চিৰনমস্য মামণি বাইদেউলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি (সন্ধ্যা বেজবৰুৱা)

চিৰনমস্য মামণি বাইদেউলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি…….

–   সন্ধ্যা বেজবৰুৱা

“তুমি মহীয়সী

তুমি এপাহি শুভ্ৰ শেৱালি

সাহিত্যৰ মণিকূটত বিজয়ী,

হাঁহিৰ ফুলেৰে

জীৱনৰ কৰণি ভৰাই

গঢ়িছিলা সুন্দৰৰ সেন্দুৰীয়া আলি ।

তুমি গুচি গ’লা

এৰি থৈ গ’লা মাথোঁ আমাৰ বাবে

তোমাৰ অমূল্য সাহিত্য সম্ভাৰ ।

অনন্ত ধামত তুমি শান্তিৰে থাকা,

অসমবাসীলৈ তোমাৰ আশিষ বিলাই দিয়া ।”

 

মামণি বাইদেউ, তোমাৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ ।তুমি আমাৰ বাবে হৈ ৰোৱা তৰালিৰে বুটাবছা নীলাকাশৰ দৰে একোখনি চন্দ্ৰতাপ । তোমাৰ সৃষ্টি আমাৰ মাজত, আমাৰ অন্তৰত সদাস্মৰণীয় হৈ ৰ’ব ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!