-নহৰুৰ পেষ্টটো কম জুইত লৰাই-লৰাই ভালদৰে ভাজিব লাগিব৷ যিমানেই ভালকৈ ভাজিব জোলকণৰ ৰং আৰু সোৱাদো অপূৰ্ব হ’ব৷ পিয়াজ পেষ্ট ভালদৰে ভজা হ’লে বিলাহীৰ পেষ্টটো দি পুনঃ অলপ সময় ভালদৰে ভাজিব৷ বিলাহীৰ কেঁচা ভাৱ যাতে একেবাৰেই নাথাকে মন কৰিব৷ তেল বিৰিঙি উঠিব ভাজি থাকোতে, এইসময়তে এচিকুট চেনি আৰু আন্দাজমতে নিমখ দিব৷ ইতিমধ্যে এটা বাটিত হালধিগুড়ি, জলকীয়াৰ গুড়ি(যিমান জ্বলা ভালপায় সেই অনুসৰি), জিৰাগুড়ি, মিটমচলা অকণমান কুহুমীয়া পানীত গুলি লৈ ভজা হোৱা পিয়াঁজ-বিলাহীৰ ওপৰত ঢালি অলপ সময় লৰাই লৰাই ভাজিব৷ এতিয়া লাগি-লাগি ধৰা যেন হওঁতেই জোলকণ ডাঠ হোৱা জোখাৰে গৰমপানী দিব৷ উতল আহিলে মাছ দুটুকুৰা দি, ঘন হোৱালৈ উতলিবলৈ দি, ধনীয়াপাতেৰে সজাই গৰমে-গৰমে ভাতৰ লগত পৰিবেশন কৰক৷ জ্বলা-মিঠা-টেঙা সোৱাদৰ এক সোৱাদ উপভোগ কৰক৷

☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!