চেঁচাপানী গাঁৱৰ বিননি – নাছিৰ আহমেদ

চেঁচাপানী গাঁওখন ডুব গ’ল
নিঠুৰ আই নদীৰ বুকুত৷
ৰাক্ষসিনী আই নদীয়ে
চেঁচাপানী গাঁওখন গিলি গিলি নিঃশেষ কৰিলে;
গাওঁখনত এতিয়া শোক-স্তব্ধ বিননি!
সোণপাহি-জেৰিণাহঁত আই নদীৰ স’তে
যুঁজি যুঁজি মৰি মৰি জী উঠিল;
এতিয়া মাটিৰাম-কামালৰ পথাৰত এবুকু পানী,
অতি মৰমৰ সোণগুটি সমূহ শুকাই শুকাই মৰহি গ’ল!
ৰফিক-অঞ্জন হতঁৰ পথাৰত পাহাৰ-সম বালিৰ দম! তাতে গজি উঠিছে কাঁইটীয়া জোপোহা বন!

এতিয়া চেঁচাপানী গাঁৱত শ্মশানৰ কৰুণ নীৰৱতা!
কণকণ মইনাহতঁৰ মৃতদেহক সাৱটি ধৰি
সবে হুৰাৰাওকৈ কান্দিছে;
সমাধিস্থ কৰিবলৈ ইয়াত এচপৰা মাটিৰো অভাৱ!

চেঁচাপানী গাঁৱত শোকৰ বিননি!
চেঁচাপানী গাঁৱত শোকৰ বিননি!

  ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!