চিত্ৰ কৰ্ম (সুজিত দাস)

চিত্ৰ কৰ্ম

সুজিত দাস

 

দুৰ্গা (২০০৫)

দুৰ্গা: দশভূজা দুৰ্গাই অসুৰক বধ কৰা এটি দৃশ্য। ৭/৪.৫ ফুট আকাৰৰ বৃহৎ কেনভাচত অংকন কৰা হৈছিল এই পেইন্টিংখনি।সাম্প্ৰতিক পৰিস্থিতিত নাৰীশক্তিক এক শক্তিশালী আধাৰ ৰূপে উপস্থাপন কৰাৰ এক প্ৰয়াস।

 

 

সূৰ্যকথা (২০০৫)

সূৰ্যকথা: অসমৰ বিশিষ্ট কবি ডঃ প্ৰয়াগ শইকীয়াৰ ‘সূৰ্যকথা’ নামৰ কবিতাপুথিৰ বেটুপাত।

 

 

লাইফ (২০০৪)

লাইফ: এখন পুৰণি পকী বেৰত চেলুটেপ দি লগাই ৰখা হিন্দুস্তান টাইমচ্ নামৰ বাতৰি কাকতত আশ্ৰয় লোৱা কেইটামান পইতাচোৰাৰ জীৱ্ন শৈলী প্ৰকাশ পাইছে।

 

 

নিউ ৱাৰ ৫ (২০০৮)

নিউ ৱাৰ ৫: ইয়াত মুকলি মনৰ চিন্তা আৰু বিশ্ব-ব্ৰহ্মাণ্ডৰ পৰিক্ৰমা তথা যান্ত্ৰিক পৃথিৱীৰ ছবি এখন উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে।

 

 

মৃতকল্প (২০১০)

মৃতকল্প: এই ছবিত আধুনিক যান্ত্ৰিক মানুহৰ চিন্তা-ভাৱনা আৰু সলনি হৈ থকা নানা ৰঙৰ মেল মুখমণ্ডলত প্ৰকাশ পাইছে।

 

 

আনটাইটেল দুই (২০১০)

আনটাইটেল টু: সমাজত প্ৰচলিত ধাৰ্মিক গোড়ামি আৰু অন্ধবিশ্বাসৰ প্ৰতিফলন এই ছবিত প্ৰকাশ পাইছে।

 

 

ৰিদম্ অব্ মিউজিক (২০১০)

ৰিদম্ অব্ মিউজিক: প্ৰকৃতিৰ লগত মানুহৰ আত্মিক সম্পৰ্কক এই ছবিত প্ৰস্ফূটিত কৰা হৈছে। গ্ৰহণকালীন প্ৰাকৃতিক অবয়বক ইয়াত উজলাই তোলা হৈছে।

 

One thought on “চিত্ৰ কৰ্ম (সুজিত দাস)

  • October 30, 2012 at 3:42 pm
    Permalink

    অতি মনোমোহা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!