চুকাফাৰ নাঙল –অঞ্জনকৃষ্ণ শৰ্মা

চুকাফাৰ এটা নাঙল আছিল,
হেংদাঙতকৈও চুকাফাই
নাঙলটো ভাল পাইছিল।
চুকাফাই প্ৰজাক
শালিখেতি শিকাইছিল,
পৰিত্যক্ত গেৰেকনিত
ধানৰ গোছা দেখি
প্ৰজাই বিচুৰ্তি খাইছিল।
শালিখেতিৰে সমৃদ্ধি আনি
চুকাফাই বৰ অসম গঢ়িছিল,
হেংদাঙতকৈ চুকাফাই
নাঙল বেছি ভাল পাইছিল ।
চুকাফাৰ নাঙলটো
চুকাফাৰ বিবেক!
চুকাফাই জানিছিল
কেৱল হেংদাঙেৰে
গঢ়িব নোৱাৰি দেশ!

(বি:দ্ৰঃ বুৰঞ্জীমতে পূৰ্বে অসমত কেৱল আহুখেতিৰহে প্ৰচলন আছিল, চুকাফাইহে শালিখেতি প্ৰৱৰ্তন কৰিছিল। )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!