চি ইউ ইন দা মাৰ্কেট (দেৱব্ৰত গগৈ)

চি ইউ ইন দা মাৰ্কেট (দেৱব্ৰত গগৈ)

কম্পেনীৰ চাকৰি কৰি থকাৰ দিনৰ কথা । চাকৰিবোৰ কৰি সুখ নালাগে সেইবাবে বেলেগ বেলেগ কম্পেনীত সাক্ষাৎকাৰ দি থাকো চাকৰিৰ বাবে । এবাৰ তেনে এটা সাক্ষাৎকাৰত মোক কম্পিউটাৰ এটা বেচিবলৈ কলে । মানে মাৰ্কেটিংৰ ভাষাত ‘ৰোল প্লে’ কৰিবলৈ ক’লে । ইফালে চাকৰি কৰি কৰি আমনি লাগিছে লগতে সাক্ষাৎকাৰ দি দিওঁ আমনি লাগিছে । সাক্ষাৎকাৰবোৰত একেবোৰ প্ৰশ্নৰ উত্তৰ দি দি আৰু বেছি আমনি লাগিছে । ক’ৰবাত যদি কলম বেচি দেখুৱাব লাগে, ক’ৰবাত চোলা আৰু আজি ইয়াত কম্পিউটাৰ । মোৰ ঘপহকৈ কিনো হ’ল কব নোৱাৰোঁ আৰু হঠাৎ কৈ দিলো — “ Sir , I am not in a mood to sale anything ”  সাক্ষাৎকাৰ লৈ থকা কোম্পানীৰ মানুহটোৱে মোৰ মুখলৈ অলপ চাই, ফাইলত সোমাই থকা মোৰ বায়’ডাটাখন মোলৈ প্ৰায় দলি মাৰি দিয়াৰ দৰে দিলে আৰু খঙতে কিবাকিবি অলপ শুনালে । মই নিৰ্বিকাৰ হৈ কোঠাটোৰ পৰা যাবলৈ ওলালো । মানুহটোৱে মোক পিছফালৰ পৰা কলে – “ Debabrot , see you in the market !” মই মাথো কলো — “ off course”.

প্ৰায় ছমাহমানৰ পাছৰ কথা । নতুনকৈ বজাৰত উলিওৱা এথলন প্ৰছেচৰৰ বজাৰ উন্নীতকৰণৰ সভা এখন আয়োজন কৰিছিল নিৰ্মাতা কোম্পানীয়ে । ৰাতিলৈ অভিজাত হোটেল এখনত ভোজৰ আয়োজন কৰিছিল ৰঙীন পানীয়সহ । বিনামূলীয়া এনে ভোজনত ডিলাৰ ড্ৰিছটিবিউটৰ আৰু কোম্পানীৰ মানুহৰ উজান আহে । আমিবোৰও সেইবোৰৰ মাজৰে আছিলো । চিকেন ললিপপ আৰু ৰঙীন পানীয়ৰ গিলাচটো লৈ আমি দুটামানে কথাৰ মহলা মাৰি আছিলো, এনেতে পিছফালৰ পৰা এজনে মাত লগালে “ Excuse me , I am Mr. ……” এইবুলি নিজৰ বেপাৰী পৰিচয় থকা কাৰ্ডখন আমাৰ ফালে আগবঢ়াই দিলে মানুহটোৱে । আৰে এওঁ দেখোন সেইজন । মোক মাৰ্কেটত চাবলৈ বিচৰাজন । তেওঁ মোলৈ চাই কলে — yaa , somewhere I met you …..” মইও মোৰ বেপাৰী পৰিচয় থকা কাৰ্ডখন মানুহটোক দি কলো – “ Atlast you see me in the market” . এবাৰ মোৰ কাৰ্ডখন আৰু এবাৰ মোলৈ চাই মানুহটো লাহে লাহে আঁতৰি গল । প্ৰত্যাহ্বান এটা তেনেকৈ ৰাখিবলৈ পাই মোৰ মনটো বিৰাট ভাল লাগিল । মানুহৰ মাজে মাজে ঘুৰি ফুৰা হোটেলৰ আলধৰাটোক চিঞৰি কলো — “ One large” .

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!